পৃষ্ঠা:ঘোষাৰত্ন.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪)

গুৰু ব্ৰহ্মাদেৱ,  তাঙ্ক কৰোঁ সেৱ,
 গুৰু বিষ্ণু মহেশ্বৰ।
গুৰু পৰম ব্ৰহ্ম,  তাহান সমান
 নাহি পূজ্য জগতৰ॥ ১৩

লেচাৰি।

অজ্ঞান বিষক পান কৰি,  জীৱে স্বৰূপক পৰিহৰি
 নিদ্ৰাবিষ লাগি আপুনাক পাসৰয়।
জ্ঞানামৃত সিঞ্চি যিতো বৈদ্যে,  বিষমূৰ কৰিলন্ত সদ্যে
 হেন গুৰু পাৱে প্ৰণামো আমি নিশ্চয়॥ ১৪
অখণ্ড মণ্ডল সমসৰ,  প্ৰপঞ্চ হোৱয় নিৰন্তৰ
 তাক ব্যাপি আছাঁ পৰমাত্মা ভগৱন্ত।
হেনয় কৃষ্ণৰ স্বৰূপক,  যিতো গুৰু আসি বুজাৱন্ত
 তান পাদপদ্মে নমো মঞি অপৰ্য্যন্ত॥ ১৫
চাৰি আশ্ৰমীৰ ধৰ্ম্মচয়,  যেমনে সন্তোষ নকৰয়,
 গুৰুৰ সেৱাত তেমনে সন্তোষ পাঞো।
ভক্তিমন্ত যিতো গুৰু হয়,  সিতো মোক যাতো প্ৰকাশয়
 তাহান সেৱাক আমিয়ো কৰিবে চাঞো॥ ১৬
জ্ঞান দাতা গুৰু ভগৱন্ত,  তাঙ্ক নৰ বুলি যখানন্ত
 যিতো তাৰ বুদ্ধি কদাচিতো শুদ্ধ নয়।