পৃষ্ঠা:ঘোষাৰত্ন.djvu/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৯৪)

হৰি হৰি হৰি হৰি ঘুষিয়ো সদাই।
হৰি বিনা সংসাৰত আন বন্ধু নাই॥৪২৫
হৰিসে হৰন্ত সংসাৰৰ যত দুখ।
হৰি হৰি ঘুষিয়া লভিযো মহাসুখ॥৪২৬

শ্ৰবণাদি ভক্তিৰ ভেদ।

লেচাড়ি।

শ্ৰবণ কীৰ্ত্তন আদি কৰি  নববিধ ভক্তি নবে ধৰি,
 সংসাৰ তৰয় সন্দেহ নাহিকে আত।
কিন্তু তিনি বিধ বিধি হান  ৰসতো হয় আতি ভিন,
 শ্ৰবণ কীৰ্ত্তন স্মৰণ মহা প্ৰখ্যাত॥৪২৭
ইহাক ইচ্ছায়ে যিতো নৰে,  সন্ত পদ ধূলি শিৰে ধৰে,
 শৰণ কালত নুহিকে বিধি কিঙ্কৰ।
কেবল সন্তৰ সঙ্গ ধৰি,  ধৰ্ম্ম জ্ঞান ভক্তি পৰিহৰি
 সপ্ৰেম ভকতি লভিবেক সিতো নৰে॥৪২৮
অৰ্চ্চন বন্দন পদসেৱা,  দাস ভাব হটো চাৰি বিধ,
 ভাগবতি ভক্তি বিধি সমে আচৰয়॥
যাৱত কথাৰ শ্ৰবণত, শ্ৰদ্ধা নুপজয় অবিৰত,
 কথাৰ বিৰধি যজিয়া বিধি তেজয়॥৪২৯