পৃষ্ঠা:ঘোষাৰত্ন.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৮)

কিবা তাঙ্কে ধ্যান,  সততে কৰোহোঁ
 যাক নাহি সমসৰ॥৭৯
ইতো শঙ্কা তোৰা,  নকৰিবা মনে
 ব্ৰহ্মা ধ্যান যোগ্য নুই।
যি হেতু বেদক,   পাসৰি থাকন্ত
 আপুনি মুহিত হুই॥ ৮০
ঈশ্বৰে জানিয়া,  মনত হাসিয়া,
 বেদক কৈলা বিস্তাৰ।
বিষয়ৰ সুখে,  মোৰ পুত্ৰ ব্ৰহ্মা,
 মোহ পাৱে বাৰম্বাৰ॥৮১
তথাপিতো তাঙ্ক, বেদ পঢ়াৱন্ত,
 হেন কৃপাময় হৰি।
তাহাঙ্ক বিনায়, কাহাৰ চৰণ,
 থাকিবো মনত স্মৰি॥ ৮২
যদি বোলা বহ্মা,  কাতো হন্তে বেদ,
 পঢ়িবাৰ নতু শুনি।
আৰু বোলা ব্ৰহ্মা,  বেদক পাসৰি,
 থাকন্ত মনত গুণি॥ ৮৩
ইতো শঙ্কাচয়,  তেজিয়ো নিশ্চয়,
 ব্ৰহ্মাকে পঢ়াইলা বেদ।