পৃষ্ঠা:ঘোষাৰত্ন.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৪ )

মহা মন্ত্ৰ পঢ়ি, আৰম্ভিলা যাক,
 ব্যাস মুনি আতিশয়॥১০৯
এতেক লক্ষণ, যাহাত আছয়,
 ভাগৱত বোলে তাক।
বিধি হৰ শুক,  নাৰদ কপিল,
 হুয়া সেৱে এক বাক॥১১০
এহিমতে নানা, গ্ৰন্থ মত আনি,
 শ্ৰীধৰ দেৱে সাক্ষাত।
পাষণ্ড সবৰ, মতক দূৰতে
 কৰিলা যিতো বিঘাত॥১১১
এতেকে ইহাক,   ভাগৱত বুলি,
 বিপৰীত শঙ্কা তেজা।
ইহাক শুনিয়া, কৃষ্ণৰ অভয়,
 চৰণ কমলে ভজা॥১১২
শুনা সভাসদ, ভাগৱত পদ,
 ইতো সৰ্ব্বাসাৰোদ্ধাৰ।
ইহাক শুনিয়া,  যম কৰণৰ,
 এৰায়ো মহানিকাৰ॥১১৩
অৱতাৰ হুয়া ব্যাস মহা ঋষি,
 নাৰদক গুৰু মানি।