পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৸৶৹

লিখা। নামঘোষা যে শঙ্কৰদেৱ উঠাৰ পাচত লিখা তাক তলত লিখা ঘোষাৰ পৰাই ভালকৈ বুজিব পাৰি :-

“হৰি ভকতিৰ   পাতিলন্ত হাট,
  শঙ্কৰে জগত জুৰি।
ৰাম নামৰত্ন, বিকায়া জগতে,
 চলয় বৈকুণ্ঠপুৰী।”৩৭৪

 ৺ৰামচৰণ ঠাকুৰৰ চৰিত্ৰ মতে শঙ্কৰদেৱ শেষবাৰ বেহাৰলৈ যাওঁতে মাধৱদেৱৰ লগত গণককুচিত ৰাতি থাকি তেওঁক ঘোষা পুথি লিখিবলৈ উপদেশ দিয়ে আৰু সেই বছৰতে তেখেত গৈ বেহাৰত নৰতনু ত্যাগ কৰে অৰ্থাৎ ১৪৯০ শকত শঙ্কৰদেৱে মাধৱ দেৱক ঘোষা ৰচনা কৰিবলৈ অনুমতি কৰে;--

“পদ দোলড়ি ঝুনা চয়ৰ অৰ্থক।
ঝুমুৰি লেছাৰি, ছন্দ তাহাৰ বসক॥
নমস্কাৰ শৰণ ভজন অনুভূতা।
খলুনাম নাহৰ বাৰ, প্ৰশংসা দীক্ষিতা॥৯৯
নামৰ মহিমা যত কাৰণ আছয়।
ঘোষাৰ মাজত তাক দিবাহা নিশ্চয়॥
ইসব প্ৰমুখে যত আছয় পটল।
তোহ্মাৰ আগত তাক কহিলো সকল॥১০০
 * * * *
ঘোষাৰসমন্ত্ৰ দশ হাজাৰ শ্লোকৰ।
নাম কৰি লিখি থৈবা ভূমি তাসম্বাৰ॥”

 মাধৰ দেৱৰ নামঘোষা পুথি অসমীয়া সাহিত্য ভঁড়ালৰ এখনি উজ্জল ৰত্ন। মোৰ মুখে এই পুথিৰ প্ৰশংসা শুনি এজন উচ্চ কৰ্ম্মচাৰী