সমললৈ যাওক

পৃষ্ঠা:ঘোষাৰত্ন.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোৰ নাম সদা গাৱে,   মনত সন্তোষ পাৱে,
  অহৰ্নিশে মোক সেবে মাত্ৰ।
তাহাঙ্ক ভকতি দেঞো,   নেদু কদাচিতো মুক্তি,
  প্ৰেম ভকতিৰ সিতো পাত্ৰ॥২৮৬
হৰিৰ নামত পৰে,   আন পুণ্য নাহিকয়,
  তিনিয়ো লোকতে সাৰে সাৰ।
নামৰ কীৰ্ত্তন মাত্ৰে,   তাৰক ব্ৰহ্মক দেখি,
  সংসাৰ সাগৰে হোৱে পাৰ॥২৮৭
সত্যে সত্যে পুনৰুপি,   সত্য কৰি কহোঁ মঞি
  সত্য পূৰ্ব্ব ইতো বাক্যচয়।
নামত বিনায়ে আন,   নাহিকে তাৰক মাত্ৰ,
  চাৰি বেদে ইহাকে কহয়॥২৮৮

লেচাড়ি।

হে ৰাম তজু নাম বৰ,   তোমাত কৰিয়া শ্ৰেষ্ঠতৰ,
  নৰে গায়া তবে অপাৰ ভব সাগৰ।
সেতুবন্ধ তাৰা নকৰয়,   ৰাম ৰাম ৰাম উচ্চৰয়,
  তুমিয়ো নহৈলা ৰাম নাম পটন্তৰ॥২৮৯
ব্ৰহ্মৰহস্যত ব্ৰহ্মা কন্ত,   কৰ্ণধ্বজ ৰাজা শুনিলন্ত,
  সত্যে কহোঁ ৰাজা তুমি আত দিয়া মন