এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩১)
শ্ৰৱণ।
হৰিৰ মন্দিৰে যিতো জন, কৃষ্ণৰ চৰণে দিয়া মন,
যাৱতেকে হৰিলীলা কথা শুনি ৰৱে।
তাৱত কৰ্ণৰ সুখ পাৱে, পাচে কৰ্ণে কুকথাক ধাৱে॥
প্ৰাকৃত শ্ৰৱণ মহাজনে তাক কৱে॥১৩৯
হৰিত যাহাৰ মন ৰৱে কথামৃত সত্য বুলি কৱে,
শ্ৰৱণৰ সুখ পূৰ্ব্বত কৰি পাৱয়।
পৰ বোধে দক্ষ নুহিকয় শ্ৰৱণ সুখত সদা ৰয়,
মধ্যম শ্ৰৱণ শাস্ত্ৰত আক কহয়॥১৪০
আপুনিয়ো বুজে যিবা জনে, পৰকো বুজাৱে অনুক্ষণে,
হৰিৰ লালাক শুনিয়া ভেদ কৰয়।
বচাৰয় কৃষ্ণ কথা ৰস, হৰিক কৰয় মনে বশ,
উত্তম শ্ৰৱণ ইহাক সাধু কহয়॥১৪১
⸻⸻
মনন।
সংসাৰত পুত্ৰ ভাৰ্য্যা যত, জীৱন যৌবন অসাস্বত,
ঈশ্বৰৰ মায়া বুলিয়া সদা কহয়।
হৰিৰ নামক সত্য দেখে, বিষয় সুখক মিচা লেখে,
প্ৰাকৃত মনন বোলয় আক নিশ্চয়॥১৪২