পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥৴৹

 কবি ৺জয়নাৰায়ণ দাসে গোপালমিশ্ৰৰ মাজুজন পুত্ৰ ৺লক্ষ্মীপতিৰ যি চৰিত্ৰ লেখি থৈ গৈছে তাৰপৰা দেখা যায় যে গোপালমিশ্ৰই প্ৰথমতে উলুবাড়ীত সত্ৰ পতি থাকে; তাৰ পাচত উলুবাড়ী সত্ৰ তেওঁৰ সৰু ভায়েক অনন্ত মিশ্ৰক দি, তেও গৈ খুদিয়াত সত্ৰ পাতিলে আৰু গোপালৰ ভাৰ্য্যাৰ নাম মাধপ্ৰিয়া আছিল। ৺লক্ষ্মীপতি চৰিত্ৰত এই দৰে লিখিছে:—

“পাচে গোপালদেৱ প্ৰভূ মহা ৰঙ্গ মনে।
উলুবাড়ী নামে সত্ৰ নিৰ্ম্মিলা তেখনে॥
উলুবাড়ী নামে সত্ৰ নাহি পটন্তৰ।
প্ৰথমতে তাতে থান ভৈলা গোপালৰ॥৫৯
তাতে বসি দামোদৰী ধৰ্ম্মক পালন্ত।
বাঢিলেক তেজ মহিমাৰ নাহি অন্ত॥
 * * * * *
শুনিয়োক সাধু সভাসদ নিৰন্তৰ।
আত অনন্তৰে কথা শুনা গোপালৰ॥
উলুবাড়ী সত্ৰত আছিলা কতো কাল।
খুদিয়াত সত্ৰ পাচে পাতিলা গোপাল॥৮৩
গোপালৰ কনিষ্ঠ অনন্ত মিশ্ৰ নাম।
ৰূপে গুণে ধৰ্ম্মে কৰ্ম্মে আতি অনুপাম॥
পৰম পণ্ডিত ধৰ্ম্মে কৰ্ম্মে দেখি ভাল।
উলুবাড়ী সত্ৰে তাঙ্ক থাপিলা গোপাল॥৮৪”