পৃষ্ঠা:ঘোষাৰত্ন.djvu/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬৭)

বাসুদেব কীৰ্ত্তনেসে   পৰম মঙ্গল হোৱে,
  সমস্ত পাপক কৰে ক্ষয়।
আয়ুক বঢ়ায়া নেই,   ভক্তি মুক্তি সদা দেই,
  অহৰ্নিশে যাৰ উচ্চাৰয়॥৩০৫
ইহাকে মঙ্গল বোলে,   ধনাৰ্জ্জন আকে কৰে,
  জীবনৰো ফল এহিমানে।
কায় বাক্য মনে যিতো,   দামোদৰ উচ্চাৰয়,
  আত বিনা বস্তু নাহি আন॥৩০৬

লেচাড়ি।

চাৰি বেদ চাই বাৰম্বাৰ,   আনিলন্ত ব্ৰহ্মা সাৰে সাৰ,
  চাৰি বৰ্ণ আনি থৈলা নাম নাৰায়ণ।
তাকে গায়া কৰো শুদ্ধ চিত্ত,   হৰি সন্তোষৰ এহি বিত্ত,
  ধৰ্ম্ম কৰ্ম্ম নোহে হৰিৰ তোষ কাৰণ॥৩০৭
ক্ষুধা তৃষ্ণা দুঃখ পায়া যিতো,   কৃষ্ণৰ সততে নাম স্মৰে,
  মনুষ্যৰ মধ্যে সিতো মহা ভাগ্যৱন্ত।
কেশব তাহাৰ তুষ্ট হন্ত,   বিষ্ণু ধৰ্ম্মোত্তৰে আকে কন্ত,
  সিদ্ধ মুনি সবে প্ৰশংসা আকে কৰন্ত॥৩০৮
মন্ত্ৰ তন্ত্ৰ ছিদ্ৰ হৱে যত,   দেশ কাল পাত্ৰ নিয়মিত,
  সমস্তকে নাশে তোমাৰ নাম কীৰ্ত্তনে।