সমললৈ যাওক

পৃষ্ঠা:ঘোষাৰত্ন.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩০)

উত্তম ভজন তাক কৱে,  অহনিশে নাম মাত্ৰ গাৱে,
 উত্তম ভজনে হৰিক কৰয় বশ॥ ১৩৪

⸻⸻

ভক্তি।

যাৱত হৰিৰ লাল গাৱে,  চিত্ত থিৰ কৰে হৰি পাৱে,
 লীলাক তেজিলে চিত্ত বিষয়ক ধাৱে।
প্ৰাকৃত ভকতি তাৰে নাম,  প্ৰথমতে হৱে অনুপাম,
 পাচে সিতো জনে উত্তম ভকতি পাৱে॥১৩৫
কৃষ্ণ দেৱতাৰ কথা শুনে,  মনত আনন্দ পায়া গুণে,
 প্ৰেমৰ ভৰত বাগৰে পৰি মহীত।
পুলকিত তনু তাৰ হোৱে,  মধ্যম ভকতি তাক কৱে,
 ভকতিৰ চিহ্ণ হোৱয় আসি বিদিত॥১৩৬
বিশুদ্ধ বিজ্ঞান চিদানন্দ,  পূৰ্ণানন্দ কৃষ্ণ সদানন্দ
 তান স্বরূপত যাহাৰ মন ৰহয়।
হৃদয়তে পাচে পাৱে লাগ,  ভৱতেজি ৰয় মহাভাগ,
 অখণ্ডিত প্ৰেমপুলক তাৰ হোৱয়॥১৩৭
ইহ পৰলোকে যত সুখ,  মায়াময় আৰু যত দেখ,
 দুখক নসঙ্গে নৰমে যিতো সুখত।
যি হেতু হৰিত প্ৰতি ভৈল  সুখ দুখ তাৰ দূৰ গৈল,
 উত্তম ভকতি ইহাক বোলে সতত॥১৩৮