পৃষ্ঠা:ঘোষাৰত্ন.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নামৰ হেনয় বল,   চিত্ত কৰে নিৰিমল,
  তাক আৰ কলি নৰাধয়॥৩১৭
কলি দুষ্ট সৰ্পে পাই,   বিষয় গয়াই যাই,
  যাহাৰ সবক শৰীৰত।
ৰাম নাম অমৃতত,   বিনে মন্ত্ৰ নাহিকয়,
 ইতো সৰ্ব্ব শাস্ত্ৰৰ সম্মত॥৩১৮
ৰাম হেন বৰ্ণ দুই   পৰম আদৰে স্মৰি,
  জন্তু সবে মুকুতি পাৱয়।
কলি যুক্ত পাপ আতি,   মনুষ্য শৰীৰে আন,
  ধৰ্ম্মে অধিকাৰ নুহিকয়॥৩১৯
নাম কীৰ্ত্তনত পৰে,   নাহিকে অপৰ লাভ,
  জীব সমস্তৰ সংসাৰত।
নামৰ কীৰ্ত্তন কৰি,   পৰম শান্তিক পাৱে,
  দুৰ্ঘোৰ সংসাৰ কৰে হত॥৩২০
মনুষ্য সবৰ মধ্যে,   তাহাকেসে ভাগ্য বুলি,
  সিতো কাৰ্য্য সাধিলে নিশ্চয়।
কলিযুগে হৰিনাম,   আনকো স্মৰাৱে যিতো,
 আপুনিও সততে স্মৰয়॥৩২১