পৃষ্ঠা:ঘোষাৰত্ন.djvu/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৮৭)

বিভু প্ৰভু কমলা নায়ক বনমালী।
গোবৰ্দ্ধনধাৰী হৰি মহাবলশালী॥৩৯৫
তজু নিজ দাসৰ সঙ্গতি দিয়া হৰি।
যেন অহৰ্নিশে থাকো তজু নাম স্মৰি॥
তোমাৰ নামৰ অন্ত অনন্তো নপান্ত।
সহস্ৰ বদনে নিতে নব নব গান্ত॥ ৩৯৬
কি মতে ধৰিবো নাম মঞি পাপী মন্দ।
একে মুখে মোৰ আৰ নুগুছে আনন্দ॥
তথাপি নেৰিবো নাম কৰিছো ভাৰসা।
সন্তৰ সঙ্গতি দিয়া পূৰা মোৰ আশা॥৩৯৭
শুনা সদা ঘোষা-ৰত্ন কৃষ্ণৰ চৰিত্ৰ।
কলি যুগে আত পৰে নাহি আন হিত॥ .
ইতো ঘোৰ কলিযুগে আন ধৰ্ম্ম নাই।
সৰ্ব্ব ধৰ্ম্মে থাকয় নামৰ মুখ চাই॥৩৯৮
হেন জানি কৰ্ম্ম-ধৰ্ম্ম-গৰ্ব্ব দূৰে থৈয়া।
কেবল কৃষ্ণৰ নাম সন্ত সঙ্গে লৈয়া॥
কহয় গোপাল মিশ্ৰে কৃষ্ণ হৰি ৰাম।
উচ্চ কৰি মুখ ভৰি বোলা ৰাম ৰাম॥৩৯৯