পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কিন্তু কৃপা কৰা কৃষ্ণ দেব,   প্ৰাণ কৃষ্ণ দেব,
  তুমি মোৰ গতি মতি।
ভকত বৎসল,   নাম ধৰি আছা,
 নেৰিবা মোক সম্প্ৰতি॥৫৯৮
অগতিৰ গতি দামোদৰ,   তুমি দামোদৰ,
  জীবৰ নিজ শৰণ।
বিষয় বাসনা,   প্ৰভু দূৰ কৰা
 ভজিলোঁ ৰাঙ্গা চৰণ॥৫৯৯

কাকূতি।

তুমি কৃপাময় হৰা মোৰ ভয় হৰি এ,
মঞি মহামূঢ় ভকতিৰ নহোঁ পাত্ৰ।
কেবল কৃপালু গুণক সুমৰি হৰি এ,
পতিত পাবন নামক সুমৰোঁ মাত্ৰ॥৬০০
তোমাৰ ভকতি তেজিয়া কুমতি হৰি এ,
সংসাৰ গৰ্ত্তত পৰি আছোঁ চিৰকাল।
এভো কৃপা কৰা মোৰ বুলি ধৰা হৰি এ,
কতনো নিকাৰ দেখিছা বন্ধু গোপাল ৰামৰাম॥৬০১
তোমাৰ মায়ায়ে মোৰ শিৰে চৰি হৰি এ,
তোমাৰ কটাক্ষে লভিয়া নৃত্য কৰয় ৰাম ৰাম।