পৃষ্ঠা:ঘোষাৰত্ন.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰকাশকৰ নিবেদন।


 মই আজি অসমীয়া ৰাইজৰ আগত আসামৰ এজন পৰম বৈষ্ণৱ কবি ৺গোপাল মিশ্ৰৰ বিৰচিত ঘোষাৰত্ন পুথিখনি প্ৰকাশ কৰিলোঁ। অসমীয়া ভাষা আৰু অসমীয়া সাহিত্য আসামৰ বৈষ্ণৱ কবিসকলৰ ওচৰত কিমান ঋণী তাক সকলো অসমীয়াই ভালকৈ জানে। অসমীয়া সাহিত্য ভড়াঁলৰ পৰা বৈষ্ণৱ কবিবিলাকৰ ৰচিত পুথিবিলাক আতঁৰাই নিবলৈ হলে, তাৰ তলি একেবাৰেই উদং হোৱাৰ নিচিনা হব। সেই গুণে বৈষ্ণৱ কবিবিলাকৰ পুথিবিলাক নষ্ট হবলৈ নিদি প্ৰকাশ কৰাতো আমি সকলো অসমীয়াৰে কৰ্ত্তব্য কাম বুলি ভাবোঁ আৰু তেনেকুৱা কৰ্ত্তব্যৰ অনুৰোধতহে মই এই পুথিখনি প্ৰকাশ কৰা কাম হাতত লওঁ। এই পুথিখনিৰ, কামৰূপত, বিশেষকৈ সেই অঞ্চলৰ দামোদৰী সম্প্ৰদায়ৰ সত্ৰ বিলাকত, বেছি প্ৰচলন থাকিলেও, উজনি অঞ্চলৰ শ্ৰীশ্ৰীদক্ষিণ পাট সত্ৰৰ বাহিৰে আন সত্ৰবিলাকত ইয়াৰ তিমান প্ৰচলন নাই বুলি মোৰ বিশ্বাস। পৃথিখনি যেনে উপাদেয়, আৰু তাত আসামত প্ৰচলিত নিভাঁজ ভাগৱতী ধৰ্ম্মৰ, যেনে সৰল ভাষেৰে, সুললিত ভাষা আৰু ছন্দেৰে, ব্যাখ্যা কৰা হৈছে, সকলো অসমীয়াৰ হাতে হাতে তাৰ একোখনি থকা উচিত বিবেচনা কৰি, মই এই পুথিখনি প্ৰকাশ কৰিলোঁ। গুৱাহাটীৰ বিখ্যাত কবিৰাজ শ্ৰীযুক্ত কৃষ্ণকান্ত অধিকাৰী মহাশয়ে, ঘোষাৰত্নৰ মূল পুথি খনি সংগ্ৰহ কৰি দিয়াত মই তেখেতৰ নথৈ শলাগ লৈছোঁ আৰু মোৰ বাল্য-বন্ধু, আসামৰ প্ৰত্নতত্ত্ববিদ, শ্ৰীযুত হেমচন্দ্ৰ গোস্বামী দেৱে পুথিখনিৰ