পৃষ্ঠা:ঘোষাৰত্ন.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঘোষা ৰত্ন।

শ্ৰীকৃষ্ণায় নমঃ।

লেচাড়ি।

জয় জয় কৃষ্ণ দামোদৰ,  তুমি কল্পতৰু ভকতৰ,
 শৰণ পসিলোঁ তজু পাদপদ্মে আমি।
হৃদয় কমলে পদ খৱা,  মোক দাস বুলি লিখি লৱা,
 সত্যে সত্যে তজু দাস ভৈলোঁ আমি স্বামী॥১
সত্য শুব্ধ সান্ত বিপ্ৰ তনু,  গৌৰ পাপহৰ দেখাই পুনু
 জীৱৰ স্বৰূপ দেখাইলা মহা যতনে।
হেন তনু চিন্তা নিৰন্তৰে,  মহাসুখদায় জগতৰে,
 তজু গুণ নাম গাইবোঁ কায়বাক্যমনে॥ ২
শ্ৰীমন্ত শঙ্কৰ শুভাশয়,  দামোদৰ যশ প্ৰকাশয়
 ভাগৱত ক্ষীৰ পয়োধিত গৈলা তল॥
বিৰোচিলা নানা পদচয়,  সংসাৰক যিতো নিস্তাৰয়
 দেখা দেখা নৰ ভকতিৰ কিনু বল। ৩