পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৩৯ )

আত্ম-নিবেদন।

চবি।

ভগবন্ত দেবে যিতো,   দেহ নিবেদিল সিতো,
 কৃষ্ণৰ কৃপাৰ পাত্ৰ হোৱে।
ধৰ্ম্ম অৰ্থ কাম মোক্ষ,  সিতো পুৰুষক সদা,
 স্তুতি কৰি নম্ৰ হুয়া ৰৱে॥ ৭২৩
যেন গৰু দিয়া দান,  তাত তেজে অভিমান,
 পোষণ পালন বিষয়ত।
সেহি মতে ভগৱন্তে,   দেহক নিবেদি ভক্তে,
 নিশ্চিন্ত হোৱয় সংসাৰত॥ ৭২৪
সৰ্ব্ব কৰ্ম্ম পৰিহৰি,   আমাত নিবেদে দেহ,
 যি কালত বিচক্ষণ নৰে।
তেতিক্ষণে হোৱে ইষ্ট,  আমাৰ সমান সিতো,
 ঐশ্চৰ্য্যক পায়া ভব তৰে॥ ৭২৫
যদি বোলা কৰ্ম্ম তেজি,   আত্ম নিবেদন শ্ৰেষ্ঠ,
 কৰ্ম্ম বিধি হোৱয় বিনাশ।
ইহাৰ উত্তৰ শুনা,  শ্ৰীমন্ত প্ৰহলাদ বাক্যে,
 কৰ্ম্ম ধৰ্ম্ম তেজিয়া বিনাশ॥ ৭২৬
ধৰ্ম্ম অৰ্থ কাম ইতো,  ত্ৰিবৰ্গ কহিছে বেদে,
 তাহাৰ সাধন আছে যত।