যেন তৰুমুলে দিলে জল, কন্ধ শাখা ভুজে পাৱে বল,
প্ৰাণৰ ভোজনে ইন্দ্ৰিয়ৰ হৱে তোষ।
সেহি মতে অচ্যুতৰ পূজা, কৰিলে সমস্ত তুষ্ট হোৱে,
কোনো দেবতা তাত নকৰয় মনে ৰোষ॥৬৮১
দেৱৰো দেৱতা ভগৱন্ত, যাৰ নাহিকয় আদি অন্ত,
শঙ্খ চক্ৰ গদা ধৰি আছা চাৰি হাতে।
তাহাঙ্ক পূজিলে দেৱগণ, ভোগক লভন্ত অনুক্ষণ,
আপুনাৰো পূজা পূজকে পাৱয় তাতে॥৬৮২৷
পত্ৰ পুষ্প ফলজলচয়, যিতো ভক্তিভাবে সমৰ্পয়,
পৰম সাদৰে তাকে লঞো হাত পাতি।
তুষ্টমনে ভজো সখি নিষ্ট, ভক্তিৰসে ভৈলোঁ যাতো মিষ্ট,
যিহেতু যতনে পূজিলেক মোক মাতি॥৬৮৩
পুতনা ৰাক্ষসী মাৰো বুলি, কৃষ্ণমুখে দিলা স্তন তুলি
তথাপিতো তাই পাইলেক সন্তৰ গতি।
হেনয় কৃষ্ণক প্ৰেমভাবে, কোন বস্তু দিয়া ভক্ত সবে,
আশ্চৰ্য্য নোহয় কৃষ্ণত লভিবে ৰতি॥৬৮৪
নৰকত পৰি আছোঁ পাপ, যমদূতে দেই নানা তাপ,
তাৰ দুখ দেখি যমে বুলিলন্ত বাণী।
ক্লেশনাশকাৰী কেশৱক, কেনে নুপুজিলি বিপ্ৰ তঞি,
আপুনাৰ স্বাৰ্থ আপুনি কৰিলি হানী॥৬৮৫
পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৫৪
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৩০)