পৃষ্ঠা:ঘোষাৰত্ন.djvu/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬৫)


বায়ুপুৰাণত হৰি,   কহিছন্ত নিষ্ট কৰি,
  মোৰ ভক্তে শুনা মোৰ নাম।
একে বাৰে নাম গাই,   সত্যে মোক পাৱে যাই,
  এতেকেসে নাম অনুপাম॥২৯৫
সিংহে ব্যাঘ্ৰে যাক খাই,   পৰম ভয়ক পাই,
  পুনু পুনু নাম উচ্চাৰয়।
সিতো নৰে মুক্তি পাৱে,   শ্ৰদ্ধাভাবে যাক গাৱে,
  তাৰ মুক্তি আশ্চৰ্য্য নোহয়॥২৯৬
ম্ৰিয়মাণ সময়ত,   পুত্ৰ স্নেহে হৰিনাম,
  লৈলা অজামিল পাপীবৰ্য্য।
তথাপি বৈকুণ্ঠে গৈল,   শ্ৰদ্ধাভাবে নাম গায়া,
  মোক পাইবে নুহিকে আশ্চৰ্য্য॥২৯৭।
যাহাৰ জিহ্বাত থাকে,   হৰি হেন বৰ্ণ দুই,
  তাৰ কুৰুক্ষেত্ৰে কোন কাম।
কাশী পুষ্কৰতো জানা,   নাহিকে তাহাৰ কাৰ্য্য,
  তীৰ্থ শিৰোমণি হৰি নাম॥২৯৮
ইহাক বোলয় তত্ত্ব,   ইহাক বোলয় তপ,
  শ্ৰেষ্ঠ জ্ঞান ইহাক বোলয়।
বাসুদেব যিতো বোলে,   পাপৰ আলুক তোলে,
  তত্ত্ব তপ জ্ঞানক জানয়॥২৯৯