পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১২৮ )


পৰ্য্যুষিত তুলসীক,   পৰ্য্যুষিত গঙ্গাজল,
  নেতেজয় মহন্ত সকল॥৬৭২
ছয়মাস উপবাস,   দিয়া যিতো ফল পাৱে,
  সত্যাদি যুগত সাধুচয়।
কলি যুগে অল্পমাত্ৰ,   বিষ্ণু নৈবেদ্যক ভুঞ্জি,
  সাধু সবে সি ফল পাৱয়॥ ৬৭৩
বিষ্ণুৰ নৈবেদ্যচয়,   সুৰসিদ্ধে সাদৰয়,
  সমস্তকে পবিত্ৰ কৰয়।
অন্যদেব অবশেষ,   যদি ভুঞ্জে প্ৰমাদত,
  চান্দ্ৰায়ণ কৰিবে লাগয়॥৬৭৪

অৰ্চ্চন।

লেচাড়ি।

অৰ্চ্চন দুইবিধ গোবিন্দৰ,   সাধয় হৱয় একত্তৰ,
 ফলৰূপ এক সমস্ত শাস্ত্ৰে কহয়।
বৈকুণ্ঠত লক্ষ্মী নিজবনে,   গোবিন্দক পূজা অনুক্ষণে,
  ফলৰূপা এক সমস্ত শাস্ত্ৰে কহয়॥৬৭৫
দাসী সমে পদ্মবনে যাই,   কৃষ্ণক পূজন্ত লক্ষ্মী আই,
  সৰোবৰে বসি তুলসীৰ মালা দিয়া।