পৃষ্ঠা:ঘোষাৰত্ন.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৮০)

আকবৰ্ষাহোঁ যিতো আন,  এতেকেসে বেদে তান,
 সঙ্কৰ্ষণ নাম উচ্চাৰয়॥৩৬৩
কোনো দেশে কোনো কালে,  কোনো বস্তু সকাশত,
 যিহেতু থাকিবে নপাৰয়।
সমস্তকে ব্যাপি আছা,  ব্যাপ্যে যাতো নজানয়,
 এতেকেসে অনন্ত বোলয়॥৩৬৪
গন্ধৰ্ব্ব কিন্নৰ নাগ,  অপেস্বৰ সিদ্ধ মুনি,
 যাৰ অন্ত কদাপি নপাৱে।
এতেকে অনন্ত নাম,  ধৰি আছা কৃষ্ণো আসি,
 বেদেও অনন্ত বুলি কৱে॥৩৬৫
তপ বেদ ব্ৰহ্ম জ্ঞান,  সমস্তকে ব্যাপি হৰি,
 ব্ৰাহ্মণক বহুমান কৰা॥
যি হেতু সবাৰে হিত,  এতেকেসে হৰিদেব,
 ব্ৰহ্মণ্য নামক সদা ধৰা॥৩৬৬
হীৰণ্ময় ইতো জড়, ব্ৰহ্মাণ্ডক স্বগৰ্ভত,
 যি হেতু ধৰিছা মহা হৰি।
এতেকে হিৰণ্য গৰ্ভ,  নাম সদা প্ৰকটিয়া,
 বেদ গণে থাকে স্তুতি কৰি॥৩৬৭
সমস্ত জগত আমি,  আস্বাদন কৰি আছোঁ,
 যেন সূৰ্য্যে ৰশ্মিক প্ৰকাশি।