পৃষ্ঠা:ঘোষাৰত্ন.djvu/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬

নামে মহামন্ত্ৰ নামে তপ নামে ব্ৰত।
কলি যুগে নাম জপি পাপ কৰা হত॥৩৯০
নাম বিনা আন মন্ত্ৰে তেতিয়ো বিশ্বাস।
কৃষ্ণ নাম জপি বৈকুণ্ঠত লৈয়ো বাস॥
কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি।
বোল জিহ্বা কুকথাক দূৰে পৰিহৰি॥৩৯১
শুনা কৰ্ণ কৃষ্ণ কথা সাখ্যাতে অমৃত।
আপুনি হৈবেক হৰি হৃদয়ে বিদিত॥
হৃদয়ত লাগ পায়া কৃষ্ণ পাদ পদ্ম।
অনুভাবে ভজা মনে সৰ্ব্ব সুখ সদ্ম॥৩৯২
হৃদয় কমলে বসি দুৰ্ব্বাসনা হৰি।
আপুনি লৈবন্ত কৃষ্ণে নিজ দাস কৰি॥
হেন কৃষ্ণ সেবা তেজি অজ্ঞানী সকল।
বিষয়ক ভজি সংসাৰত যাই তল॥৩৯৩
হেন বন্ধু হৃদয়তে পায়া মঞি পাপ।
তথাপি সংসাৰে পৰি লভো মহাতাপ॥
ইবাৰ নেৰিবা মোক হে প্ৰাণ নাথ।
পাদ পদ্মে প্ৰণামো চৰণে থয়া মাথ॥৩৯৪
কৃষ্ণ ৰাম অনন্ত মুৰাৰি সনাতন।
গোপাল গোবিন্দ ৰাম নিত্য নিৰঞ্জন॥