পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥৵৹

৺দামোদৰ দেৱ সম্বন্ধে লিখা যিবিলাক চৰিত্ৰ পুথি আমি দেখিছো প্ৰায় সকলোবিলাকতে ৺গোপাল মিশ্ৰৰ নাম দেখিবলৈ পাইছো। ৺কবিচন্দ্ৰৰ ৰচিত ভবিষ্যতকথা বা সন্তচৰিতৰ ৮৫।৮৬ পিঠিত, তেওঁৰ বিষয়ে এইদৰে উল্লেখ কৰিছে :-

“এহিমতে দামোদৰ,  হৰিনাম বেদসাৰ,
  বাহ্মণক উপদেশ দেন্ত।
শুনি দশো দিশে যত,  বিশিষ্ট ব্ৰাহ্মণ আছে,
  সবে সেহি থানক আসন্ত॥
হেন দেখি দামোদৰ,  দিলা হৰিনাম দান,
  ব্ৰাহ্মণক পৰম সাদৰে
পচে বুলিলন্ত বাণী,  দামোদৰ চক্ৰপাণি
  শুনা দ্বিজগণ নিৰন্তৰে॥
চাৰি দিশে চাৰিজন,   চলি যাহা দ্বিজগণ,
  আমাৰ বচন বৰ সাৰ।
আচৰিয়া সদাচাৰ,  ক্ষমাশীল হৈবা ধীৰ,
 সন্তধৰ্ম্ম কৰিবা প্ৰচাৰ॥
শুনা বংশীদেব তুমি,  পূৰ্ব্বদিশে চলিযাহা,
 উত্তৰ দিশত ভগৱান।
সন্তদেৱ দক্ষিণত,  বলদেৱ পশ্চিমত,
 হৈবা সবে মহন্ত প্ৰধান॥
ভটদেৱ দ্বিজবৰ,  মধ্য দেশে থাকা তুমি,
 ভাগৱত ধৰ্ম্ম প্ৰৱৰ্ত্তাই।
কপিল, গোপাল আদি,  বৈষ্ণৱ সকল থাকা,
 মধ্যে মধ্যে হৰিগুণ গাই।”