ভীষ্ম বোলে যুধিষ্ঠিৰ শুনা, কৃষ্ণৰ কৃপাক মনে গুণা,
সাহত্য ৰসত ভকতি কৰিলা মাত্ৰ।
মাতুল তনয় মনে মানি, ৰথৰ সাৰথি কৰি আনি,
কতো কৰা দূত কতো কৰা সভা পাত্ৰ॥৬২৫
মধুৰ মোহন শ্যাম তনু, গোপীক দেখায়া পুনু পুনু,
তাসম্বাৰ মন হৰিলা মাধুৰ্য্য ৰসে॥
গোপীনাথ গোপীকান্ত আদি, নাম লৈয়া গাৱে বেদবাদী,
কামৰসে কৃষ্ণে গোপীক কৰিলা বশ॥৬২ ৬
গোপীকাৰ ধৈয্য ভৈলা হানি, যাৰ ৰূপে নিলা মন টানি,
দুৰ্গাক পূজিলা কৃষ্ণক কামনা কৰি।
নন্দৰ তনয় মোৰ পতি, হোয়ন্তোক কৃপা কৰা সতী,
কোটী কৌটী কামো নুহিকে যাহাৰ সৰি॥৬২৭
প্ৰাকৃত মাধুৰ্য্য নন্দ সুনু, গোপী বুললন্ত পুনু পুনু,
মধ্যম মাধুৰ্য্যে ভৈলেক শুদ্ধ আশয়।
নহা পুত্ৰ তুমি যশোদাৰ, সমস্তৰে আত্মা সাৰেসাৰ,
হেন আত্মা কৃষ্ণ হুয়ো ব্ৰজে জয় জয়॥৬২৮
পুনুৰপি গোপা পাসৰিলা, উদ্ধৱ মহন্তে বোধ দিলা,
সমস্তৰে আত্মা কৃষ্ণে জানা নিষ্ট কৰি।
উত্তম মাধুৰ্য্যে মানিলন্ত, কুৰুক্ষেত্ৰে কৃষ্ণে কহিলন্ত,
আত্মাৰূপে মঞি সমস্তকে আছো ধৰি॥৬২৯