সমললৈ যাওক

পৃষ্ঠা:ঘোষাৰত্ন.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিষয় এয়েহে যে অত দিনে এনে এখন পুথি সৰ্ব্বসাধাৰণৰ আগত ওলোৱা নাছিল। প্ৰকাশকে এই পুথি খনি প্ৰকাশ কৰি উলিওৱাত তেওঁ সকলো অসমীয়াৰে যে ধন্যবাদৰ পাত্ৰ হৈছে তাৰ সন্দেহ নাই। গোপাল মিশ্ৰ সম্বন্ধে আৰু একেষাৰ কথাকৈ এই পাতনিৰ আমি সামৰণি মাৰিম। গোপাল মিশ্ৰৰ উপাধি ‘কবিৰত্ন' আছিল; তেওঁ সৰ্বসাধাৰণৰ ওচৰত “খুদিয়াৰ কবিৰত্ন” বুলি খ্যাত আছিল। এই উপাধিৰ পৰাই বুজিব পাৰি যে তেওঁ সংস্কৃত ভাষাত এজন নাম জলা পণ্ডিত আছিল। তেওঁ ঘোষাৰত্নত যিবিলাক শাস্ত্ৰৰ নাম উল্লেখ কৰিছে যেনে, ব্ৰহ্মৰহস্য, পদ্মপুৰাণ, ব্ৰহ্মবৈৱৰ্ত্তপুৰাণ, বায়ুপুৰাণ, অগ্নিপুৰাণ, স্কন্দপুৰাণ, গীতা, ভাগৱত, বিষ্ণুধৰ্মোত্তৰ, ব্ৰহ্মাণ্ডপুৰাণ, গডপুৰাণ, তাৰ পৰাই তেওৰ বৈষ্ণৱ শাস্ত্ৰত কিমান পাণ্ডিত্য আছিল তাক সহজে অনুমান কৰিব পাৰি। তেওঁ যে এজন ডাঙ্গৰ পণ্ডিত হে আছিল এনে নহয়, তেওঁ এজন অসমীয়া সাহিত্যত প্ৰথম শ্ৰেণীৰ কবিও আছিল। আশা কৰোঁ অসমীয়া মানুহে তেওঁৰ স্মৃতিৰ আৰু কবিত্বৰ যথোচিত সমাদৰ কৰিব।

হেমচন্দ্ৰ গোস্বামী।