পৃষ্ঠা:ঘোষাৰত্ন.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৩)

অধ্যাপন বুলি তাক জানা,  উত্তম বুলিয়া মনে মানা,
 যিতো অধ্যাপনে সংসাৰৰ কৰে হানি॥১৪৭

⸻⸻

শীল।

গুৰুৰ বাক্যক যিতো লৱে,  তাকে ব্ৰহ্ম বুলি মাত্ৰ কৱে,
 কদাচিতো আন বাক্যত মন নেদয়।
কৰ্ম্মী কৰ্ম্মফল দেখাৱয়,  তথাপিতো মতি নচাৰয়,
 মহাজনে তাক প্ৰাকৃত শীল কহয়॥১৪৮
ভকতিক ধৰে দেবচয়,   তাসম্বক পুনু নগনয়,
 কেশৱত বিনে দেবতা আন নমানে।
যি হেতু মনৰ কৈলা থিৰ,   ইন্দ্ৰিয়ক দমি ভৈলা বীৰ,
 তাহাক মধ্যম শীল সাধুসবে জানে॥১৪৯
অনিমাদি সিদ্ধি ভক্তে পাৱে, তাত স্পৃহা তেজি নাম গাৱে,
 যি হেতু ভজন ৰস মহা বিপৰিত।
হৰিৰো রূপত ইচ্ছা নাই,   দাস সেবা মাগে তাঙ্ক পাই,
 ইহাক উত্তম শীল জানি সাধা হিত॥১৫০