পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৫৪ )

তান পাশে গৈয়া,  স্তুতি নতি কৰি,
 সাধিয়ো আপুন হিত॥ ৭৯৫
ঈশ্বৰৰ বাণী, শুনিয়া দুৰ্ব্বাসা,
 তেখনে লৰিয়া গৈলা।
চৰণত পৰি, অপৰাধ মাগি,
 তুতি কৰিবাক লৈলা॥ ৭৯৬
অম্বৰিষ ৰাই,  দুৰ্ব্বাসাক পাই,
 চক্ৰক কৰিলা স্তুতি।
অপৰাধ মাগি, দুৰ্ব্বাসাক ৰাখি
 ভুঞ্জাইলা কৰি ভকতি॥ ৭৯৭
কৰিয়া ভোজন,  স্বস্ত কৰি মন,
 আশীৰ্ব্বাদ কৰিলন্ত।
ধন্য ৰাজা বুলি,  ঋষি হাত তুলি,
 সাদৰি লৰি গৈলন্ত॥ ৭৯৮
শুনা সাধুগণ,   কৰিয়া যতন,
 ইতো কথা বিপৰিত॥
সাধুৰ দ্ৰোহক,  তেজিয়ো সততে,
 যদি চাৱা আত্মহিত॥ ৭৯৯
সন্তক গোবিন্দে, ৰাখন্ত সদাই,
 হাতে ধৰি চক্ৰ গদা।