পৃষ্ঠা:ঘোষাৰত্ন.djvu/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৭৮)

চবি।

যি হেতু চৈতন্য রূপে,  সমস্তকে ব্যাপি আছা,
 সমস্তে বিষয় ভোগ কৰা।
নিৰন্তৰে যাতো হৰি,  সমস্তকে আছা ধৰি,
 এতেকে সে আত্মা নাম ধৰা॥৩৫৪
পৰমাত্মা মহা হৰি,  বীজ শক্তি সঙ্গে কৰি,
 প্ৰবেশি ৰহিলা চৰাচৰ।
এতেকে সে বিষ্ণু নাম,  ধৰি আছা কৃপাময়,
 ইতো শক্তি নাহিকে আনৰ॥৩৫৫
নজম্মিছো পূৰ্ব্বে আমি,  পুনু জন্ম নুহিবেক,
 অথনো নাহিকে জন্ম মোৰ।
এতেকে সে অজ নাম,  ধৰিয়া লোকত আমি,
 নিস্তৰোহো ইতত ভব ঘোৰ॥৩৫৬
পূৰ্ব্ব প্ৰলয়ত ইতো,  ধৰণী ভৈলেক নষ্ট,
 পাতাল তলত প্ৰবেশিলা।
তাহাঙ্ক লভিলোঁ আমি,  এতেকে গোবিন্দ নাম,
 বেদে স্তুতি কৰি মোক দিলা॥৩৫৭
গো শবদৰ অৰ্থ, বেদবাণী শাস্ত্ৰে কৱে,
 তাহাঙ্ক লভিলা কৃষ্ণ দেৱ।