আপুনাৰ নিজ যশ শুনি, বিস্ময়ে থাকন্ত মনে গুণি
প্ৰেমৰ ভৰত তনু হৱে ৰোমাঞ্চিত।
নয়নৰ বহে প্ৰেমবাৰি, ভক্তে নাম গান্ত সাৰি সাৰি
হেন সময়ত মুৰ্ত্তি ধৰা বিপৰিত॥২২
বদন পঙ্কজ প্ৰফুল্লিত, নাম মকৰন্দে সুগন্ধিত
ভকত ভ্ৰমৰে বেড়ি বেড়ি কৰে পান।
মন্দহাসে সুধা বৰিষয়, সংসাৰৰ তাপ কৰে ক্ষয়
হেন প্ৰভু বিনা নাহি মোৰ গুৰু আন॥২৩
ৰাতুল অতুল পদ দুই, সমস্তে নমিয়া সুখি হুই
তাৰ ধূলি তুলি শিৰত যিতো লৱয়।
অনাদি জন্মৰ পাপ বঞ্চি, ভক্তিৰ বাসনা লৈলে সাঞ্চি
সিতো পুনৰপি সংসাৰত নপৰয়॥২৪
মণিকূট পৰ্ব্বতৰ পূৰ্ব্বে, কৃষ্ণে দামোদৰ বিপ্ৰৰূপে
কলিত হৈৱন্ত সন্ত ৰূপে অৱতাৰ।
পুৰাণত ব্যাসে কহি আছে, কল্কী অবতাৰ হৈবা পাচে
কৃষ্ণৰ ভকতি কৰিবা যিতো বিস্তাৰ॥২৫
পাচে কামপীঠে কৰি বাস, কৃষ্ণপাদপদ্মে কৰি আস
কলিত কেৱল ভক্তি মাৰ্গ প্ৰৱৰ্ত্তাই।
পুনৰপি ৰত্নপীঠে যায়া, অসংখ্যাত জীৱ নিস্তাৰিয়া
নিজ স্বৰূপক লভিবন্ত নাম গাই ॥২৬
পৃষ্ঠা:ঘোষাৰত্ন.djvu/৩০
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৬ )