পদ্যাৱলী
পদ্যাৱলী।
⸻
ৰচক
শ্ৰীবিষয়চন্দ্ৰ বিশ্বাসী।
অষ্টম সংস্কৰণ।
প্ৰকাশক
শ্ৰীগোপালচন্দ্ৰ বৰুৱা।
বৰুৱা এজেন্সী
গুৱাহাটী, দীঘলী পুখুৰী-পাৰ।
১৯৩১
সকলো স্বত্ব সংৰক্ষিত। বেচ॥৵৹ দহ অনা মাথোন।
উছৰ্গা
যাৰ মৰমত লিখকে
আজি লিখা-পঢ়া শিকি
সমাজত মানুহ বোলাৰ সমৰ্থ হৈছে,
সেই দেৱোপম—লোকহিতৈষী,
ওপৰ আসাম শিৱসাগৰ নিবাসী
শ্ৰীযুত অক্ষয়কুমাৰ ঘোষ বি, এল,
গৱৰ্ণমেণ্ট উকীল মহোদয়ৰ কৰকমলত
এই অকণমান কবিতা
পদ্যাৱলী
প্ৰীতি আৰু ভক্তিৰ চিন্ স্বৰূপ
উছৰ্গা কৰা হল।
বিশ্বাসী।
পাতনি।
বটুয়ে আকাশৰ চাঁদ ধৰিবলৈ আশা কৰা যেনে, কবিতা লিখি কবি নাম লবলৈ আগবঢ়াও লিখকৰ পক্ষে তেনে। কিন্তু মানুহৰ মনৰ কি বিচিত্ৰ গতি! “দুৰাশা দুষ্প্ৰাপ্য লাভে অবৈধ নিষ্ফল” জানিও যে আজি তেওঁ এই দুঃসাধ্য সাধনকৈ কৃতকাৰ্য্য আশাৰে আগ বাঢ়িছে, এক মাথোন আশা কুহকিনীৰ কুহক জালত। বিশ্বব্ৰহ্মাণ্ড খনেই যেতিয়া এই আকৰ্ষণত আকৰ্ষিত, লিখকৰটো কথায়ে নাই। সংসাৰ ক্ষেত্ৰত আশা-মোহিনীৰ আধিপত্য ইমানে!
কবিতাখনি বিশেষকৈ আমাৰ স্কুলবিলাকৰ ওপৰ শ্ৰেণীৰ নিমিত্তে বুলিয়ে লিখা হৈছে। এই বিষয় লিখক কিমান দূৰ কৃতকাৰ্য্য হৈছে, স্কুল কৰ্ত্তৃপক্ষৰ বিশেষ বিবেচনাধীন।
স্বীকাৰ কৰে—লিখকৰ হিতাকাঙ্ক্ষী সুহৃদবৰ অসমীয়া ভাষা- বিজ্ঞ, গুৱাহাটী কলেজিয়েট হাই স্কুলৰ সহকাৰী শিক্ষক শ্ৰীযুত দেবেশ্বৰ চলিহা আৰু কটন কলেজেৰ ভূতপূৰ্ব অসমীয়া বক্তা, বৰ্ত্তমানে পূৰ্ব্ববঙ্গ আৰু আসাম গৱৰ্ণমেণ্টৰ অসমীয়া অনুবাদক বন্ধুবৰ শ্ৰীযুত ৰামেশ্বৰ বৰুৱা বি,এ, ডাঙ্গৰীয়া দুজনে কিতাপৰ হাতে লিখা অবস্থাতে বিশেষ সাহায্য কৰে। লগে লগে অসমীয়া ভাষানুৰাগী শ্ৰদ্ধাস্পদ শ্ৰীযুত ৰাধানাথ ফুকন এম,এ, বি,এল, এঃ এঃ কমিচনাৰ মহোদয়ৰ উৎসাহত গুৱাহাটী লাখট্কীয়া নিবাসী, ডিমৰিয়া মৌজাৰ মৌজাদাৰ মহম্মদ তৈয়েব আলী মহোদয়ে ধন-ব্যয় কৰি পুথিখনি ছপাকৈ উলিয়ায়। অন্যথা মোৰ নিচিনা এনে দীন-হীন প্ৰাণীৰ এনে কাজ সিদ্ধি কৰা স্বপ্নৰো অগোচৰ আছিল। এই মহানুভবতাৰ কাৰণে আজি লিখক আটাই কেইজন ডাঙৰীয়াৰ ওচৰত চিৰকৃতজ্ঞ ঋণত ঋণী। অলমিতি বিস্তৰেণ।
হাজো। ১৯০৯ চন। |
সপ্তম সংস্কৰণ।
⸻
পুথিখনৰ আগৰে পৰা গুৰিলৈ চাই বহুতো পৰিবৰ্ত্তনৰ লগে লগে কেইবাটাও কবিতাত পূৰ্ব্ব ঘটনা সম্বলিত টোকা যোগ কৰি, গা’ৰ গঢ় বঢ়োৱাৰ লগে লগে আঠ অনা মূল্যৰ ঠাইত নও অনা মূল্য কৰা হল। অলনিতি বিস্তৰেণ।
৺মাধব লাইব্ৰেৰী, ইং ১লা জানুৱাৰী, ১৯২৭। |
সূচী।
⸺:•:⸺
|
|
⸻
পদ্যাৱলী।
সময়।
( ১ )
হীৰা মণি, মৰকত, হেৰালে এবাৰ,
পৰিশ্ৰম কৰিলেই পায় পুনুবাৰ।
অমূল্য সময় কিন্তু নিলে অবাৱত,
নাপায় ঘূৰাই তাক এই জীৱনত।
( ২ )
নদী আৰু কাল-গতি তুলনা সমান।
একে দৰে কৰে ঠিক দুটায়ে পয়াণ।
লাহে লাহে মৌন ভাবে সৰ্ব্বদাই বয়,
ধনত বা প্ৰাৰ্থনাত অলপো নৰয়।
গলে ঘূৰি পিছফালে, নাচায় দুনাই,
অগাধ সাগৰ-বুকু দুয়োটাৰে ঠাই।
( ৩ )
যদিও দুয়োকে আমি দেখোঁ সমৰূপ,
চিন্তাশীল জনে তাক দেখে ভিন্নৰূপ।
সুজলা প্ৰদেশ মানে সুফলা সদায়,
সুখেতে মানুহে তাত জীৱন নিয়ায়।
কিন্তু কাল, সজ-আত্মা-ক্ষেত্ৰ-শোভাকৰ,
অবাৱত নিলে শেষ, মৰুজীৱনৰ।
⸻
ধন।
জীৱনৰ দিন নিওঁ ৰং ধেমালিত,
শেষত কি গতি হব নুগুণো কাচিত।
সংসাৰ-ক্ষেত্ৰত আনি, যি কেদিন জীওঁ,
ধনৰ লগতে তাৰ বেছ ভাগ নিওঁ।
ধনৰ কাৰণে কত শত শত জন,
দুখ-শোক-তাপে নিয়ে মানৱী জীৱন।
ধন হেতু পৰস্পৰে কটাকটি কৰে,
ধন হেতু পিতৃও পুত্ৰক পৰিহৰে।
ধনৰে কাৰণে লোকে এৰি বাৰী ঘৰ;
ফুৰে ঘূৰি গিৰি, মৰু, তলী সাগৰৰ।
ওপৰি বিদেশ বঞ্চি অনাই বনাই,
সহি নানা দুখ কষ্ট জীৱন নিয়ায়।
আথচ যিদিনা হব মৃত্যু উপনীত;
সিদিনা ইধনে কিবা সাধিবনে হিত?
লগৰীয়া ৰূপে সিটো যাব নে লগত?
কোৱাচোন মন! তুমি, মোৰ ওচৰত।
‘মোৰ ধন, ‘মোৰ বিত’ কাষৰীয়া কৈ,
অকলে মাথোন দেখে উৰি যাবা গৈ।
আহোঁতে নাঙঠ্ যেনে, যাওঁতেও শূন্য,
লগত কেবল যাব পাপ আৰু পুণ্য।
দুৰ্ল্লভ মানৱী তনু গলে অবাৱত,
নাপায় ঘূৰাই তাক মৰ জীৱনত।
আত্মা, পুত্ৰ, সাধুসঙ্গ, ধৰ্ম্ম উপাৰ্জ্জন,
ধৰ্ম্মৰ ই চাৰি গতি শাস্ত্ৰৰ বচন।
মিছা ধন-লালসাত, কোৱা কিবা হেতু,
এৰিবা ইহেন জীৱ তৰিবাৰ সেতু?
ভাবি চোৱা তুমি কাৰ? কোনে বা তোমাৰ?
নিশাৰ সপোন যেন ই ভৱ সংসাৰ।
আপোনাৰ শত্ৰুমিত্ৰ আপুনিয়ে ভাই,
তাৰোঁতাও আপোনাত বিনে কোনো নাই।
অৰ্জ্জিত ধনৰ ৰক্ষা সুবাটত বয়,
সাঁচি থলে মাথো মোহ-মামৰত লয়।
কৃপণ-হৃদয় লোভ-চিন্তা আৱৰিত,
তৃষিত স্ববঞ্চনায়, সদা সশঙ্কিত।
লেভেতেই কৃপণৰ বুদ্ধি ভ্ৰষ্ট হয়,
লোভীজন-চিত্ত সদা, মোহ-তমোময়।
তামসিক জনে কৰে দুখ-শোক ভোগ,
সঞ্চিত ধনতে জন্মে ই সকলো ৰোগ।
এই হেতু মহামনা মহাজন চয়,
সুখে থাকে সুবাটত কৰি ধন ব্যয়।
অৱস্থাৰ অহঙ্কাৰ।
( ১ )
হেৰা ধনি, অভিমানী, কিয় কৰা মান?
কিয় বা মিছাতে ভাই!
ভাবা তুমি সততাই,
“মই বৰ,” “তই সৰু” ই তিনি ভুৱন,
যি সম্পদ অভিমানে, তুমি অভিমানী,
অনিত্য সি অভিমান, দেখে যত জ্ঞানী।
(২)
আকবৰ’ ‘শিবাজী’ ‘পৃথ্বী’ ‘পঞ্চনদেশ্বৰ’
ঐশ্বৰ্য্য, বিভূতি-বলে,
ভুগি ধৰা সু-কৌশলে,
শুদা হাতে গ'ল সবে, পাহৰি সংসাৰ।
দেখুৱালে গৰ্ব্বিতক, জগত-পটত,
মিছা যত অভিমান, অসাৰ বিতত।
( ৩ )
চিৰদিন মানুহৰ সমানে নাযায়,
ৰাজপুত্ৰ যায় বন,
দৰিদ্ৰৰো সিংহাসন,
চক্ৰবৎ সুখ দুখ ঘূৰে সৰ্ব্বদায়৷
কালৰ কুটিল গতি, বুজে কোনে ভাই!
সঁচা-মিছা ই বিষয় বুৰঞ্জী বুজায়।
( 8 )
চঞ্চলা কমলা সদা, অচলা নহয়,
আজি আহে কালি যায়,
স্থিৰতা একোৱে নাই,
যেনে পদ্ম-পত্র-নীৰ, অস্থিৰ সদায়।
মনুষ্যৰো ভাগ্য ঠিক্ এনে ভাবি মনে,
অৱস্থাৰ অহঙ্কাৰ এৰে বুধ জনে।
⸺
সৰু বস্তু।
( ১ )
তৃণ হেন জ্ঞানে কোনাে বস্তুকেই
আওহেলা অনুচিত।
ক্ষুদ্র সমবায়ে বৃহৎ গঠিত
ঈশ শক্তি নিৰূপিত ৷৷
( ২ )
দৈনন্দিন কৃত- কাৰ্য্য সমষ্টিৰে
নৰদেহ নিৰমাণ।
পল, অনুপল সময় মিলিয়ে
বছৰৰ পৰিমাণ ৷৷
( ৩ )
ইষ্টক উপৰি ইষ্টক স্থাপিয়ে
সাজি দিব্য পকি-ঘৰ।
পৰিয়াল বান্ধি সুখে তাত আমি
নিও দিন জীৱনৰ ৷৷
( ৪ )
দৃষ্টিৰো অতীত পৰমানু যােগে
ওখ ভূধৰৰ সৃষ্টি ৷
কড়া কড়া কৈ কড়ি সাচিয়েই
নাম পায় ধনপতি ৷৷
( ৫ )
ক্ষুদ্ৰাদপি ক্ষুদ্ৰ তৃণ-বিৰচিত
ৰজ্জ্বগুণ প্রভাৱত।
বান্ধী বনৰীয়া মদমত্ত গজো
সাধাে কাম সংসাৰত ৷৷
( ৬ )
কুঠাৰৰ ঘা’ত বিশাল তৰুও
ঢলি পৰে পৃথিৱীত।
নগণ্য একেটি অগ্নিস্ফুলিঙ্গতে
মহা অগ্নি প্রজ্জ্বলিত ৷৷
(৭)
টোপা টোপা কৈ পানী পৰি পৰি
কঠিন শিলকো নাশে।
এনেভাৱে যত সৰু বস্তু লৈ
মহা বিশ্ব পাশে ৷৷
⸺⸻
আবেলি।
নাই ঢোকা তেজ আৰু ৰাঙলী বেলিৰ,
জুৰণি লভিছে ধৰা প্রকৃতিও ধীৰ।
ঘূৰে ফুৰে জীৱ জন্তু, আহাৰ বিচাৰি,
উঠিছে সংসাৰ-ধ্বনি আকাশ বিদাৰি।
বন-পাখী গায় গান সুললিত সুৰে,
মৌ-লােভে, মৌমাখি ফুলনিত উৰে।
কৃষক ক্ষেত্ৰত গৈ সাধে কৃষি-কাম,
গােৰখীয়া গায় নানা ধেমেলীয়া নাম।
গৃহী, গৃহ-কাম কৰে উল্লাসিত হৈ,
কৰমী জগত ব্যস্ত আবেলিক লৈ।
কোনােৱে বা তুলি ফুল ফুলনিত গৈ,
গাঁথে মালা, বান্ধে চাকি হাবিয়াষ কৈ।
কোনােৱে বা সুহৃদৰ সঙ্গে পিন্ধি উৰি,
বিশুদ্ধ বতাহ সেবি ফুৰে ঠাই ঘূৰি।
কোনােৱে বা ফুলনিৰ ফুলৰ থুপীত,
ভ্ৰমৰ গুঞ্জন শুনে আতি সুললিত।
কোনােৱে বা উঠি গৈ পৰ্ব্বত টিঙত,
ভৈয়াম সৌন্দর্য দেখে প্রকৃতি বুকত।
বিষয় জঞ্জাল এৰি ভাবুক সুজন,
অকলে অকলে ফুৰি বন-উপবন;
স্ৰষ্টাৰ মহিমা দেখি জগত পটত,
গায় বিভু-গুণ গান আতি উলাসত।
যোৰহাত বুৰি খাটে “প্ৰভো! দয়াময়,
দেখিছোঁ আবেলি আমি তোমাৰে কৃপায়।
তুমি দেৱ অধিদেৱ জগ-জীৱ-প্ৰাণ,
সদায়ে সুপথে নিয়া আমাসাৰ-মন;
আৰু আপদত যেনে তোমাকে সুমৰো,
তেনে দৰে সম্পদতে যেন নাপাহৰোঁ॥”
⸺*⸺
জন্মভূমি।
( ১ )
স্বদেশে বিদেশে, সকলো ঠাইতে
সকলো সময়ে মই,
একেটি মাথোন, ভাৱ লৈ থাকোঁ
তাতেই বিভোৰ হৈ।
একেটি মাথোন, ছবি-প্ৰতিবিম্ব
হৃদি দৰ্পণত পৰি,
কৰে বিয়াকুল, চাই থাকোঁ তাকে
নিজকে এফাল কৰি।
ভাবোঁ লগে লগে বিশাল বিশ্বত
আছে যদি দিব্য ঠাই,
সাৰ বস্তু যদি, বস্তুৰ মাজত
ক’তো কোনোবাই পায়।
সি-জনম ভূমি, পৱিত্ৰ সুন্দৰ,
চিৰ-শাতি ভৰপূৰ,
দুখ, তাপ, আদি, গাঁৱৰ ভাগৰ,
পৰে যি থলত জুৰ।
দিব্য মনোময়, শ্ৰেষ্ঠতম ঠাই,
যাৰ তুল্য সংসাৰত,
নাই একোটোৱে, সমতুলনীয়
ভাবোঁ মই অন্তৰত।
বিশ্ব-মহাৰাণী! ধন্যা তুমি আই,
তুমি মোৰ স্মৰণীয়া,
দেখি না পালেই তোমাৰ চৰণ,
ফাটি যায় মোৰ হিয়া।
জননী জঠৰ এৰি তোমাৰেই,
পূব আকাশত মই,
দেখিছিলোঁ নৱ— সূৰুযৰ ৰেখা
দিব্য জিলিকনিময়।
নিশা আহিলত তোমাৰ কোলাত
বহি ওপৰলৈ চাই,
তাৰাৰে আগুৰা, সূৰুযে পোহৰা,
মাতিছিলোঁ জোনবাই।
তোমাৰে মাটিতে, পোনে পোনে মই,
জননীৰ হাত ধৰি,
পাতিছিলোঁ খোজ, ফুৰিছিলোঁ ঠাই,
আধাফুটা গান কৰি।
তুমিয়ে আমাৰ, জনমী স্তনত,
অমৃত কৰিছা দান;
যাৰ বলে আমি, অতি কেঁচুৱাতে,
ৰাখিব পাৰিছোঁ প্ৰাণ।
তোমাৰে ধুনীয়া, খেতত ওপজা
ফল শস্য খাই লৈ,
এতিয়াও আমি, ঘূৰিছোঁ ফুৰিছোঁ,
ডাঙ্গৰ দীঘল হৈ।
তোমাৰে কোলাত, লগৰীয়া সৈতে,
খেলিছিলোঁ নানা খেলা,
তোমাৰে মাটিতে, ফলিগুটি ধৰি,
লিখিব শিকিছোঁ ফলা।
ইদৰে তোমাৰ, বুকত ওপজি,
তোমাৰে আদিৰ পাই,
ধন, বিদ্যা, জ্ঞান, আৰু যশ মান,
আৰ্জ্জিলোঁ বিস্তৰ আই।
ফুৰিলো দেখিলোঁ দেশ, দেশ, দ্বীপ, মৰু,
নগৰ, পৰ্ব্বত, বন,
কিন্তু হে জননি! কোনোৱে তুষিব,
নোৱাৰিলে মোৰ মন।
যতে কি নাথাকোঁ, ইদৰে কেৱল,
তোমাৰে ছবিটি আহি,
হৃদয় ঘৰৰ, চুকত সোমাই,
ভুমুকি মাৰেহি হাঁহি।
ভাবোঁ সি মুহূৰ্ত্তে, সি দূৰ দেশতো,
হে মোৰ জনম থল,
কাহানিনো পুনু, যতনে তোমাৰ,
পূজিম চৰণ তল!
সুকীয়া নহয় মোৰ ই ভাব মনৰ
সাধাৰণ প্ৰকৃতিৰ বিশ্ব জগতৰ।
( ২ )
ভাবে দৃঢ় ব্ৰহ্মাণ্ডৰ নিজান গুহাত,
আছে এক দিব্য ঠাই—সকলোৰে সাৰ,
আন যেন কোনো তাৰ নোহে তুলনাত;
প্ৰিয়তম ঈশ্বৰৰ, প্ৰিয় বসুধাৰ।
( ৩ )
প্ৰকৃতিৰো অতি প্ৰিয় এই দিব্য স্থল,
যেনি যায় চকু-দৃষ্টি তেনি সুচিকণ—
নদ, নদী, মৰু, গছ, লতা, ফুল, ফল
পৰ্ব্বত ফুলনি, বাৰী, বিল, খাল, বন।
(8)
সূৰ্য্য়ৰ সুকৰে যেন তত দিন শেষ
চন্দ্ৰৰ কিৰণে নিশা হয় জ্যোতিৰ্ম্ময়;
সাহস, সততা, ধৰ্ম্মে, পূৰ্ণ সেই দেশ,
সময়ে শিক্ষিত বুঢ়া প্ৰেমে ডেকা হয়।
( ৫ )
দূৰ ডিঙা বেহাকাৰী সাউদ সকল
অসীম সাগৰ বুকু মাজে উটি যায়,
ঘূৰি ফুৰে, বেহা কৰি দেখে নানা থল,
দেশ, দ্বীপ, মৰুগিৰি আদি অন্ত নাই।
( ৬ )
আৰু দেখে এনে ঠাই, দিব্য শোভাময়,
ধনে জনে পৰিপূৰ্ণ স্বাস্থ্যৰ আধাৰ;
অভাৱ একোৰে নাই, চিৰ শান্তিময়
সদায় সুদৃষ্টি য'ত আছে কমলাৰ।
( ৭ )
কিন্তু, কি বিচিত্ৰ কথা, ইহেন থলতো,
নাপাই সন্তোষ সাধু, বিয়াকুল মনে,
সুমৰে জনম ভূমি এই বিদেশতো।
ভাবি অতি অনুপাম ইতিনি ভুৱনে।
কত ৰাজা মহাৰাজা, সৈন্য সামন্তেৰে,
শত্ৰুৰ সহিত কৰি, দুৰ্ঘোৰ সংগ্ৰাম,
ৰক্ষিব ই দিব্য ঠাই অতি যতনেৰে,
উছৰ্গিছে হাঁহি হাঁহি ধন, জন প্ৰাণ।
( ৯ )
পতি, পুত্ৰ, শোকে আৰু কত বীৰ-নাৰী,
ধৰি সমৰৰ বেশ ইয়াৰে কাৰণে,
বীৰাঙ্গনা তেজে, শত্ৰু আগে আগ বাঢ়ি,
কৰে যুজ সংগ্ৰামত উৎসাহিত মনে।
( ১০ )
সৃষ্টিস্থ জীৱৰ ঈশ, নৰে ইথলত,
এৰে বীৰতেজ, পদ, গৰ্ব্ব, অহঙ্কাৰ।
নাথাকে কটুৱাভাৱ, যায় আঁতৰত,
সোমাব মাত্ৰকে এই মন্দিৰ ভিতৰ।
( ১১ )
পিতৃৰূপে পালে প্ৰিয় আপোন নন্দনে,
পুত্ৰৰূপে, পিতৃ-মাতৃ পূজে ভক্তিভাৱে।
পতি নিজ প্ৰিয়-ভাৰ্য্য়া ৰাখে সুযতনে,
ভাৰ্য্য়াৰূপে পূজ্যতম স্বামী-পদ সেৱে।
( ১২ )
পৱিত্ৰ ই দিব্য ঠাই সদা প্ৰেমময়
হিংসা, দ্বেষ, কপটতা, শূন্য ইথলত,
“স্বৰ্গাদপি গৰীয়সী”—যি ঠাইক কয়,
যাৰ হিত অৰ্থে, সবে সাধে ঈশ্বৰত।
( ১৩ )
কালৈ ইমান স্নেহ এই সংসাৰত,
কালৈ ইমান যত্ন আছে মানুহৰ?
যদি তুমি এই প্ৰশ্ন সোধা এজনত,
কব সি জনম ভূমি প্ৰিয় জগতৰ।
( ১৪ )
ধন্য়া হে জনম ভূমি! শান্তিৰ শিতান
নাই এনে অকৃতজ্ঞ পৃথিৱী ভিতৰ,
নাভাবে এবাৰ যিটে তোমাৰ বয়ান,
যতে কি থাকোক সিটেঁ দেশ দেশান্ত।
( ১৫ )
এতেকতে আহা সবে মিলাপ্ৰীতি হৈ,
পৰিহৰি হৃদয়ৰ কূৰ্চ্চুট কপট,
কায়মনে সুযতনে ভক্তি ফুল লৈ,
পূজোঁ জন্মভূমি পদ অতি হৰষত।
প্ৰলোভন।
( ১ )
বাঁহী ৰব শুনি ঘোৰ বননি মাজত,
হৰিণা হৰিণী যেনে উতলা ভাৱত।
লৰিগৈ সেই পিনে, পৰম হৰিষ মনে,
ব্যাধৰ ফাঁদত পৰি কান্দি উচ্চৰাৱে
লোভৰ টানত শেষে প্ৰাণ হেৰুৱাৱে।
( ২ )
সংসাৰ বনতো তেনে ঘটিছে সদায়,
বাজিছে পাপৰ বাঁহী তিল ছেদ নাই;
মিঠা সেই সুৰ তাৰ, যেন অমিয়াৰ ধাৰ,
শুনিব মাত্ৰকে মন প্ৰাণ মোহ যায়,
এনে যে মোহিনী শক্তি কবলৈ নাই।
( ৩ )
সাৱধান! সাবধান! লোভ-বশ নৰ,
নকৰিবি আগ ভৰি শুনি এই স্বৰ;
মোহ গলে বাঁহী শুনি, জ্ঞান বুদ্ধি এৰে জ্ঞানী,
যোগীও যোগৰ পৰা ভ্ৰষ্ট গতি পাই,
মোহৰ জালত পৰি প্ৰাণ হেৰুৱায়।
( 8 )
পাপৰ ক্ষণিক সুখ অতি অনুপাম,
কিন্তু হায় পৰিতাপ তাৰ পৰিণাম;
বাহিৰে দেখিও ৰং, এৰ যেন তাৰ সঙ,
তেনেহলে অবশেষে হৈ সিদ্ধকাম,
পাবি গৈ সহজতে সেই দিব্য ধাম।
⸻
শাক্যসিংহ।
⸺:•:⸺
[অযোধ্যাৰ উত্তৰ, নেপাল ৰাজ্যৰ ওচৰত কপিলাবাস্তু নামে কোনো এক ৰাজ্যত খ্ৰীষ্ট জন্ম হোৱাৰ প্ৰায় ৫৫০ বছৰ আদিতে বসন্ত শুক্লাৰ পূৰ্ণিমা তিথিত ইক্ষ্বাকুবংশত শাক্যসিংহৰ জন্ম হয়। জনকৰ নাম শুদ্ধোধন আৰু জননীৰ নাম মায়াদেৱী আছিল। শুদ্ধোধন কপিলাবাস্তুৰ ৰজা আছিল। শাক্য জন্মিবৰ সাত দিন পিছতে মায়েক মায়াদেৱী স্বৰ্গী হয়, মাহীয়েকে কোৱঁৰক তুলি-তালি ডাঙৰ দীঘল কৰে। শাক্যকুলত জন্ম এই কাৰণে এওঁৰ নাম শাক্যসিংহ। গৌতম অইন এটি ভিন্ন নাম। দণ্ডপাণি-শাক্য-দুহিতা সুকুমাৰী গোপাৰ লগত কোৱঁৰৰ বিয়া হয়। মনুষ্য জীৱনত জৰা-ব্যাধি অৰু মৃত্যু এই তিন অৱস্থাৰ ঘাত-প্ৰতিঘাত দেখি শাক্যসিংহৰ মন তেনেয়ে উদাস হয়। আৰু অৱশেষত ঊনৈশ বছৰ বয়সত এদিনা মাজনিশা তেওঁ পিতৃৰাজৰ ৰাজসিংহাসন, জন্মদাতা পিতৃ-মাতৃ, প্ৰিয়তমা পত্নী, প্ৰাণতো অধিক শিশুপুত্ৰ ৰাহুলক গভীৰ নিদ্ৰাত এৰি থৈ বনোদ্দেশে যাত্ৰা কৰে আৰু শিষ্য স্বৰূপে পাটনা নগৰৰ উত্তৰত থকা বৈশালী নগৰত কোনো এক ব্ৰাক্ষণৰ ওচত শাস্ত্ৰ অধ্যয়ন কৰে৷ কিন্তু অনুকূল শিক্ষা নাপাই শেহত গৈ ‘বুধি’ নামেৰে এজোপা গছৰ গুৰিত ধ্যান- নিমগ্ন হয়। ইয়াত বৌদ্ধ জ্ঞান লাভ কৰে। এই বাবে এওঁ বুদ্ধ নামে পূজ্য— প্ৰচাৰিত ধৰ্ম্মৰ আৰু বৌদ্ধধৰ্ম্ম। গৌতম বা সিদ্ধাৰ্থ ভিন্ন ভিন্ন নাম। আশী বছৰ বয়সত কুশী নগৰলৈ যোৱা বাটৰ এজোপা শাল গছৰ তলত বুদ্ধে মহানিৰ্ব্বাণ লাভ কৰে।
বৌদ্ধমত—বুদ্ধমতে যাগ যজ্ঞ, ক্ৰিয়া-কাণ্ড, সকলো মিছা। কাম, ক্ৰোধ আদি ৰিপুবিলাকেই সংসাৰী জীৱৰ দুখৰ হেতু। জ্ঞান আৰু সমাধি বলত ইহঁতক জয় কৰিব পাৰিলেই নিৰ্ব্বাণ পদ প্ৰাপ্ত হয়। জাতিনিৰ্ব্বিশেষে সকলো জীৱৰ প্ৰতি দয়া, সত্যনিষ্ঠা, জিতেন্দ্ৰিয়তা আৰু অহিংসায়ে এই ধৰ্ম্মৰ মূল।]
কি কাৰণে ৰাজপুত্ৰ! এনে দীন বেশে,
এৰি ৰত্ন সিংহাসন, কপিলাবাস্তুৰ;
আছা বহি তুমি দেৱ, মুদি দুয়ো চকু
গছৰ তলত, ধ্যান-মগ্ন যোগীৰূপে
ধৰি যোগাসন—নিজান বননি মাজে
গভীৰ ভাৱেৰে? কিয়বা লেপিছা এই—
সুঠাম অঙ্গত বিভূতি চন্দন; এৰি—
ৰত্ন অলঙ্কাৰ। এৰি ৰাজ-সাজ তুমি
পিন্ধিছা গছৰ ছাল নিষ্কামীৰ দৰে!
ক’ত সি ৰাজাৰ পুৰী হেম-ৰত্নময়,
দিক্ পোহৰাই জিলিকে জেউতি যাৰ
তিৰ বিৰ্ কৈ। যেনে তাৰাৰাজি নিশা হলে
নীল আকাশত ভূমুকাই মাজে মাজে
চঞ্চল ভাৱেৰে। ক’ত বা কুবেৰাগাৰ,
সম সি ভঁৰাল ধন ৰতনেৰে ভৰা
ক’ত বা সি বেটী-বন্দী, চিৰ অনুগত
ৰাজভক্ত প্ৰজাবৰ্গ, জন্মদাতা পিতৃ-মাতৃ
দেহাৰ এফাল প্ৰিয়তমা ভাৰ্য্য়া আৰু
প্ৰাণতো অধিক চেনেহৰ এক মাথোঁ
শিশু-পুত্ৰ নয়নৰ মণি! মানসিক,
আধ্যাত্মিক, কায়িক শ্ৰমত, সংসাৰত,
যি সুখ ঘটিব পাৰে মানৱী-ভাগ্যত;
বিনা আয়াসতে তুমি লভিও সি সব
কিয় আজি নিজানত এনে মৌন ভাবে
পৰিহৰি সকলোকে আচৰি ই ব্ৰত
ঠেলিছা ভৰিৰে দেৱ! সুখৰ যৌৱন।
হে ৰাজকোৱঁৰ! জানিছোঁ অৱশ্যে আমি
যদিও আপুনি নোকোৱা আমাক ভাঙি,
তোমাৰ উদ্দেশ্য তত্ত্ব। জানিছোঁ নিশ্চয়ে
অপাৰ্থিৱ কোনো ধন সাঁচিবৰ মনে
আচৰিছা এনে ব্ৰত। ভাবিছা মনত
সংসাৰৰ দুখ সুখ মিছা সকলোৱে।
মিছা পিতা মাতা, ভাই বন্ধু, দাৰাসুত,
ৰাজা ৰাজ্য-লীলা, মিছা ৰাজ-সিংহাসন
ৰাজাৰ মুকুট; জল বুদ্বুদ্ সম;
অথবা বিজুলী যেনে ক্ষন্তেক সময়
কৰি খেলা মেঘ-কোলে উজলাই দিক্
আকৌ মেঘৰ মাজে দীপ্তিহীন হয়।
বুজিলা গূঢ়াৰ্থ তুমি ভেদি মায়াজাল,
দেখিলা অনিত্য ঐহিকৰ ধন, জন,
জানিলা বিষয়-সুখ সাক্ষাত গৰল।
দেখিলা সংসাৰ-মায়া বাহিৰ শুৱনি,
মন-আকৰ্ষক শেষ যন্ত্ৰণাদায়ক
যেনে মৰু-মৰীচিকা তৃষাতুৰ মৃগে
জল ভ্ৰম কৰি মিছা বধ কৰে প্ৰাণে।
বিষয় আশয়ো তেনে সংসাৰী জনক
পাহৰাই জ্ঞান-বুদ্ধি বান্ধি লোভ-জালে
ভুঞ্জায় যাতনা—ঘোৰ লাঞ্ছনা সন্তাপ।
আলচিলা বহুদিন নানা মুনিমত;
দেখিলা নিয়তি খেলা প্ৰকৃতি কোলাত।
চিন্তিলা কি উপায়েৰে সংসাৰী মানৱ
ভেদি এই মায়াজাল সাঁচি ধৰ্ম্মধন,
লভিব মূকুতি পদ অন্তিম কালত।
ধৰিলা নিস্পৃহা ভাৱ ঘৃণিলা বিষয়,
দিলা পিঠি সংসাৰত হৰষিত মনে।
অৱশেষে তুমি দেৱ! ওলাই ইবেশে
আচৰি—মহান ব্ৰত সোমাই বননি
ধিয়াইছা সুগম পথ জীৱত্ৰাণ হেতু।
ধন্য হে কোৱঁৰ তযু সাধু ই সঙ্কল্প!
যাৰ বলে আজি তুমি বসুধা ভিতৰ
স্বনাম অমৰ কৰি মৰ-জীৱনত
লভিলা মহত্ব-পূজা নৰ সমাজৰ।
কিমানে যে দুখ তুমি প্ৰকৃতি বুকত
ভূঞ্জিলা, ভাবিলে দেৱ! চুৰ্ত্তি হেৰুৱাওঁ।
দুঃসহ তপন-তাপে ভূমুকালে আহি,
জ্বলিল প্ৰকৃতি বুকু দপ্ দপ্ কৰি।
কণ্ঠাগত প্ৰাণে জীৱ লৰালৰি কৈ
ছাঁ-পানী বিচাৰিলে বিয়াকুল হৈ।
দিনে ৰাতি অবিৰাম, বৰ্ষি জলধৰ
জনালে বিশ্বক বাৰিষাৰ আগমন।
সিংহ, বাঘ, ঘোং আদি বনৰীয়া পশু,
ভৈয়াম প্ৰদেশ এৰি, গুহাৰ ভিতৰ
লভিলে আশ্ৰয় সুখে। কাল বিষধৰো
মহাবেগে এৰি গীত ওলাল নিমিষে।
শৰতৰ সুধাময় কিৰণ শীতল
ভূধৰ শিৰত পৰি বিশ্ব বিমোহন,
মাৰি হাঁহি মিচিকিয়া মোহ জগতক
দেখুৱালে ৰূপৰাশি; কৰিলে ঘোষণা,
বিশ্ব-খনিকৰ-কীৰ্ত্তি দিগ্ দিগন্তৰ।
শুকাল নিয়ৰ পৰি গছ লতা পাত,
দুৰ্জ্জয় সিংহৰ বল টুটিল জাৰত।
বোকা-পানী পালে লয়; নদ-নদী-জুৰি,
ক্ৰমে ৰেখাকাৰ হৈ সৃষ্টিৰ পটত,
দেখুৱালে ভাবুকক, সুন্দৰ ভাবেৰে
বিষম জীৱৰ দশা; বিষম কালৰ
বিষম কুটিল গতি এই বসুধাত।
পুনৰপি বসন্তৰ শুভ আগমনে
মেলে পাত গছলতা; শুকান ফুলনি
উপচিল ফুলে ফলে, হাঁহিলে প্ৰকৃতি
শোভিল বসুধা-বুকু দিব্য জেউতিৰে
নন্দন কানন সম! চৰায়ে উলাহে,
বসন্তৰ প্ৰিয় সখী কুলিৰ লগত
কৰিলে আৰাৱ শুনি কুউ গান তাৰ।
কিন্তু চিৰদিন কাৰো নাযায় সমানে
ভোগে জীৱ সুখ দুখ পাল অনুসাৰে।
ঘূৰিছে নিয়তি চক্ৰ একেৰাহে সদা,
তাৰে লগে লগে আহে যায় ঋতু ছয়
সুনিয়মে প্ৰকৃতিৰ মৰম কোলাত।
ইদৰে সংসাৰ-সোঁত কত পাৰ হল,
তথাপি হে মহাযোগি। আপোনাৰ তাত
নগল এবাৰো চকু। একে ভাবে মাথোঁ
ৰাখিলা অটল ভাবে জীৱনৰ তৰি
বিপদ-ধূমুহা মাজে কাল-সাগৰত
শিলা প্ৰতিমূৰ্ত্তিৰূপে নিৰ্জীৱ অচল
বহি যোগ-আসনত ধ্যান-নিমগন।
জাৰৰ নিয়ৰ পানী নাইবা জহৰ
চোকা সূৰুযৰ তাপ, কোনোৱে তোমাৰ
নোৱাৰিলে ওপজাব কোনো আহুকাল।
বসন্তৰো ফুলা ফুল আৰু শৰতৰ
কৌমুদীৰো সুধা হাঁহি, কোনোৱে তোমাক
হাজাৰে কৌশল কৰি কোনো উপায়েৰে
নোৱাৰিলে হহুঁৱাৰ ক্ষন্তেকো কাৰণে।
বাৰিষাৰো মেঘ-মালা মূষলৰ ধাৰে
ঢালি পানী দিনে ৰাতি, লাজতে দোঁৱালে
শিৰ, নোৱাৰি ভাঙ্গিব, ই-কঠিন যোগ।
ধন্যহে সুব্ৰতী তুমি এই সংসাৰত
কোন আছে এনে, সংসাৰ বাসনা ত্যাগী।
কি কঠোৰ মহাযোগ সাধিলা যতনে!
কোনেনো শুনিছে ক’ত ৰাজপুত্ৰ হৈ
জগতৰ হিত অৰ্থে উছৰ্গি পৰাণ
সাধিছে ঈশ্বৰ ঠাই যোগাসন কৰি
সংসাৰৰ সুখ-ভোগ তুচ্ছ-বোধ কৈ
এৰি ৰাজ অভিমান, ৰাজ-সিংহাসন
কি উপায়ে জীৱ, জৰা-মৃত্যুহীন হৈ
লভিব নিৰ্ম্মাণ অন্তে মহা নিৰ্ব্বাণত।
ধন্যহে শাক্যজ-কূল-গৌৰৱ ভাস্কৰ!
উজলালা তিনি কূল জ্ঞান-কিৰণেৰে
জিনি ৰিপুচয়! লভিলা মুকুতিযোগ
সাধি মহাযোগ, বহি বোধি-বৃক্ষতলে
যি কাৰণে লোকে আহি পূজে বুদ্ধ নামে।
জাতিনিৰ্ব্বিশেষে শিকালা পৰম জ্ঞান
জগতৰ জীৱে। আলোচনা অধিকাৰ
দিলা সৱে চাৰি বেদ চৈধ্যও শাস্ত্ৰৰ।
উচ্চ সুৰে সাম্য মন্ত্ৰ কৰি উচ্চাৰণ
ঘুষিলা বিশ্বত “অহিংসা ধৰ্ম্মৰ সাৰ।”
লভিলা ‘সিদ্ধাৰ্থ’ নাম সিদ্ধ কৰি কাম।
নিঃশেষিলা মহাব্ৰত, জিকিলা ৰণত
লভিলা অনন্ত কাৰ্ত্তি, অক্ষয় জীৱন।
দেখুৱালা জগতক প্ৰকৃতি পটত
মিছা ৰাজা, ৰাজ্য-লীলা, মিছা দাৰাসুত
মিছা ধন, জন, বল, জল-বিম্ব-সম।
নিজ কৰ্ম্ম দোষে জীৱ জন্মি বাৰে বাৰ
ফলাফল ভোগে এই মৰত ভিতৰ।
গধূলি।
ধীৰে দেৱ দিৱকৰ অস্তগিৰি গৈ
জনালে এফাল বিশ্বে দিন শেষ হয়।
গালে পখী, দিশ জুৰি বিদায় সঙ্গীত,
বিৰহতে প্ৰকৃতিৰ ক'লা হ’ল চিত।
একে ৰঙে দুই ভাৰ, দুফালতে দিলে
উদয়াস্ত অস্তোদয়, গোলকে জানিলে।
দিনচৰ জীৱে কাৰ্য্য-ক্ষেত্ৰ পৰিহৰি,
ঘৰলৈ ললে বাট বেগাবেগি কৰি।
গৃহী জনে সন্ধ্যাদীপ জ্বলাই নিয়মে
আচৰি মঙ্গল, প্ৰেমে বিভু পদ নমে।
প্ৰতি ধৰ্ম্ম মন্দিৰতে উচ্চাৰিত হয়,
ৰাখা নিৰাপদে জীৱে “হে মঙ্গলময়!
তোমাৰে বিধানে সৃষ্টি এই গধূলিৰ
জগতৰ জীৱে দিব শান্তিসুখ নীৰ।
যদিও সুখৰ এই নিৰূপিত কাল,
লগে লগে তাৰ হলে আছে আহুকাল।
মিলন-বিৰহ দুটা নিয়তি-নিয়ম
সম্পদ আপদ দুয়ো জগতৰ ক্ৰম।
সুকাজত বিঘ্ন বেছি ঘটে দিনে ৰাতি,
শান্তিৰ মাজত পৰে অশান্তিৰ চাটি।
নিৰাপদ জগজীৱ তযু শাসনত
তুমিয়ে জুৰণি দিয়া তাপিত প্ৰাণত।
বিপদে সম্পদে তুমি জীৱৰ সহায়
তুমি অবিহনে জীৱ জড়ভাৱ পায়।
দয়াৰ্ণৱ! ৰাখি এই দয়া বাৰে বাৰ
শান্তিতে গধূলি যেন নিয়া সবাকাৰ।”
চেন্লাকৰ যুজ।
১০৬৬ খ্ৰীষ্টাব্দত ইংলণ্ডেশ্বৰ প্ৰথম এড্ওৱাৰ্ড স্বৰ্গী হয় আৰু ইংলণ্ড দেশৰ ওৱেচেক্স্ প্ৰদেশৰ আৰ্ল (জমীদাৰ) গড্উইনৰ পুত্ৰ হেৰান্ড বাজসিংহাসনত বহে। সংবাদ পাই ফ্ৰান্স দেশ অন্তঃপতী নৰ্ম্মাণ্ডী প্ৰদেশৰ ৰাজকোঁৱৰ উইলিয়মে অলেখ নৰ্ম্মান্ সৈন্য লগত লৈ, ইংলণ্ড আক্ৰমণ কৰেহি। ১৩ই অক্টোবৰ তাৰিখে হেষ্টিংসৰ প্ৰায় ৭ মাইল দূৰৈত “চেন্লাক” পৰ্ব্বতৰ ওপৰত উভয় পক্ষে ঘোৰ যুদ্ধ হয়। যুদ্ধত ইংৰাজ সৈন্য সম্পূৰ্ণৰূপে পৰাজিত হয়, হেৰাল্ড যুদ্ধক্ষেত্ৰত প্ৰাণ পৰিত্যাগ কৰে। বিজয়ী উইলিয়াম মহাসমাৰোহে ৰাজধানী সোমায় আৰু ৰাজপাটত বহি নিজক ৰজা বুলি ঘোষণা কৰে।
হেতু—১ বিজয়ী উইলিয়াম ইংলণ্ডেশ্বৰ এড্ওৱাৰ্ডৰ সম্বন্ধত মায়েকৰ পিনেৰে ভায়েকৰ পুতেক আছিল। উইলিয়মে এসময়ত এড্ওৱাৰ্ডৰ লগত সাক্ষাৎ কৰিবলৈকে ইংলণ্ডলৈ গৈছিল। এড্ওৱাৰ্ড অপুত্ৰক থকায় উইলিয়ামক আশা দিছিল যে, তেওঁ অবিহনে ইংলণ্ডৰ সিংহাসন তেওঁকে সপিব।
২-ফৰাচী দেশৰ সাগৰ দাঁতিত কোনো এসময় হেৰাল্ডৰ জাহাজ ধ্বংশ হয় আৰু হেৰাল্ডে উইলিয়ামৰ হাতত বন্দী হয়। ছেগ বুজি উইলিয়ামে হেৰাল্ডক এনেভাবে শপথ বঢ়াই বন্দীৰ পৰা মোকলাই দিয়ে যে এড্ওৱাৰ্ডৰ অবৰ্ত্তমানে হেৰান্ডে, ৰাজসিংহাসনত উঠোতে উইলিয়ামক প্ৰাণপণে সহায় কৰিব। কিন্তু এড্ওৱাৰ্ড স্বগী হলত যেতিয় হেৰল্ডে নিজে ৰাজপাট অধিকাৰ কৰিলে তেতিয় উইলিয়াম ক্ৰোধত অধীৰ হৈ অলেখ নৰ্ম্মান্ সৈন্য লগত লৈ ইংলণ্ড আক্ৰমণ কৰে।]
( ১ )
বাজিছে সমৰ ভেৰি, ইংলণ্ড কঁপাই,
ইংৰাজ-নৰ্ম্মাণ, সৈন্য, ভাবি নিজে নিজে ধন্য,
মহাদাপে, বীৰতেজে, আত্মগৰিমাই
মাজে মাজে ৰণক্ষেত্ৰ চায় ভূমুকাই।
( ২ )
সাহসী ইংৰাজ সৈন্য শাৰি শাৰি হৈ,
চেন্লাক পৰ্ব্বত জুৰি, শিৱিৰ স্থাপনা কৰি
ঘূৰিছে বীৰৰ তেজে অস্ত্ৰ শস্ত্ৰ লৈ,
‘নিকালি’ নৰ্ম্মাণে গাব ‘মাভৈ’ ‘মাভৈ’।
( ৩ )
নৰ্ম্মাণ্ সৈন্যও মহাবীৰ দাপ কৰি,
টেল্হাম পৰ্ব্বতব্যাপী, আপোন কটক স্থাপি,
গাইছে উৎসাহ গীত সবে প্ৰাণ ভৰি,
বহাব ‘ডিউকে’ ৰাজ-আসন উপৰি।
( 8 )
বাজিল সমৰ ভেৰি দিগন্ত কঁপাই,
যতেক নৰ্ম্মাণ্ বীৰ, লৈ অসি ধনু তীৰ,
আগুৱান হল তেজে বীৰ গাঁথা গাই,
ৰণমদে চেন্লাক-পৰ্ব্বত-ভূমি চাই।
( ৫ )
মহাৰাজ হিৰাল্ড, যুজৰ আগ ধৰি,
শাৰি যুক্ত সৈন্য জাকে, সম্ভাষি মধুৰ বাকে,
দিলে উপদেশ সবে যতনে সাদৰি,
এটি কথা বীৰ-বৃন্দ শুনা কাণ কৰিঃ-
( ৬ )
“সাগৰ উত্তৰি চোৱা ডিউক উইল্যাম্
সঙ্গে কৰি অগণন, সুনিপুণ বীৰগণ,
আহিছে পৰাজি মোক কৰি ঘোৰ ৰণ,
লভিব উৎসাহে ইংলণ্ডৰ সিংহাসন।”
( ৭ )
“আহক আহিছে তাত নাই কোনো ভয়;
আক্ৰমোক আমাসবে, যুজোক বিজয় ৰবে,
নহবা চঞ্চলমতি ভাবি পৰাজয়,
এয়ে অনুৰোধ মোৰ, শুনা বীৰচয়।”
( ৮ )
“নৰ্ম্মাণৰ অশ্বাৰোহী সাহীয়ালবৰ,
যাতে এই সৈন্যদল, নাপায় সুবিধা বল,
ইহেতু প্ৰাণান্তে নেৰি পাৰ্ব্বতীয় থল,
থাকিবা নিশ্চলভাবে, দেখিবা সুফল।”
( ৯ )
ইংৰাজ সেনানী সবে ৰাজোৎসাহ পাই,
খাকি শান্ত ভাব ধৰি, সুযোগ অপেক্ষা কৰি,
হাতত পৰশু লৈ ভাগ্যক ধিয়াই,
গালে যুদ্ধ জয় গীত টেল্হাম্ কঁপাই।
৩
( ১০ )
বজালে বাজিল ভেৰী, সমৰ গভীৰ,
যতেক নৰ্ম্মাণ সৈন্য, ভাবি আত্ম-তেজ ধন্য,
আক্ৰমিলে ইংৰাজৰ পাৰ্ব্বত্য শিৱিৰ,
বৰষি ধনুক ধৰি কোটি লক্ষ তীৰ।
( ১১ )
হাৰিল নৰ্ম্মাণ্, সৈন্য সমৰ ক্ষেত্ৰত,
নাচালে পিছৰ ফালে, যেয়ে যেনি বাট পালে,
পলাল আঁতৰি সবে প্ৰাণৰ ভয়ত,
নামিল পৰ্ব্বত তলী ইংৰাজ হৰ্ষত,
( ১২ )
উঠিল সমৰক্ষেত্ৰ ধ্বনি এই কথা :-
“ডিউক” নিধন হল, ’হিৰাল্ডৰ’ জয় হল,
মৰিল নৰ্ম্মাণ্-বীৰ পৰি যথা তথা,
ইংৰাজৰ জয় ৰৱ উঠিল অযথা।
( ১৩ )
ডিউকে আগতে এই দশা দেখি পাই,
ছত্ৰভঙ্গ সৈন্যে চাই, শিৰস্ত্ৰাণ গুচোৱাই
কলে উচ্চস্বৰে, সবে “কোনো ভয় নাই,
জিনিম চেন্লাক যুজ ঈশ্বৰ ইচ্ছায়।”
( ১৪ )
ডিউক জীৱিত জানি পলায়িত সৈন্য,
ঘূৰি চাই ৰণ-স্থলী, তিষ্ঠিয়ে কিঞ্চিত বেলি,
বাহুৰিল আৰুবাৰ, ঘৃণি নিজ দৈন্য,
জিনি ৰণ, নায়কৰ পাব খ্যাতি ধন্য।
( ১৫ )
আবেলি ৰণক্ষেত্ৰ দুগুণে কঁপাই,
বাজিল সমৰ ডঙ্কা, ভাৱিলে ইংৰাজে শঙ্কা,
গালে ডিউকৰ জয়, নৰ্ম্মাণে ঘনাই,
কাটিলে হিৰাল্ড-সৈন্য, ভৈয়ামত পাই।
( ১৬ )
দুয়ো দলে ঘোৰ যুজ লাগিল দুনাই,
ধনু কাঁৰ তীৰ লৈ, বিপুল সংগ্ৰাম কৈ,
মৰিল অনেক সৈন্য লেখা জোখা নাই,
তেজেৰে পৰিল সোঁত, চেন্লাক বুৰাই।
( ১৭ )
চতুৰ ডিউকে বুজি সমৰ কৌশল,
প্ৰৱঞ্চিব ইংৰাজক, হল নিজে পলাতক,
সঙ্গে কৰি আপোনাৰ যত সঙ্গীদল,
আনিব নমাই ৰিপু পৰ্ব্বতৰ তল।
( ১৮ )
ফলিল সুফল, হিৰাল্ডৰ সৈন্যদল,
অতি উৎসাহিত হৈ, কুঠাৰ হাতত লৈ,
পৰিহৰি পৰ্ব্বত স্থাপিত ব্যূহ-স্থল,
ললে পা*নৰ্ম্মাণৰ, আহি গিৰিতল।
( ১৯ )
ভাঙিল হিৰাল্ড ভাগ্য, ঘটিল প্ৰমাদ,
*****, পালে অস্ত গিৰিবৰ,
দেখিল ইংলণ্ড, ঘোৰ আন্ধাৰ বিষাদ,
সাধিলে বিধাতা আজি পৰাজয় বাদ!
( ২০ )
চতুৰ ডিউকে দেখি অভীষ্ট সাধন,
***** হলে, উভতিল দলে বলে,
** ইংৰাজ সৈন্য যেনে নল বন,
দলে মদমত্ত কৰী উল্লালিত মন।
( ২১ )
** হা*ত লৈ হিৰাল্ড সুজন,
***** যুজি প্ৰাণ-পণ কৰি,
***** হৰৱাই দক্ষিণ নয়ন,
***** ভগ্নোৎসাহ মন।
( ২২ )
বাজিল বিজয়-ভেৰি, “ডিউকৰ জয়।”
লগে লগে চাৰি বাৰ, প্ৰকৃতিত সুগভীৰ,
বিনাশি হিৰাল্ডে লব প্ৰসাদ বিজয়,
গলা দ্ৰুত চেন্লাকত, চৰি যুদ্ধ হয়।
( ২৩ )
ললে কাঢ়ি ইংৰাজৰ বিজয় কেতন,
“কুলাঙ্গাৰ কাপুৰুষ, এই তোৰ ৰাজ্য সুখ,
ইদৰে হিৰান্ডে বুলি নানা দুৰ্ব্বচন,
অসিৰ আঘাতে বীৰে কৰিলে নিধন।
( ১৪ )
ধন্য হে হিৰাল্ড তুমি বীৰৰ প্ৰধান,
যোৱা দেৱ ৰথে চৰি, তেজে দিক জ্যোতি কৰি,
সুৰ সমাজত পাবা বিহিত সম্মান,
লভি যুগান্তৰলৈ সুউচ্চ সুস্থান।
⸻
বালীৰ প্ৰতি তাৰা।
⸺:•:⸺
বৰ্ত্তমান দক্ষিণ ভা তত তাহানি কিস্কিন্ধ্যা নামেৰে এখন ৰাজ্য আছিল। বালী অৰু সুগ্ৰীব এই ৰাজ্যৰ ৰজা অক্ষয় নামে নৰপতিৰ কোঁৱৰ। ৰজাৰ মৃত্যুৰ পাছত বালী সিংহাসনৰ গৰাকী হব। দুই সহোদৰৰ ভিতৰত বহুদিনলৈ প্ৰীতি ভাব চলে কিন্তু কাল গতিত শেষত মনান্তৰ হয়। বালীয়ে সুগ্ৰীবক ৰাজ্যৰ পৰা আঁতৰাই দিয়ে। উপায়হীন সুগ্ৰীব পঞ্চ মন্ত্ৰী সৈতে ঋষ্যমুখ পৰ্ব্বতত গৈ আশ্ৰয় লয়। ইতিপূৰ্ব্বে মাতঙ্গ নামে মুনিষৰ শাপ আছিল যে বালী এই পৰ্ব্বতলৈ গলেই প্ৰাণ হেৰুৱাব, কাজেই সুগ্ৰীব বালীভয়ৰ পৰা নিশ্চিন্ত হৈ ইয়াতে বাস কৰি আছিল।
পঞ্চবটী বনৰপৰা লঙ্কেশ্বৰ ৰাৱণে সীতাক হৰণ কৰি ললে, ৰাম-লক্ষ্মণ সীতাৰ উদ্দেশে গৈ এই পৰ্ব্বততে সুগ্ৰীৱ সৈতে মিত্ৰতা পাশত আবদ্ধ হয়। সুগ্ৰীৱে ৰাজ্য ঘূৰাই পালে সীতা-উদ্ধাৰ কাৰ্য্যত ৰামক সহায় কৰিব বুলি প্ৰতিজ্ঞা কৰে আৰু ৰামচন্দ্ৰও এই অনুযায়ী সুগ্ৰীৱক প্ৰতিশ্ৰুতি দিয়ে। উৎসাহ পাই সুগ্ৰীৱ কিষ্কিন্ধ্যাহাৰত গৈ যুদ্ধাৰ্থে বালীক আহ্বান কৰে কিন্তু যুদ্ধত সম্পূৰ্ণ পৰাজিত হয় আৰু কথমপি কাণে কাণমাৰি ঋষ্যমুখ পাই প্ৰাণ ৰক্ষা কৰে। ৰামৰ পৰা সাহায্য নেপোৱা হেতু সুগ্ৰীৱে ৰামক তিৰস্কাৰ কৰিলে, ৰামে বালী- সুগ্ৰীৱক চিনিব নোপোৱা হেতু কোনো কাৰ্য্য নহল বুলি কাৰণ দেখুৱায় আৰু পিছদিনা চিহ্ণাৰ্থে পুস্পমালাৰে সুগ্ৰীৱক ভূষিত কৰি, নানা উৎসাহ বাক্যে উৎসাহিত ক্ৰমে যুদ্ধাৰ্থে কিষ্কিন্ধালৈ পঠায়। মহাৰাজ বালী এই পুনৰাহ্বানত অতি ক্ৰোধান্বিত হৈ যুদ্ধাৰ্থে সাজু হলে ৰাজ-পাটেশ্বৰী মহাদেবী তাৰায়ে স্বামীক এই প্ৰবোধয়াকো নিবেদন কৰিছিল:—
(১)
কৰিছো প্ৰণতি, শুনা কপিপতি!
তাৰাৰ জীৱন ধন,
অকাৰণ দেখোঁ, ভাতৃসহ বাদ,
পৰিহৰা ক্ৰোধ মন।
শুভাশুভ চিন্, অনুসৰি মোৰ,
আতি বিয়াকুল চিত;
নকৰা চৰণ- দাসীক অনাথ,
ভাবি আত্মপৰ হিত।
গত শেষ নিশা, দেখিলোঁ সপোন,
যেন তুমি প্ৰাণপতি!
কোনো এক ৰাজ- তনয়ৰ বাণে,
লভিছা অনন্ত গতি।
কিষ্কিন্ধ্যাৰ ৰাজ, সিংহাসনোপৰি,
অতি হৰষিত হৈ,
বহিছে সুগ্ৰীৱ, মহাৰাজাৰূপে,
ৰাজ-দণ্ড হাতে লৈ।
চকুৰ আগতে, দেখো অলক্ষণ,
বিনা মেঘে বজ্ৰপাত,
ঘনে ভূমিকম্প, ৰথ-ধ্বজ ভঙ্গ,
ঘনে ঘনে উল্কাপাত।
( ৬ )
বিনা কাৰণতে, দেউল মন্দিৰ,
খঁহি পৰে পৃথিৱীত,
শিয়ালৰ ৰৱে, কিষ্কিন্ধ্যা ধ্বনিছে,
ইকি দেৱ! আচৰিত?
( ৭ )
থাকি থাকি মোৰ, দক্ষিণ নয়ন,
নাচিব ধৰিছে ঘনে,
মুহুৰ্ত্তে মুহূৰ্ত্তে, উত্ৰাৱল ভাবে,
কান্দে প্ৰাণ প্ৰতিক্ষণে।
( ৮ )
আৰু এক কথা, চোৱা প্ৰাণনাথ!
তযু, ভয়ে যি সুগ্ৰীৱ;
নাহি ছিল নামি, ঋষ্যমুখ এৰি,
ভাবি আপোনাৰ শিৱ।
( ৯ )
তেনে জন কালি, হাৰিও যুজত,
আজি আৰু পুনুবাৰ,
কাৰ বল পাই, ৰণ সাজ লৈ,
আহিল কিষ্কিন্ধ্যা-দ্বাৰ?
(১০)
শুনো বোলে ৰাম, সূৰ্য্যবংশধৰ,
ভ্ৰাতা, ভাৰ্য্যা সঙ্গে কৈ,
পিতৃ-সত্য-হেতু, আহি অৰণ্যত,
চতুৰ্দ্দশ বৰ্ষ লৈ :-
( ১১ )
পঞ্চবটী বনে, তপস্বীৰ বেশে,
আছিল কুটীৰ কৰি,
তাৰে পৰা তাৰ, প্ৰিয় ভাৰ্য্যা সীতা,
ৰাৱণায় নিলে হৰি।
( ১২ )
পিছে সীতা খুজি, আহোঁতে দুভায়ে,
ঋষ্যমুখ পৰ্ব্বতত,
সুগ্ৰীৱেৰে ৰামে, কৰিলে মিত্ৰতা,
ৰাখি অগ্নি সমুখত।
( ১৩ )
মোৰ মনে ধৰে, এই দুই ভাইয়ে,
কৰিছে সহায় তাক,
ই কাৰণে নাথ! এৰা যুদ্ধ সাজ,
শুনা অধিনীৰ হাক।
( ১৪ )
আৰু এক কথা, সুগ্ৰীৱ তোমাৰ,
নিজ সহোদৰ ভাই,
তাৰে সৈতে নাথ! চিৰকাল বাদ,
মোৰ মনে নুযুৱাই!
( ১৫ )
পৰিহৰা কোপ, শুনা উপৰোধ,
তাৰাৰ হৃদয় বিত,
মহান্ হৃদিৰ, প্ৰেম-আলিঙ্গনে,
তোষা সুগ্ৰীৱৰ চিত!
—০—
কৃপণ আৰু কুবেৰ।
(১)
মাজ নিশা অন্ধকাৰ নিতাল জগত,
কঁপিছে প্ৰকৃতি ধুমুহাৰ প্ৰতাপত!
কেৱলে বিজুলী দেবী, মাজে মাজে নিজ ছবি,
প্ৰকাশিছে ৰৈ ৰৈ, শূন্যৰ কোলাত,
পোহৰাই দূৰ বস্তু এই বসুধাত।
(২)
কাম-কৰ্ম্মী দুয়ো এবে শান্তিৰ বুকত
লভিছে জিৰণি যুজি; জীৱন যুজত।
জননী সন্তান-বুকে, নিদ্ৰা যায় মহা সুখে,
কেৱল কৃপণ এক অসাৰ চিন্তাত,
ভুগিছে অসুখ তাৰ সুখদা শয্যাত।
শূন্যমাৰ্গে যেয়ে মেঘে গাজে সঘনাই
কৃপণ চমকি উঠি চাৰি পিনে চায়।
কি জানি কোনোৱে তাৰ, নিবলৈ ধন-ভাৰ,
নেদেখা ভাৱেৰে আহি ঘৰত সোমাই,
পেৰা মেলি সকলোকে নিয়ে আঁতৰাই।
চকুত টোপনি নাই ভাৱত আকুল
ধৈৰ্য্যহীন যেনে বন দগ্ধ-মৃগীকুল।
“কি হব, কলৈ যাম”— “কত যাই লুকুৱাম”
“কি জানো কোনোৱে নিয়ে”—এই চিন্তামূল,
এই চিন্তা জুয়ে তাক কৰিলে বাতুল।
নাপালে পৱিত্ৰ শান্তি নিদ্ৰাৰ কোলাত,
শয্যা এৰি নানা কথা ভাবিলে হিয়াত।
ক্ষণেক নিচুকি ৰৈ, ইপিনে সি পিনে গৈ,
এখোজ দুখোজ কাঢ়ি আন্ধাৰ কোঠাত,
ফুৰিলে টহালি নানাৰূপ কু-চিন্তাত।
চমকে প্ৰতিটো খোজে, কঁপেও সঘনে।
ব্যাধ-পাশ-বিমুক্তা হৰিণী যেনে বনে।
এবেলি উভতি চাই, আৰু বেলি আগুৱাই,
যেন তাৰ পিছ ধৰিছেহি কোনো জনে,
গুপ্ত ভাৱে অমঙ্গল ঘটাবৰ মনে।
চুক্, কোণ, ঘৰটিৰ চালে, ভাল কৰি
প্ৰতি পেৰা, প্ৰতি তালা, প্ৰতিটো পেটাৰি।
দেখিলে সকলো তাৰ, আছে পৰি পূৰ্ব্বাকাৰ,
য’তে যিবা সাঁচিছিল সংগোপন কৰি,
অতি যতনেৰে দূৰ অতীজকে ধৰি।
তথাপি মনত শান্তি লভিব নোৱাৰি,
মেলি গৈ ধন-পেৰা লৰালৰি কৰি।
দেখি অপ্ৰমিত ধন, আনন্দে বিভোৰ মন,
চাই ৰল যেনে মন্ত্ৰ-মুগ্ধ কালফণী,
অথবা অজ্ঞান মৃগী, বাঁহী-ৰৱ শুনি।
বিবেক শক্তিয়ে কিন্তু, এবে অকস্মাৎ
খুন্দিয়ালে আহি তাৰ পঙ্কিল হিয়াত্।
দিলে দেখুৱাই তাৰ, কৰ্ম্মফল আপোনাৰ,
নিন্দিলে নিজকে নিজে হৃদি-আবেগতে,
আৰম্ভিলে গাৰ আত্ন-পাপ এই মতে।
“যদিহে পৃথিৱী মোৰ দুখে দুখী হৈ,
এই ধন, বুকু মাজে লুকুৱাই লয়।
তেনেহলে মোৰ পাপ, হৃদয়ৰ দুখ-তাপ,
আপুনি গুছিলে হৈ, শান্তি-সুখ পাই,
কিন্তু হায়! ধৰ্ম্ম আজি পৃথিৱীত নাই।”
কিবা প্ৰায়শ্চিত্ত কৈ, হে কৰুণাময়!
এই ঘোৰ মহাপাপ গুছুৱাম মই?
হে সৎগুণ বিনাশক, পাপী ধন, প্ৰৱঞ্চক!
বলহীন নৰে কোনোকালে কদাচিত,
পাৰে নে কৰিব তোৰ শক্তি পৰাজিত?
“তইয়ে পৱিত্ৰ ভাব মানৱ-আত্মাৰ,
কৰিছ বিনাশ, মাথোঁ নাম আছে তাৰ;
তইয়ে সংসাৰ জুৰি, যত ধৰ্ম্ম কৰ্ম্ম পুৰি,
পেলাৱ পাপৰ গুটি সকলো ঠাইত,
হত্যাকাৰী-হত্যা কৰে তোৰেই ফাঁকিত।”
“ভীৰুভাৱ শিকি নৰে তোৰে মোহিনীত,
বিশ্বাস হেৰাই কীৰ্তিনাশে পৃথিৱীত;
এনে ভাবে কত ক্ষতি, ঘটিছে আজিকো প্ৰতি
লেখিলেও অন্ত তাৰ নোহে কদাচিত,
কৰ্ম্মহীন বিশ্ব আজি পাপে আৱৰিত।”
ইদৰে কৃপণে বকি ব্যাকুল অন্তৰে,
হুমুনিয়া কাঢ়ি চাই বল একে থৰে;
এনেতে ধনৰ পতি, যক্ষৰাজ মহামতি
আগতে দিলেহি ঠিয় ক্ৰোধাবিষ্ট মনে,
মাৰিলে পেৰাৰ চাবি ভয়তে কৃপণে।
কবলৈ ধৰিলে ছায়াৰূপী ধনপতি,
“পাপিষ্ঠ নিৰ্ব্বোধ তই অকৃতজ্ঞ মতি!
তোৰ দৰে নীচ জনে, এনে দৰে সৰ্ব্বক্ষণে,
নিন্দে মোক, নিন্দে মাথোঁ মোৰ দয়াৰাশি,
পাপ প্ৰলোভন-আশে নিজগুণ নাশি।
নৰাধম! মই কি মানব আত্মা কৰোঁ কলুষিত,
সৰ্ব্বদোষে দোষী তোৰ ধনলোভী চিত!
মোৰ দত্ত কৰুণাৰ, দেখি অপব্যৱহাৰ,
মই কি নিন্দাৰ যোগ্য এই পৃথিৱীত,
মোত দোষ নাই, দোষী তোৰ লুব্ধ চিত।”
( ১৭ )
“কত শত প্ৰৱঞ্চকে ধৰ্ম্মনাম কৰি,
ফুৰিব ধৰিছে ঘূৰি অৰ্থকে বিচাৰি;
কিন্তু যদি ক্ষমতা, কোনো এটি গুৰুভাৰ,
সমৰ্পণ কৰা যায় ইসৱৰ প্ৰতি,
বাঢ়ে অত্যাচাৰ, হয় উপদ্ৰৱী অতি।”
(১৮)
“এনে দৰে অত্যাচাৰী নানা উপায়েৰে,
যেতিয়া ধনৰ পেৰা, ধনে পূৰ কৰে;
তেতিয়াৰ পৰা তাৰ, বাঢ়ে লোভ অহঙ্কাৰ,
আৰু নানা পাপে আহি মনক আৱৰে,
যি পাপ মামৰে, তাৰ হৃদি ক্ষয় কৰে।”
(১৯)
“কিন্তু যদি এই শক্তি সাধুজনে পায়,
ত্ৰিভুৱন সুখে তাৰ যশোগীত গায়,
সকলোকে সমভাৱে, চেনেহ অমিয়া দিয়ে,
যেনে বৰষুণ পানী জগৎ জুৰায়,
যাৰ বলে ধৰা উৰ্ব্বৰতা শক্তি পায়।”
(২০)
“দেখিলে দুখীৰ দুখ ওপৰতে পৰে,
আৰু যাতে লভে সুখ তাৰে চেষ্টা কৰে;
জনক জননী মৰা, দেখিলে ছোৱালী লৰা,
শুনে সিহঁতৰ দুখ সহানুভূতিৰে,
বিধবাৰো চকুপানী মোছে দুহাতেৰে।”
(১১)
কিন্তু যদি ধন-লোভে সাধি পাপ কাম,
আত্ম-দোষ নিদি সিটে, নিন্দে মাথো ধন।
তেন্তে যিটে হত্যাকাৰী, বধে লক্ষ কোটি অৰি,
নোহে নিন্দনীয় সিও দুষ্ক্ৰিয়া কাৰণ,
কেৱল নিন্দাই তাৰ তৰোৱালখন।
⸻
এটি ভাব।
(১)
নিশা পৰভাতে, পুৱাৰ আকাশ,
ৰজত বৰণ হল,
নিয়তি জাগিল, উৰুলী পৰিল,
বিশ্ব-মোহ-ভাৱ গ'ল।
( ২ )
আন যত পখী, নিজ বাঁহ এৰি,
গছৰ ডালত পৰি,
যেয়ে যেনি পালে, সেয়ে তেনি গল,
বিভুগুণ গান কৰি।
(৩)
শীতল বতাহে, জগত জুৰালে,
বলি ৰিৱ ৰিৱ কৈ,
নাই দুখ-শোক, জীৱ হৰ্ষ মুখ,
নতুন পৰাণ লৈ।
(8)
লাহে লাহে শুধ্, ৰূপালী ৰঙত,
পৰি সোণোৱালী ৰেখা,
দেখুৱালে বিশ্বে, চকু পচাৰতে,
অদভুত চিত্ৰ-লেখা।
(৫)
ঘূৰিছে চকৰি, অতি সুনিয়মে,
নাই জিৰণিৰ কাল,
অহা বা আহিছে, যোৱা গৈয়ে আছে,
যেন দিয়ে সৱে পাল।
( ৬ )
বাৰ, তিথি, মাহ, বৰ্ষ, ঋতু ছয়,
ঘূৰি এটা পিছে আন,
দেখুৱায় বিশ্ব,—নাট দেখোঁতাক,
নানাৰূপ ঠান্বান্।
( ৭ )
তাৰে মাজে মাজে, নানাৰূপ পট,
পৰি অলক্ষিত ভাৱে,
ভাৱনাৰ যত, ভাৱৰীয়াবোৰে,
অলপ জিৰণি দিয়ে।
(৮)
আচৰিত ভাৱ, দেখি মোহ পাওঁ,
কবয়ে নোৱাৰো একো,
চিত্ৰৰ পুতলী সম তধ লাগি,
একে ধিয়ানেৰে থাকোঁ।
( ৯)
মূহূৰ্ত্ত পৰতে, এই পট পুনু,
উঠিলেই অভিনয়,
সংসাৰ নাটৰ, এয়ে মহানাট,
বোলে যত বুধচয়।
(১০ )
যিপিনে পোনাওঁ, সিপিনেই দেখোঁ,
সবে যেন তদভুত্,
ক’ত বা আছিলোঁ, কলৈ আহিলোঁ,
নাই তাৰ কোনো দূত।
( ১১ )
নানা তৰহৰ, নানাৰূপ ভাৱ,
এই আহে এই যায়,
তাৰে লগে লগে, ভাৱৰীয়াবোৰো,
চকুৰেও দেখা দায়।
( ১২ )
শেষ যৱনিকা, পৰিলেই হয়,
কৃত্ৰিম ভাৱৰ অন্ত,
সংসাৰ নাটৰ, লীলা-খেলা কিন্তু,
চাৰিও যুগে অনন্ত।
( ১৩ )
আমি মহা মূৰ্খ, সি কাৰণে ইহ—
ক্ষণিক সুখৰ আশে,
হেৰুৱাইছোঁ নিজ, মহামূল্য জ্ঞান,
আপোন বুধিৰ দোষে।
( ১৪ )
লোভে পাপ সিজে, পাপত মৰণ,
মহাজন বাক্য শুনো,
তথাপিটো মোহ- জালে পৰি হায়।
নাভাবোঁ এতিলমানো।
(১৫ )
পদ্ম-পত্ৰ-জল, কৰে টল্ মল,
পৰিলে পাবৰ নাই,
নশ্বৰ ধৰাত, নশ্বৰ জীৱনো,
সমতুল তুলনায়।
( ১৬ )
কত তপস্যাই, নৰ-তনু পাই,
যদি নিওঁ অবাৱত,
চকু-লোৰে বাট, নাপাম ধৰাত,
প্ৰাণ যাব অকালত।
⸻
শৰত৷
বাৰিষাৰ শেষে চোৱা সুখৰ শৰত,
পিন্ধি উৰি দিলে দেখা জগত-পটত।
আকাশ ডাৱৰ হীন দিক্ সুনিৰ্ম্মল,
মোহন মূৰতি হল সকলো ধৱল।
সুধাকৰো সুধা-কৰ কৰি বিতৰণ,
তুষিলে যতনে প্ৰিয়া কুমুদিনী-মন।
বৰষুণ বতাহৰ ভয় আৰু নাই,
বাট ঘাট সুখকৰ বোকাহীন ঠাই।
আনন্দিত জীৱ, বিশ্ব নিতাল গহীন,
গালে পৰমেশ গুণ শৰতৰ বীণ!
ফলিল গছত নানা শাৰদীয় ফল,
থলৰো পদুম হল থলতে মুকল।
সৰ-সৰোজিনী, লভি নতুন জীৱন,
প্ৰিয় পতি সূৰুযক কৰে সম্ভাষণ।
ভোমোৰা মউৰ লোভে ফুলনিত গৈ,
গুণ্ গুণ্ ৰৱে উৰি ফুল-মৌ লৈ;
দেখুৱাই জগতক সুন্দৰ ভাৱেৰে,
অনিত্য প্ৰেমৰ লীলা সোণৰ আখৰে।
লাহে লাহে দেবী পূজা হল উপগত,
চোৱাছোঁ কি ঋতু দেখা দিলে জগতত।
বাজে নানা পূজা বাদ্য সুমধুৰ ৰৱে,
গায়ক গায়িকা গীত শুনে সকলোৱে।
কিন্তু হায়! বন পখী সুললিত গান,
শুনিলে যিমানে হওঁ হৰষিত প্ৰাণ!
মানুষিক নৃত্য-গীত, দেখি আৰু শুনি,
সুখ আশে দুখ ভুগি মৰোঁ শেষে গুণি।
প্ৰকৃতিৰ অপৰূপ শোভা মনোময়,
দৰশন কৰি হওঁ আকুল হৃদয়।
কল্পনা সখীৰে সৈতে ভাবোঁ দিনে ৰাতি,
কি দয়ালু সৃষ্টিকৰ সৰ্ব্ব জীৱ প্ৰতি।
কালে চিত্ৰময় কৰি বিশ্ব-নাট ঘৰ,
তুষিছে জীৱক কেনে সেই চিত্ৰকৰ।
ধন্য বিশ্বপতে! ধন্য চেনেহ তোমাৰ,
অগম্য মহিমা তযু, নৰে বুজা ভাৰ!
কাচাবিঙ্কা।
কাচাবিঙ্কা-
“লি অবিয়েন্ট্' নামে কোনো এক ফ্ৰান্স যুদ্ধ-জাহাজৰ অধ্যক্ষৰ লৰা আছিল। ১৭৯৮ চনত ইংৰাজৰ লগত ফৰাচীৰ নীল নদীত যি এখন প্ৰধান জলযুদ্ধ হয়, তাতে ১লা আগষ্ট তাৰিখে এক জন জাহাজ অধ্যক্ষয়ে বিষম আঘাত পাই চিকিৎসাধীনত থাকে। এই সময় তেঁও দহ বছৰীয়া কাচাবিঙ্কা লগত আছিল। দৈব দুৰ্ব্বিপাকত তেওঁলোক থকা জাহাজ খনত জুই লাগে। প্ৰিয় লৰা বাপেকৰ সেৱা শুশ্ৰূষা কৰি কষতে বহি আছিল, এনেতে বাপেকৰো মৃত্যু ঘটে। লৰায়ে এই মৃত্যু সম্বন্ধে তেনে অনভিজ্ঞ অছিল। জাহাজৰ মানুহ পাৰলৈ পলায়। লৰাটিয়ে বাপেকৰ দ্বিতীয় আদেশ অপেক্ষা কৰি থাকোঁতে, জাহাজৰ লগে লগে মৃত বাপেকৰ সৈতে তেনে পুৰি ভস্ম হয়।
(১)
“প্ৰিয় কাচাবিঙ্কা! মোৰ জীৱন-সম্বল,
বহা পুত্ৰ! মোৰ ওচৰত,
দেখিলে তোমাৰ মুখ, পাহৰোঁ সকলো,
লভোঁ শান্তি দগ্ধ হৃদয়ত।”
(২)
ইদৰে সম্বোধি পুত্ৰে, মধুৰ বচনে,
শয্যাগত জাহাজ অধ্যক্ষ,
মহা নিদ্ৰা কোল পাই, আজীৱনলৈ,
পাহৰিলে সংসাৰৰ লক্ষ্য।
(৩)
হঠাতে প্ৰচণ্ড জুয়ে, বেঢ়িলে জাহাজ,
নুমাবৰো কাৰো সাধ্য নাই,
হাহাকাৰ কৰি সবে, প্ৰাণৰ ভয়ত,
পাৰলৈ আহিল পলাই।
( ৪ )
নাথাকিল কোনো হায়! কেৱলে লৰাটি,
পালিব জীৱন মহ’ব্ৰত,
মৃত-পিতৃ-শয্যা পাশে, থাকিল নিচুকি,
জ্বলন্ত জাহাজ ওপৰত।
(৫)
বায়ু অনুকূলে ঘোৰ, অগনিৰ শিখা,
বেঢ়িলেহি দিশ্ পোহৰাই,
তথাপি বীৰৰ তেজে, এই বীৰ লৰা,
ৰল একে ভাবে-সেই ঠাই।
(৬)
যদিও বিপদে আহি, চাপিছে ওচৰ,
তথাপি সি এৰি জনকক,
বিনা আদেশত তাৰ, তুচ্ছ প্ৰাণ লৈ,
প্ৰতিজ্ঞা, সি নাযাব পাৰক।
(৭)
উঠিল অগনি-শিখা, ঘোৰ মূৰ্ত্তি ধৰি,
লাহে লাহে আকাশ ধিয়াই,
জীৱ-শূন্য মৃত শৱ, প্ৰিয় জনকৰ,
থাকিল ই লৰাটিয়ে চাই।
( ৮ )
অতঃপৰে জনকক, বিনয় বচনে,
সুধিলে “কোৱাচোঁ পিতৃদেৱ!
আমাৰ কি গতি হব, এই বিপদত,
নাই দেখোঁ জাহাজত কেৱ?”
(৯)
“হল নে সমাধা মোৰ, জীৱন কৰ্ত্তব্য,
কোৱা পিতৃ অনুগ্ৰহ কৰি,”
কিন্তু সি নাজানে হায়! জাহাজ অধ্যক্ষ
কিয় যে ইভাবে আছে পৰি।
( ১০ )
“কোৱা পিতা! লৰাটিয়ে সুধিলে দুনাই,
পাৰিম নে যাব মই আৰু,”
এনেতে অগ্নিৰ শব্দে, ধ্বনিলে গগন,
ইয়াত নো কি শুনিবা বাৰু?
( ১১ )
ক্ৰমে ঘোৰ উগ্ৰ তাপ, পৰিল বিয়াপি,
পৰকাশি ভয়ঙ্কৰ মূৰ্ত্তি,
তথাপি ই বীৰ লৰা, জীৱনৰ অৰ্থে,
নেৰিলে কৰ্ত্তব্য জ্ঞান চূৰ্ত্তি।
( ১২ )
আৰু বাৰ উচ্চৰৱে, বীৰ লৰাটিয়ে,
সুধিলে মাথোন জনকত,
কোৱা প্ৰিয় পিতৃদেৱ! ইভাবে কি মই,
থাকিম তোমাৰ সমীপত?
( ১৩ )
উঠিল প্ৰচণ্ড অগ্নি, বিয়াপি জাহাজ,
আৰু এই বীৰত্ব-ৰতন,
চকুৰ অদৃশ্য হল, কেৱল মাথোন,
ধোঁৱা জুয়ে বেঢ়িলে গগন।
( ১৪ )
ঘোৰ অগ্নি-গৰ্জ্জনত, কঁপিল চৌদিক,
আৰু এই বীৰ-পুত্ৰ? কি ঘটিল তাৰ?
সোধাহে পাঠক? সোধা অনল-অনিলে
কব, তুমি পাবা সমাচাৰ।
( ১৫ )
চাল, ঘৰ, বেৰা আদি, এই জাহাজৰ,
পুৰি তেনে ছাই-ভস্ম হল,
লগে লগে লৰাটিও, কৰ্ত্তব্য সমাধি,
মৰ্ত্ত্য এৰি স্বৰ্গলৈ গ'ল।
মনৰ প্ৰতি।
জানি বুজি কিয় মন! কৰা অপকাম,
ভাবাচোন কৰিলানে কিবা সজ কাম?
কাঢ়িলানে খোজ কোনো দিনে সুবাটত,
পাহৰি কি সজ কথা আনিলা মুখত!
অনৰ্থক কুচৰ্চ্চাত সময় নিয়ালা,
মানুহৰ কৰ্ত্তব্য একোকে নকৰিলা।
নোৱাৰিলা মনুষ্যত্ব কৰিব গ্ৰহণ,
নৰ সঁচা; কিন্তু পশু বেলে বুধজন।
দেখিয়ে কেৱলে তুমি আন মানুহক,
মিছাতেই আহিছিলা এই সংসাৰক।
দুৰ্লভ মানৱী তনু গল অবাৱত,
সাঁচিলা বিষম পাপ থাকি কুবাটত।
ফুৰিলা অযথা ছয় ৰিপুৰ লগত,
সাধুক নিন্দিলা মিছা তেজৰ বলত।
জীৱন নিয়ালা মজি অনিত্য সুখত,
নাভাবিলা কিন্তু কি যে ঘটিব শেহত।
দেহৰূপ সজা এৰি প্ৰাণৰূপ পখী,
যেতিয়া যাব সি উৰি মুদি দুয়ো আখি।
যিদিনা সি বিচাৰ আসন সমীপত,
ভৱধাম পৰিহৰি হবা উপগত।
হিচাব নিকাশ হব যিদিনা তোমাৰ,
সি দিনাৰ কথা ভাবি চোৱাছোঁ এবাৰ।
‘মোৰ ঘৰ', ‘মোৰ বাৰী’ ‘মোৰ ভাৰ্য্যাপুত্ৰ’
সকলোৱে সংসাৰৰ মহা মোহ সূত্ৰ।
পঞ্চভূত আত্মা পালে পঞ্চ ভূতে লয়,
পৰি যৱনিকা বন্ধ হব অভিনয়।
⸺
যযাতিৰ যৌৱন।
⸺:•:⸺
(দেৱাসুৰৰ যুদ্ধ মহাভাৰতব বৰ্ণিত ঘটনাৰ ভিতৰত এটি প্ৰধান ঘটনা। সহস্ৰলোচন ইন্দ্ৰ দেৱাধিপতি আৰু প্ৰবল প্ৰতাপী বৃষপৰ্ব্বা অসুৰাধিপতি। বৃহস্পতি দেবগুৰু অৰু শুক্ৰাচাৰ্য্য দৈত্যগুৰু। শুক্ৰাচাৰ্য্যৰ কন্যাৰ নাম দেৱজানী আৰু বৃষপৰ্ব্বাৰ কন্যাৰ নাম শৰ্ম্মিষ্ঠা।
দৈৱযোগে এদিনাখন শৰ্ম্মিষ্ঠা আৰু দেৱযানী উভয়ে উভয়ৰ সখীবৰ্গ সৈতে বনাভ্যন্তৰস্থ চৈত্ৰৰথ নামে সৰোবলৈ স্নানাৰ্থে যাত্ৰা কৰে। ইয়াতে গুৰুকন্যা সৈতে ৰাজকন্যাৰ পৰিধানীয় বস্ত্ৰ লৈ বাদ-বিসম্বাদ ঘটে। শেষত ৰাজকন্যা বিশেষ ক্ৰোধাৰিষ্টা হৈ গুৰুকন্যাক এটি শুকান কূপত পেলাই দি স্বীয় মন্দিৰাভিমুখে প্ৰস্থান কৰে। চন্দ্ৰবংশসম্ভূত মহাৰাজ যযাতি মৃগয়াৰ্থে গৈ তৃষ্ণাবশে জলান্বেষী হৈ কূপ সন্নিকট পায় আৰু দেৱজানীক কূপৰ পৰা উদ্ধাৰ কৰি ৰাজ্যলৈ ওভতে।
শুক্ৰাচাৰ্য্যে ঘটনা অৱগত হৈ মহা ক্ৰোধে দৈত্যেৰশ্বৰ বৃষপৰ্ব্বাক ভৰ্ৎসনা কৈ ৰাজপুৰী পৰিত্যাগাৰ্থে উদ্যত হলে—অসুৰাধিপতিয়ে নানাৰূপ স্তৱ স্তুতিৰে গুৰুৰ ক্ৰোধ উপশম কৰে আৰু গুৰুকন্যাৰ বাঞ্ছানুযায়ী স্বীয় দুহিতাক তেওঁৰ দাসী কৰি দিয়ে। ৰাজকুমাৰী শৰ্ম্মিষ্ঠায়ো জ্ঞাতিৰ মঙ্গল আৰু মহাগুৰু পিতাৰ আদেশ পালন এই দুই ধৰ্ম্ম ৰক্ষা হেতু বিনা বাক্যব্যয়ে দেবযানীৰ চৰণ সেৱিকা দাসীপণ স্বীকাৰ কৰেহি।
ঘটনাৰ বহুদিন পাছত শুক্ৰানুগ্ৰহত মাহাৰাজ যযাতি দেৱযানীক প্ৰিয়সখী শৰ্ম্মিষ্ঠাৰ সৈতে ভাৰ্য্যাৰূপে পায় কিন্তু বিবাহকালীন শুক্ৰৰ আদেশ আছিল মহাৰাজ যযাতিয়ে যেন দৈত্যৰাজকুৱঁৰী শৰ্মিষ্ঠাক ভাৰ্য্যাবৎ ব্যৱহাৰ নকৰে। নিয়তি চক্ৰত নহুষ পুত্ৰে এই বাক্য শাশ্বল ৰাখিব নোৱাৰিলে। দেৱযানী গৰ্ভত দুই কোৱঁৰ জন্ম পায় আৰু দৈত্য কন্যাৰ গৰ্ভতো তিনটি কোৱঁৰ জন্মে। দেৱযানী পুত্ৰদ্বয়ৰ নাম যথাক্ৰমে যদু আৰু তুৰ্ব্বসু।
শৰ্ম্মিষ্ঠা পুত্ৰত্ৰয়ৰ নাম দ্ৰুহ্য, অনু আৰু পুৰু। দেৱযানী এই বিষয় অৱগত হৈ শোকে ক্ৰোধে প্ৰিয় জনকক আহ্বান কৰে। যথাসময়ত আচাৰ্য্য আহি উপস্থিত হয় আৰু স্বীয় বাক্য হেলন হেতু ক্ৰোধাবিষ্ট হৈ—অকাল [ ৬২ ] জৰাগ্ৰস্ত হবলৈ মহাৰাজ যযাতিক শাপ দিয়ে। শাপগ্ৰস্ত ভূপতি সানুনয় বিনয়ে ভাৰ্গৱ সমীপত নীতিবৰ্ম্ম ব্যাখ্যাৰে নিজ নিৰ্দ্দোষীতাৰ প্ৰমাণ কৰিলে আচাৰ্য্যে শান্ত হৈ উপায় দিয়ে যে যেয়ে জবা লব ইচ্ছা কৰিব, ৰাজায়ে তাকে দিব পাৰিব, আৰু এই জবা গৃহীত জনেই দীৰ্ঘায়ু লাভকৈ ৰাজ্যৰ উপযুক্ত ৰজাৰূপে নীতিধৰ্ম্ম ৰাখি প্ৰজা পালি অন্তত স্বৰ্ণ পদৰো অধিকাৰী হব। অনন্তৰ জৰাগ্ৰন্থ যযাতি প্ৰথম নন্দনক কাষলৈ মাতি অনি নিজ অবস্থা বৰ্ণনাক্ৰমে স্বীয় মনোগত ভাব এই দবে বক্ত কৰে: –
(১)
বিৰস বুদন, নহুষ নন্দন,
মুখেৰে কথা নোলায়,
কৃশ ক্ষীণকায়, জৰাৰ পীড়ায়,
পূৰ্ব্ব শক্তি আৰু নাই।
গত, বৰ্ত্তমান, ভাবি মহাপ্ৰাণ,
বহি নিজ শয্যা-পাশে,
সাদৰি যতনে, প্ৰথম নন্দনে,
সম্বোধে বিনয় ভাষে;-
“তুমি জ্যেষ্ঠ সুত, সৰ্ব্বগুণ যুত,
শাস্ত্ৰাদিত আছে বোধ,
পিতৃৰ বচন, নকৰা লঙ্ঘন,
এই মোৰ উপৰোধ!
শুক্ৰৰ শাপত, অকাল জৰাত,
বল-বীৰ্য্য হল ক্ষয়,
কিন্তু স্বৰূপত, যৌৱন-সুখত,
আজিও বঞ্চিত মই।
ইকাৰণে মোৰ, এই জৰা ঘোৰ
লৈ তুমি বাছাধন,
তোমাৰ যৌৱন ,কৰি অৰপণ,
তোষা জনকৰ মন।
বৰিষ হাজাৰ, হৈ গলে পাৰ,
ই যৌৱন পুনৰায়,
শুক্ৰৰ বাক্যত, ঠিক সময়ত,
পাবা তুমি ওভতাই।”
(২)
পিতৃ বাক্য শুনি ‘যদু’ অতুষ্টি ভাবেৰে,
যোৰ হাত কৰি নিবেদিলে;—
“জৰাসম দুখ পিতা! নাই সংসাৰত,
জৰাত কেৱল দুখ মিলে।”
(৩)
“কি কম জৰাৰ কথা! জানে সকলোৱে,
খাব, লব, শকতি নাথাকে,
হাৰ, ছাল, তেজ, মাংস, তেনেয়ে শুকায়,
ইতিকিং কৰে সব লোকে।”
(8)
“এনে দুখময় জৰা, এই জীৱনত,
নোৱাৰিম কৰিব গ্ৰহণ,
আন চাৰি সুতে তযু, দিওক আদেশ,
ইয়াকে খাটিছোঁ হে ৰাজন্।
( ৫ )
যদুৰ দাৰুণ বাণী, শুনি নৰমণি,
দিলে তাক ঘোৰ অভিশাপ,
“তোৰ স্ববংশত ৰজা, নহব কাচিতো,
চিৰকাল ভুগিবি সন্তাপ।”
( ৬ )
যদুৰ সোদৰ ভাই, ৰূপবান অতিশয়,
আছিল ‘তুৰ্ব্বসু’ নামে সুত।
সাদৰি সম্বোধি তাক, যযাতি বুলিলে বাক,
“শুনা বাছা কথা সুগুপুত!”
(৭)
“শুক্ৰ-শাপে অকালত, হল জৰা শৰীৰত,
ই আৰু নহব খণ্ডন!”
“কিন্তু যৌৱনৰ আশা, আজিও অপূৰ্ণ বাছা!
যৌৱন লভিব মোৰ মন।”
(৮)
ভূপতিৰ বাক্য শুনি, তুৰ্ব্বসু বুলিলে বাণী
জোৰ হাতে অনুনয় কৰি,
“ই ৰোগত নবৰায়! নানা দুঃখ উপজয়,
এনে ৰোগ দেহা ক্ষয়কাৰী।”
( ৯ )
‘আচাৰো বৰ্জ্জিত হয়, সংসাৰৰ সুখ লয়,
শৰীৰ দুৰ্ব্বল দিনে দিন,
এনে জৰা কি মতেৰে, মোৰ এই শৰীৰেৰে,
বহন কৰিম বহুদিন?”
( ১০ )
শুনি নিদাৰুণ বাণী, ক্ৰোধ হৈ নৰমণি,
তুৰ্ব্বসুক দিলে অভিশাপ,
“উপেক্ষি পিতৃৰ আজ্ঞা, হেৰুৱাই জ্ঞান সংজ্ঞা,
পাৰি তাপ কৰি মহাপাপ।”
( ১১ )
দেৱযানী দুই সুতে নুশুনিলে বাণী,
শৰ্ম্মিষ্ঠাৰ পুত্ৰক মাতিলে মহামানী।
‘দ্ৰুহ্য’ নামে জ্যেষ্ঠ পুত্ৰ সকলোৰে বৰ,
সমাদৰে তাক সম্বোধিলে নৰবৰ;
“মোৰ জৰা লোৱা তুমি হাজাৰ বছৰ,
ওভতাই পাবা পুনু যুবা কলেৱৰ।”
দ্ৰুহ্যয়ে বুলিলে “দেৱ। জৰাৰ সমান,
নাই আৰু দ্বিতীয়টো ৰোগৰ বিধান।
নোৱাৰিম সহিব ই জৰাৰ যাতনা,
কৰিছোঁ কাকুতি পিতৃ কৰিব মাৰ্জ্জনা?”
শুনি নৰপতি ক্ৰোধে বুলিলে বচন;-
“পুত্ৰ হৈ পিতৃবাক্য কৰিলি লঙ্ঘন!
আত্ম-পৰ-ভেদ নাথাকিব যি দেশত,
তোৰ বংশাৱলী ৰাজ্য পাব সি থলত।
যিমানে কৰিবি আশা সবে হব নাশ,
কোনোকালে নুপূৰিব মন-অভিলাষ।”
( ১২ )
দ্ৰুহ্যৰ অনুজ ‘অনু’ পৰম সুন্দৰ,
সমাদৰি মাতি তাক সোধে নৰবৰ;-
“লোৱা তুমি প্ৰাণসুত! মোৰ এই জৰা,
তোমাৰ যৌৱন দানে পুত্ৰ কাম কৰা।
অনু-উক্তি “মহাৰাজ! জৰাৰ সমান,
মহাৰোগ নাই বোলে যতেক ‘নিদান’!
অনাচাৰ হেতু দেহা অপৱিত্ৰ হয়,
খাব-শুব ইচ্ছা তেনে সকলোৱে লয়।
এনে জৰা লব মই অপাৰক হায়!”
ৰাজা বোলে “তোৰ সম পাপী আৰু নাই,
বৰ্ণিলি যিমানে তই জৰাৰ কাহিনী,
এই পাপে সি সকলো ভুগিবি আপুনি।”
( ১৩ )
অনন্তৰে দুখে শোকে যযাতি ৰাজন,
পুৰুক সাদৰি মাতি বুলিলে বচন;-
“অতি চেনেহৰ তুমি কনিষ্ঠ নন্দন!
প্ৰিয় কাজ কৰি ৰাখা পিতাৰ বচন।
শুক্ৰৰ শাপত জৰা হল শৰীৰত,
বাঞ্ছা কিন্তু, মোৰ পুত্ৰ যৌৱন ভোগত।
ইকাৰণে মোৰ জৰা কৰি গৰহণ,
অৰপণ কৰা মোক তোমাৰ যৌৱন৷
হাজাৰ বৰিষ পাৰ হলে আৰুৱাৰ,
পাবা তুমি নিজ কান্তি শুক্ৰবাক্য সাৰ।”
এতেক বচনে পুৰু যোৰহাত কৰি,
নমি ভক্তিভাৱে কলে ৰাজাক সাদৰি;
পুত্ৰ হৈ পিতৃবাক্য নাৰাখে যিজন,
ইহলোকে অপযশ নৰক গমন।
দিওক আপোন জৰা মোৰ শৰীৰত,
মোৰ যৌৱনেৰে ভোগ ভোগা সংসাৰত।
( ১৪ )
পুৰু-বাক্য শুনি ৰাজা হৰসিত মন,
আলিঙ্গন দানে পুত্ৰে বুলিলে বচন;-
“তোৰ বংশ পৰিৱাল হব ধৰ্ম্মপৰ,
শাসিব ভাৰত, হৈ ৰাজ্যৰ ঈশ্বৰ।”
সবশেষে শুক্ৰাচাৰ্য্যে কৰি সোঁৱৰণ,
“পুৰুক অৰপি জৰ পালে সু-যৌৱন।
লভি ই-বাঞ্ছিত ফল নহুষ নন্দন,
অনুক্ষণ কৰে ধৰ্ম্ম নাযায় বৰ্ণন!
সন্তুষ্ট কৰিলে যজ্ঞহোমে দেৱগণে,
শ্ৰাদ্ধাদি তৰ্পণে তৃপ্তি দিলে পিতৃগণে।
সুশাসনে প্ৰজা সবে দিলে সুখ নানা,
দানত পূৰালে দ্বিজ-দৰিদ্ৰ-কামনা।
ভুগিলে ইদৰে সুখে হাজাৰ বছৰ,
প্ৰতাপত দুষ্ট শূন্য ৰাজ্যৰ ভিতৰ।
কাল শেষে নৰপতি, অতি হৰষিত মতি,
বুলিলেক তনয়ৰ প্ৰতি;⸺
“শুনা প্ৰাণ-প্ৰিয়-সুত! সুজনৰ মনঃপূত,
লভিলো যথেষ্ট তিৰিপিতি!
“সমাধি পুত্ৰৰ কৰ্ম্ম, সাঁচিলা অক্ষয় ধৰ্ম্ম,
সু-খ্যাতি থাকিল বসুধাত,
জৰা মোক কৰা দান, লোৱা বাছা! সুযৌৱন,
অৰ্পিম তোমাক ৰাজ-পাট।”
এই বুলি নৰৰায়, অতি উল্লাসিত হৈ,
আপোনাৰ ৰাজ্যৰ ভিতৰ,
পুৰু-অভিষেক বাণী, ঘুষিলেক নৰমণি,
পাত্ৰ-মিত্ৰ সবাৰো গোচৰ।
শুভদিনে, শুভক্ষণে, শুভ-লগ্ন নিৰূপণে,
হল পুৰু-ৰাজ্য-সম্প্ৰদান,
দেখি যত প্ৰজাচয়, ৰজাক সম্বোধি কয়,
“মহাৰাজ! কৰা অৱধান।
ৰাজনীতি-শাস্ত্ৰ-বিধি, জানিও হে গুণনিধি!
কিবা হেতু এনে অবিচাৰ?
জ্যেষ্ঠ সুত বিদ্যমানে, পুৰু আজি কি বিধানে,
হব প্ৰভো! ৰাজ্যৰ ঈশ্বৰ?
প্ৰজাগণ বাক্য শুনি যযাতি ৰাজন্,
সাদৰি সম্ভাষা কৰি বুলিলে বচন;-
“পিতৃ-মাতৃ বাক্য যিটো তনয়ে নলয়,
তেনে দুৰ্জ্জনক পুত্ৰ কোন শাস্ত্ৰে কয়?
পুৰুক জানিলোঁ মোৰ আপোন নন্দন,
আৰু যত পুত্ৰ দেখোঁ সবে অকাৰণ।
পৰম পণ্ডিত পুৰু জানে ধৰ্ম্মাধৰ্ম্ম,
ৰাখি মোৰ বাক্য সমাধিলে পুত্ৰ কৰ্ম্ম।
এতেকতে পুৰু ৰাজপাট-অধিকাৰী,
কি হেতু নহব ধৰ্ম্ম তাৰ সহকাৰী?”
মগনীয়া।
( ১ )
জাৰ কালি নিশা, এক কৃষকৰ,
এজাক ছোৱালী ল’ৰা,
বহিছে সকলে, জুহাল-কাষত,
আনন্দতে হিয়া ভৰা।
( ২ )
নাই ৰোগ, শোক, নিৰ্ঘুণী সকলে
যেন গোলাপৰ কলি,
নানা উপকথা, পাতি ইটে সিটে,
হাঁহি হাঁহি পৰে ঢলি।
( ৩ )
জুহালৰ জুয়ে, সৰু ঘৰটিৰ,
আঁতৰাই অন্ধকাৰ,
পোহৰাইছে তাৰ, সেই পোহৰতে,
চুক, কোণ চাৰিধাৰ।
( 8 )
এনে সময়তে, আচম্বিতে সবে,
শুনে যেন কোনোবাই,
বাহিৰৰ পৰা, অতি ধীৰে ধীৰে
দুৱাৰত থপিৰাই;—
( ৫ )
বৰ ক্ষীণ স্বৰে, বিনয় বচনে,
সম্বোধিছে বাৰে বাৰ,
“মেলাহে দুৱাৰ, দয়ালু গৃহস্থ!
কৰি কৃপা এটিবাৰ।
( ৬ )
শিল বৰষুণে, তিতি-বুৰি মোৰ,
প্ৰাণ যেন যায় যায়,
আগে পিছে ঘোৰ, পৰ্ব্বত জঙ্গল,
যাবলৈও ঠাই নাই।
( ৭ )
একে বুঢ়া তাতে, দৃষ্টি-শক্তি হীন,
নাই দিশাদিশ জ্ঞান,
ফটা ছিটা কানি, তিতিছে সকলো,
প্ৰাণে বঁচা মই টান।
( ৮ )
শৰীৰৰো শক্তি, নাই তিল মোৰ,
কঁপিব ধৰিছোঁ হায়!
ঠিয়দি থাকোঁতে, যেন কোনোবায়,
ঠেলি দি পেলাব চায়।
( ৯ )
জাৰতে গাৱৰ, অঙ্গ প্ৰতি অঙ্গ,
সকলো পৰিছে চেঁচা,
বুকৰ কঁপনি, ক্ৰমে হীন হৈ,
জীৱন কৰিছে মিছা।
( ১০ )
শীতল বতাহ, বৰফেৰে সৈতে,
উত্তৰৰ পৰা বলি,
যেন দুৰ্ভগাৰ, মৃত্যুৰ সমাধি,
সজাইছেহি দুয়ো মিলি।
( ১১ )
মেলাহে দুৱাৰ, দয়ালু গৃহস্থ!
কৰি কৃপা এটিবাৰ,
চেঁচা বতাহৰ, আক্ৰমণ পৰা,
ৰাখা প্ৰাণ অভাগাৰ।
( ১২ )
জগত-পটত, আঁকা এটি চিত্ৰ,
কৰি আলহিক দয়া,
দেখোক সকলে, শিকোক ধৰম,
মাতা উদঙাই হিয়া।
( ১৩ )
দয়ালু কৃষকে শুনি ই প্ৰাৰ্থনা,
আহি আথ্বেথ্ কৈ,
মেলিয়ে দুৱাৰ এই আতুৰক,
নিলে জুই কাষলৈ।
( ১৪ )
পিন্ধা ফটাছিটা, যি আছিল গাত,
গুছাই সকলো তেনে,
শুকান গৰম, পিন্ধিবৰ সাজ,
দিলে তাক সুযতনে।
(১৫)
অকণ অকণ, ল’ৰা-ছোৱালীয়ে,
জাকে জাকে বেঢ়ি আহি,
কোমল, তপত, হাতেৰে বুঢ়াৰ,
চেঁচা হাত ঘঁহিলেহি।
( ১৬ )
দয়াৱতী বুঢ়ী, ঘৰৰ গৃহিণী,
অতি সমাদৰ কৰি,
আপোনাৰ হাতে, খোৱা বস্তু তাক,
দিলে আনি আগধৰি!
( ১৭ )
ই দৰে সকলে, শুশ্ৰষা কৰোঁতে,
বুঢ়া ক্ৰমে সুস্থ হল,
দুধাৰি চকুলো, মুখলৈ নামি,
মুখতেই মাৰ গল।
( ১৮ )
যেন তাৰ আতু- কৃতজ্ঞতা ভাৱ,
কথাৰে নোলায় ফুটি,
চকুৰ লোৱেৰে, সেই গূঢ় কথা,
ভাঙ্গি দিলে কৰি ছুটি।
( ১৯ )
অকণ অকণ, ল'ৰা ছোৱালীৰ,
হাঁহি মাত মাৰ গল,
উপকথা ভাঙি, হুমুনিয়া কাঢ়ি,
ধীৰভাবে বহি ৰল।
( ২০ )
কিন্তু কি আশ্চৰ্য্য, তথাপিটো সৱে,
পূৰ্ব্বাপেক্ষা শতগুণে,
আনন্দ উলাহে, মনক মাতিলে,
নিৰ্ভাৱ নিশ্চিন্ত মনে।
⸻
বৰ্ত্তমান আৰু অতীত।
( ১ )
শান্তিৰ কোলাত বহি সানন্দে এদিন,
দেখিছিলোঁ দিব্য এক সুখৰ সপোন।
সুখ-সৰসত মগ্ন থাকি একদিন,
চাইছিলোঁ উলাহতে সন্তোষ দাপোন।
( ২ )
দিব্য ভাবে মন সদা আছিল নিবিষ্ট,
সদালাপে অহৰ্নিশি কাটিছিলোঁ কাল।
সজ বাটে ফুৰি সাধিছিলোঁ নিজ ইষ্ট,
সাধুসঙ্গ এক মাথোঁ লাগিছিল ভাল।
( ৩ )
‘আমাৰ’ ‘তোমাৰ’ ভাব নাছিল মনত,
ভাবিছিলোঁ সকলোকে সম-ভাব-প্ৰাণ।
জানিছিলোঁ প্ৰেম-প্ৰীতি পূৰ্ণ ইজগত,
বাজিছিল শ্ৰৱণত স্বৰ্গৰ তান।
(8)
নৱবলে বলীয়ান্ থাকি সদা মই,
নিনিছিলোঁ অবাৱত এক্ষন্তেকো পৰ।
দেখিছিলোঁ দূৰ ভাগ্য দিব্য জ্যোতিৰ্ম্ময়,
উন্নতি সৌভাগ্য-আশা মৰ-জীৱনৰ।
( ৫ )
জননী জনমভূমি, সদায়ে মনত,
ভাবিছিলোঁ চিৰশান্তি সুখৰ আকৰ।
নিবসতি কৰিও ই-মৰ জগতত,
কল্পনাত ধৰিছিলোঁ পৰশ-পাথৰ।
( ৬ )
ভাবিছিলোঁ পুণ্য ঠাই স্বৰগ-ভৱন,
অনতি দূৰতে মোৰ আছিল শোভিত,
যি ঠাইৰ সুবাসিত শীতল পৱন,
দিছিল জুৰণি মোৰ হৃদয় থলীত।
( ৭ )
ভাঁহিল জীৱন এবে সময় সোঁতত,
হল জ্ঞান, দিলে দেখা ‘তোৰ’ ‘মোৰ’ ভাৱ
লগে লগে পূৰ্ব্ব ভাবো গল আঁতৰত,
নতুন ধৰণে হল গঠিত স্বভাৱ।
( ৮ )
হৃদয় চুকত দেখা দিলে ‘চয়তানে’
ললোঁ তাৰ কুহকতে ছিঙি বিম্ব-ফল।
থলোঁ আনি তুলি তাক অতি সুবিধানে,
লভিম তৃপিতি ভাক্ষ—কিন্তু সি নহল।
( ১০ )
ক্ৰমে পৰিতাপানলে বেঢ়িলে অন্তৰ,
চালোঁ আততায়ী হৈ ঘনে পিছপিনে,
দেখিলোঁ অতীত মাৰ শূন্য সি পোহব,
অদৃশ্য সি শান্তি-সব আজি ই দুৰ্দ্দিনে।
( ১০ )
অৱশ্যে যদিও অজ্ঞ আছিলোঁ আগতে,
‘চয়তানি’ বুদ্ধি মোৰ নাছিল মনত।
ভাবিছিলোঁ আছোঁ সদা ঈশ্বৰ কাষতে,
লভি বিভু কৃপা-বাৰি পৱিত্ৰ থলত।
( ১১ )
কিন্তু হায়! এবে দেখোঁ বিপৰীত তাৰ,
বিষয়-ঢউৰ কোবে সংজ্ঞাহীন প্ৰাণ।
পূৰ্ব্বভাৱ, পূৰ্ব্বাৱস্থা, অভাৱ সবাৰ,
স্বৰ্গধামো পৰা মোৰ দূৰ-অধিষ্ঠান।
⸻
যুধিষ্ঠিৰৰ প্ৰতি ধৰ্ম্মৰ ছল।
[ জগদ্বিখ্যাত পাত্ৰে চন্দ্ৰবংশত ধৃতৰাষ্ট্ৰ আৰু পাণ্ডু এই দুই ৰাজকোঁৱৰৰ জন্ম হয়। ধৃতৰাষ্ট্ৰ জেষ্ঠ আছিল কিন্তু জন্মান্ধ হেতু ৰাজ্য চলাইছিল।
পাণ্ডুৰাজ বিশেষ মৃগয়াপ্ৰিয় হেতু তেওঁ প্ৰায় বনে বনে ভ্ৰমণ কৰি ফুৰিছিল, আৰু এই বন ভ্ৰমণতে তেওঁৰ মৃত্যু ঘটে।
ধৃতৰাষ্ট্ৰ মহিষীৰ নাম আছিল গান্ধাৰী। এওঁৰ গৰ্ভত দুৰ্য্যোধন, দুঃশাসন আদি শত পুত্ৰ আৰু দুঃশীলা ন ম্লী এজনী কুৱঁৰীৰ জন্ম হয়। সিন্ধু অধিপতি জয়দ্ৰথৰ লগত দুঃশীলাৰ বিবাহ হয়।
পাণ্ডুবাজব মহিষী দুজনী-কুন্তী আৰু মাদ্ৰী। যুধিষ্ঠিৰ, ভীম আৰু অৰ্জ্জুন এই তিনজন ৰাজকোৱঁৰ জন্মে কুন্তীৰ গৰ্ভত আৰু মাদ্ৰীৰ গৰ্ভত জন্মে নকুল আৰু সহদেব।
ধৃতৰাষ্ট্ৰৰ শত পুত্ৰৰ নাম কৌৰৱ অৰু পাণ্ডুৰ পঞ্চ পুত্ৰৰ নাম পাণ্ডৱ।
কৌৰৱ অৰু পাণ্ডৱৰ ভিতৰত সৌহাৰ্দ্দ ভাব নথকাত হস্তীনা ৰাজ্য দুভাগত বিভক্ত হয়। পাণ্ডৱ ৰাজ্যৰ ৰাজধানী হয় ইন্দ্ৰপ্ৰস্থত আৰু কৌৰৱৰ ৰাজধানী হস্তীনাতে থাকে।
পাণ্ডৱ শ্ৰেষ্ঠ মহাৰাজ যুধিষ্ঠিৰে এই ইন্দ্ৰপ্ৰস্থ মহানগৰীতে ৰাজসূয় মহাযজ্ঞৰ অনুষ্ঠান কৰে। ভীম, অৰ্জ্জুন, নকুল আৰু সহদেৱ এই চাৰি ভ্ৰাতায়ে পৃথিবীৰ চতুৰ্দ্দিকন্থ ৰাজন্যবৰ্গক জয় কৰি বিজিত ৰজাসমূহক ৰাজকৰে সৈতে মহাৰাজ যুধিষ্ঠিৰ সমীপত উপস্থিত কৰে। যথাসময়ত যজ্ঞ কাৰ্য্য সমাধা হয়, কিন্তু এই যজ্ঞৰ পৰায়ে খলমতি দুৰ্যোধনৰ চিত্তবিকাৰ ঘটে। উৎসাহদাতা হয় পাপমতি শকুনি আৰু দুঃশাসন। পুত্ৰবাৎসল্যতা হেতু অন্ধৰাজ ধৃতৰাষ্ট্ৰ দুৰ্যোধন অনুষ্ঠিত পাপকাৰ্যৰ পৃষ্ঠপোষক হয়। পাশা খেলাৰ্থে পাণ্ডৱক হস্তীনালৈ আহবান কৰে। এই খেলা দুবাৰ হয়। দুবাৰতে শকুনি কৌশলত পাণ্ডব হাৰে। দ্বিতীয়বাৰত পণ আছিল যেয়ে হাবিৰ সেয়ে ৰাজা এৰি তেৰ বৰ্ষলৈ বনবাস খাটিব আৰু ইয়াৰ ভিতৰত শেষৰ বছৰটি অজ্ঞাত থাকিব। পণানুযায়ী পঞ্চ পাণ্ডৱ বনযাত্ৰা কৰে। এই বনবাস কালত এদিনা পাণ্ডৱ তৃষ্ণাতুৰ হৈ জলান্বেষী হয়। এওঁ বিলাকৰ ধৰ্ম্মভাৱ পৰীক্ষাৰ্থে স্বয়ং ধৰ্ম্মৰাজ সেই বনত এটি দিব্য স্ফটিকজল পৰিপূৰ্ণ মায়া সৰোবৰ নিৰ্ম্মাণ কৰি নিজে [ ৭৯ ] বকৰূপে সৰোবৰ মাজত অৱস্থান কৰে। হল হেতু পাণ্ডব-ভ্ৰাতৃচতুষ্টয় আৰু সাধ্বী দ্ৰৌপদী এজনৰ পাছত আনজনকৈ সৰোবলৈ যায়, কিন্তু মায়াবী বকবক্য় অহেলা কৰি পানী স্পৰ্শ মত্ৰে প্ৰাণ এৰি সৰোবৰ পানীত ওপওি থাকে। কাৰণ প্ৰত্য়াগমন নেদেখি অবশেষত স্বয়ং মহাৰাজ যুধিষ্ঠৰ সিবিলাকৰ উদ্দেশে বাট লয় আৰু সৰোবৰ তীত গৈ ঘটনা দেখি শোকাৰ্ত্ত হৃদৰে বিলাপ কৰি নিজেও সেই পানীত আত্মহত্যা কৰিব যোৱাত যেনে ঘটিছিল, তলৰ কবিতাত তাক বিবৃত কৰা হৈছে :-]
( ১ )
“নাই প্ৰয়োজন আৰু জীৱনত মোৰ,
গুছাওঁ পৰাণ ত্যজি ই-শোক দুৰ্ঘোৰ।”
এই বুলি নৰৰায়, সৰোবৰ কাষ পাই,
নামিব পানীত, ঠিক এনে সময়তে,
বকৰূপী ধৰ্ম্মে মাত লগালে পাছতে।
( ২ )
“ধৈৰ্য্য ধৰা নব-পতি, কিয় বিয়াকূল মতি,
অসাৰ সংসাৰ মাজে সাৰ মাথোঁ ধৰ্ম্ম,
তাক এৰি কিয় তুমি কৰিবা অধৰ্ম্ম?”
( ৩ )
“আই, বোপা, ককা’, ভাই, বাই, ভনী, বন্ধুচয়,
সংসাৰত কোনো কাৰো নোহে অপোনাৰ,
প্ৰকৃত শাস্ত্ৰৰ কথা জানা এয়ে সাৰ।”
( 8 )
“তুমি ছয় ৰিপুজিত, শাস্ত্ৰাদিত সুপণ্ডিত,
নেদেখোঁ তোমাৰ তুল্য জ্ঞানী পৃথিৱীত,
কিন্তু এবে দেখোঁ কিয় তাৰ বিপৰীত?”
( ৫ )
“অপঘাতে যিটোজন, প্ৰাণ কৰে বিসৰ্জ্জন,
অধঃপাত হয় তাৰ-শাস্ত্ৰৰ বচন।
এনে মৃত্যু বাঞ্ছা তুমি কৰা কি কাৰণ?”
(৬)
“ভীমাৰ্জ্জুন চাৰি ভাই, আত্মজ্ঞান হেৰুৰাই,
এই সৰোবৰে আহি এৰিলে জীৱন,
‘নিস্ফল অতীত চিন্তা বোলে বুধজন।”
(৭)
“যি সান্ত্বনা বাণী, বুলিলা আপুনি,
নিজেও জানো নিশ্চিত,
কিন্তু নিৰুপায়, তুহ-জুই প্ৰায়,
পোৰে চিত্ত শোকাগ্নিত।”
(৮)
“ভাবিলো স্বৰূপ, ভাৰ্য্য়া, চাৰি ভাই,
যিদৰে এৰিলে প্ৰাণ,
ময়ো সেই দৰে, ই সৰোবৰতে,
কৰোঁ শোক সম্বৰণ।”
( ৯ )
এই বুলি ৰজা, পাণ্ডু-কুল-তেজা,
আত্ম বিসৰ্জ্জিব গলে,
আকউ পখিটি, যুধিষ্ঠিৰ প্ৰতি,
সাদৰি ইয়াকে কলে;-
( ১০ )
“হে পাণ্ডৱ-কুল-ৰবি! তুমি মহাজ্ঞানী,
ধীৰ ভাৱে, থিৰ মনে, শুনা হিত বাণী;
একান্তই যদি ইহ-পৰ ইষ্ট চোৱা,
জয়ে জয়ে চাৰি প্ৰশ্ন-অৰ্থ ভাঙি কোৱা।
নহলে পৰশ মাত্ৰে সৰোবৰ-পানী,
মানি লবা তোমাৰ পৰাণো হব হানি।”
( ১১ )
“আপোনাকো মানি বৰ, তোমাৰ ই সহোদৰ,
আৰু এই প্ৰিয়তমা নাৰী,
অৱহেলি মোৰ কথা, চুব মাথোঁ, পানী, তথা,
ওপঙিছে চোৱা প্ৰাণ এৰি।”
( ১২ )
বগলীৰ বাক্য শুনি, যুধিষ্ঠিৰ নৰমণি,
সম্বোধিলে “কিবা প্ৰশ্ন চাৰি?”
বকৰূপী ধৰ্ম্মৰায়, নিজ প্ৰশ্ন চতুষ্টয়,
আৰম্ভিলে এক দুই কৰি।
( ১৩ )
কিবা বাৰ্ত্তা, কি আশ্চৰ্য্য, বাট বোলে কাক,
সংসাৰত সুখী বোলে কোন্ মহাত্মাক?
“কুন্তী পুত্ৰ! ভাঙি এই প্ৰশ্ন-অৰ্থ চাৰি,
অকাতৰে পীয়া তুমি সৰবৰ বাৰি।”
( ১৪ )
“ঘটনা কাৰণ হল, মাস, ঋতু, হেতা,
দিন ৰাতি কাঠ তাত, পাৱক সৱিতা।
মোহময় ই সংসাৰ পাত্ৰ, কাম কৰ্ত্তা,
ভূতগণে কৰে সিদ্ধ! শুনা এই বাৰ্ত্তা।”
( ১৫ )
প্ৰতি দিন জীৱ জন্তু, যায় যম-ঘৰ,
বাকী মাত্ৰে ভাৱে সদা মনৰ ভিতৰ;
চিৰজীৱী সি সকল, নাই লেশ ক্ষয়,
ইয়াৰ অধিক কিবা আচৰিত হয়?”
( ১৬ )
“বেদ আৰু স্মৃতি শাস্ত্ৰ নোহে একমত,
নানামুনি নানামত প্ৰখ্যাত জগত।
ধৰ্ম্মৰ নিগূঢ় তত্ত্ব নিহিত গুহায়,
সেয়ে বাট যিটে সাধু মহাজন যায়।”
( ১৭ )
“অপ্ৰবাসে অঋণে যিজন কাল নিয়ে,
শাক-ভাত ভোজনতো সংসাৰ জীয়ে।
তথাপি সি চিৰসুখী বোলে বুধচয়.
লোৱা বুজি প্ৰশ্ন-অৰ্থ হয় কি নহয়
( ১৮ )
“শুনি বাৰিচৰ, প্ৰশ্নৰ উত্তৰ,
অতি হৰষিত হৈ,
“ময়ে ধৰ্ম্ম” বুলি, ৰজাক সম্বোধি,
দিলে নিজ পৰিচয়।”
( ১৯ )
কলে সুকৌশলে, ধৰ্ম্মে মৃদুস্বৰে,
“শুনা প্ৰিয় যুধিষ্ঠিৰ,
হলোঁ, সন্তোষিত, যিবা মনে বাঞ্ছা,
মাগা চিত্ত কৰি স্থিৰ।”
( ২০ )
শুনি নৰবৰ, জুৰি দুই কৰ-
কৰি, কয় নিবেদন,
“জনমে, মৰণে, যেন সৰ্ব্বক্ষণে,
তোমাতেই থাকে মন।”
( ২১ )
আৰু যদি দাসে কৃপাবশ হৈ
কৰা এটি ভিক্ষা দান,
বিমাতৃ-তনয়, প্ৰিয়তম ভাই,
সহদেৱে দিয়া প্ৰাণ।
( ২২ )
“শুনি ধৰ্ম্মৰাজ, হাসি বুলিলে বচন,
জ্ঞানহীন তুমি ৰায়, হিতাহিত বোধ নাই,
সি হেতু বাঞ্ছিছা আজি সহদেৱ প্ৰাণ;
বিমাতৃৰ তনয়ত কিবা প্ৰয়োজন?
মাগ৷ অন্য, ভাবি গুণি স্থিৰ কৰি মন।”
( ২৩ )
“আছে নিজ প্ৰিয় ভাই ভীম ধনঞ্জয়,
সি সবৰ একোজন, যদি চোৱা হে ৰাজন্!
সমাদৰি পুনঃ জীৱ দিওঁ ওভতাই।
পৰ ভায়ে নেদেখোঁ একোটো উপকাৰ,
নিজ সহোদৰে হিত সাধিব অপাৰ।”
( ২৪ )
“বিশেষ প্ৰৱল ৰিপু আছে দুৰ্য্যোধন,
বিনা ভীম-ধনঞ্জয়, গুছাব সি মহাভয়,
নাই এনে শক্তি কাৰো, স্বৰূপ বচন।
জগত প্ৰখ্যাত মহাবলী বীৰদ্বয়,
কোৱা যদি এজনক দিওঁ প্ৰাণ মই।”
( ২৫ )
নাইবা সাক্ষাৎ দেৱী, লক্ষ্মী স্বৰূপিণী,
পাঞ্চালী দ্ৰুপদ-সুতা, ৰূপে গুণে সমযুতা,
সুখে সুখী, দুখে দুখী, অৰ্দ্ধাঙ্গভাগিনী।
তাৰ প্ৰাণ অৰ্থে যদি কৰা অভিলাষ,
সাধা মোত শীঘ্ৰ পূৰ হক মন-আশ।
( ২৬ )
“পৰ ভাই নোহে মোৰ, বিমাতৃ-তনয়,
ভীম, পাৰ্থ মহামতি, যদিও বিখ্যাত অতি,
সি সবাৰো শ্ৰেষ্ঠ-ভাবোঁ, মাদ্ৰী-সুতদ্বয়।
বৰ চেনেহৰ ধন, জীৱনতো সাৰ,
দুয়ো অবিহনে আজি জগত আন্ধাৰ।”
( ২৭ )
“কৃপা কৰা দয়ানাথ! দয়া পাৰাবাৰ,
দিয়া সহদেৱ-প্ৰাণ, ৰাখা ধৰ্ম্ম সনাতন,
নহলে মৰণে সাৰ এই অভাগাৰ;
নকৰিবা পিণ্ডলোপ কৰিছোঁ বিনয়,
নহলে পৰম ধৰ্ম্ম সমূলে বিলয়।”
( ২৮ )
বকৰূপী ধৰ্ম্মে যুধিষ্ঠিৰ কথা জানি,
অতি হষিত হৈ, পুত্ৰক কোলাত লৈ,
কবলৈ ধৰিলে এই সুমধুৰ বাণী;
তোমাৰ ধৰ্ম্মৰ তত্ত্ব লবৰ কাৰণে,
পাতিছিলোঁ মায়াজাল এই মহাবনে।”
( ২৯ )
“কিন্তু তুমি মায়ামুক্ত, বৰ পুণ্যবান!
ধন্যা কুন্তী জন্মদাত্ৰী, লভিলে পৱিত্ৰ শান্তি,
ওপজাই তোমা হেন সুযোগ্য সন্তান;
ধৰ্ম্ম পথে থাকা বাছা ধৰ্ম্ম কৰি সাৰ,
তেনেহলে দুখৰ সাগৰ হবা পাৰ।”
( ৩০ )
“কুৰুকুল হব ক্ষয়, আৰু দিন নাই,
ভৱিষ্য বুৰঞ্জী এই, ভাঙিলো তোমাত মই
পালিবা পৃথিৱী সাৰ্ব্বভৌম-পদ পাই;
এই লোৱা চাৰি ভাই পাঞ্চালী সহিত,
পুনুগৈ আশ্ৰমত সাধা নিজ হিত।”
⸻
বিষয়ী।
( ১ )
হে বিষয়ী নৰ! কিয় আজি তুমি
এনে বিয়াকুল হৈ,
ঘূৰিব ধৰিছা বাট হেৰুৱাই
অযথা সাৱটি লৈ?
(২)
ঈশ্বৰ প্ৰদত্ত বিবেক উপেক্ষি
যিটে এই সংসাৰত,
মদ-মত্ত ভাৱে কৰ্ত্তব্য পাহৰি
ফুৰে সদা অবাৱত।
( ৩ )
সেইয়ে বোধ শূন্য জ্ঞানীৰ নগণ্য
মিছা তাৰ ই জনম,
দুৰাশা সাৱটি ঘূৰোঁতেই তাৰ
নিসিজে একোটো কাম।
(8)
‘তোৰ মোৰ’-ভাৱ সদায়ে লগত
যেন সি অজৰামৰ,
চকু থাকোঁতেও ঘূৰি ফুৰে মাথোঁ
বাট এৰি সজনৰ।
(৫)
ঐহিক সুখকে সুখ বোধ কৰি
কটায় জীৱন মিছা;
নাভাৱে কাচিতো আহিছে যে সেই--
আঁউসীৰ কাল-নিশা।
(৬)
মোৰ ঘৰ-বাৰী মোৰ ভাৰ্য্যা পুত্ৰ
মোৰ উপাৰ্জ্জিত ধন,
ৰব পৰি হায়ঁ সকলো ইয়াতে
ফল মাথোঁ উচাটন।
( ৭ )
ঐহিক সম্পদ ক্ষন্তেক দেখোঁতে
তাৰ কোনো মূল্য নাই।
ইয়াৰ লগত ফুৰিলে কেৱল
সন্তাপৰ ভাগ পায়৷
(৮)
সাধুৰ সম্মতি নকৰি দুৰ্ম্মতি
মিছা লালসাত পৰি,
চলোৱা আত্মাক সদা সুবাটত
কৰ্ত্তব্য সাৱটি ধৰি।
( ৯ )
সাধু-মহাজন জীৱনী আলচি
হে অজ্ঞ বিষয়ী নৰ।
পুৰুষাৰ্থ কৈ তোমাৰ জীৱনো
কৰা সেই একে গঢ়।
( ১০ )
মৰিও অমৰ সেই জনা নৰ
যাৰ কীৰ্ত্তি জগজন,
গায় সংসাৰত প্ৰেম-ভক্তিভাৱে
কৰি সদা সোঁৱৰণ।
মইনা।
( ১ )
অতি চেনেহৰ, অকণ পখিটি,
বৰ ভাল পাওঁ তোক;
নোৱাৰোঁ এৰিব, ক্ষন্তেকৰ হেতু
মৰমে বাঁধিছ মোক।
খাওঁতে, লওঁতে, উঠোতে, বহোঁতে,
ভাবোঁ মই সৰ্ব্বদায়;
তয়ে ময়ে যেন, একেটি পৰাণ,
ভিন্-ভাৱ একো নাই।
(২)
কোনোবা কালত, নপৰে মনত,
আছিলি সোদৰ তই,
সি কাৰণে তোৰ, ভাল পোৱা গুণে,
আজি বন্ধা আছোঁ মই।
ভাল বস্তু পালে, অতি যতনেৰে,
সাঁচি ৰাখি টোপলিত;
চেনেহতে মই, আনি নিজ হাতে,
থৈ এই সজাটিত;—
(৩)
বৰ হেপাহেৰে, ঠিয়াদি কাষতে,
কাবউ মিনতি কৰি,
খুৱাওঁ সাদৰে, লাহে লাহে তোক,
দুয়ো হাতে ধৰি ধৰি।
ভাত পানী এৰোঁ, কৰ্ত্তব্য পাহৰোঁ,
নাযাওঁ কলৈকো্ মই,
যেতিয়ালৈ পখি! খোৱা বস্তু খিনি,
নোচোৱ ঠোঁটেৰে তই।
(8)
কিন্তু যদি সুখে, হৰিষ মনেৰে,
লৈ মোৰ উপহাৰ,
সুধা গীত গাৱ, সুললিত তানে,
লভোঁ সুখ স্বৰগৰ।
জীৱন যুজত, ভাগৰুৱা হৈ,
উভতি আহিয়ে মই,
লৰালৰি কৈ, পোন প্ৰথমতে,
আহি তোৰ কাষলৈ;-
(৫)
চাওঁ তোৰ খোৱা— বস্তু আছে নাই,
শুনো মউ সনা কথা,
পাহাৰোঁ ভাগৰ, পুত্ৰ-পৰিয়াল,
ধ্যান-মগ্ন যোগী যথা!
অতি চেনেহৰ, মইনা চৰাই।
আচলতে তই মোৰ,
নশ্বৰ ধৰাৰ, অপাৰ্থিব ধন,
কি গুণ বৰ্ণিম তোৰ!
( ৬ )
বৰ সোৱাদৰ, নানা উপচাৰ,
খাবলৈ তোক দিওঁ,
কদৰ্য্য দেখিলে, ততালিকে তাক,
চকু আঁতৰাই নিও।
দিনত দুবেলি, স্ফটিক জলত,
পখলাও গাৱ মূৰ,
অভাৱ অসুখ, নাই ই থলত,
চিৰ-শান্তি ভৰপূৰ।
(৭)
ব্যাধি কিম্বা আন, শতুৰুৱে তোক,
নোৱাৰে চুব ইয়াত,
তথাপিটো কিয়, আমন জিমন,
থাক মাজে সময়ত?
ক'চোন পখি! মুখ ফালি মোক,
আৰু তোক যিবা লাগে,
আছো উপস্থিত, দিওঁ আনি তাকে,
চাই চিন্তি আগে ভাগে।
( ৮ )
অকণ পখিটি এই কোৱা কথাবোৰ,
শুনি থাকি একে মনে কৰি তল মূৰ।
যেন কিবা কব আশে মোৰ মুখলৈ,
চাই ৰৈ তথা লাগি একে থিৰ হৈ;
বিৰস বদনে নিজ অফুট স্বৰেৰে,
কলে তাৰ মন-ভাব মোৰ এই দৰে;
(৯)
সঁচা কথা তুমি মোক বৰ ভাল পোৱা,
দিনতো শ বেলি কৈ মোৰে বুজ লোৱা।
মই খালে খোৱা তুমি, নাখালে নোখাৱা,
মোক শোব দেখিলেহে তুমি শুব যোৱা
মোৰ লগতেই সুখে, সুখ-গীত গাই,
পাহৰ সংসাৰ-দুখ, ভাব শূন্য হৈ।
( ১০ )
সুখে সুখী, দুখে দুখী, তোমাৰ অন্তৰ,
স্বীকাৰ্য্য; তুমি যে মোৰ প্ৰিয় হিতকৰ।
কিন্তু হে পালক! এই কৰিছে মিনতি,
নোবোলা কৃতঘ্ন যদি মইনা পখিটি।
এটি ভিক্ষা মাগোঁ আজি তযু চৰণত,
এৰি দিয়া বন-পখী আকউ বনত।
চিৰকাললৈ মোৰ থাকিব স্মৰণ,
প্ৰাৰ্থীত-প্ৰাৰ্থনা তুমি কৰিলে পূৰণ।
মোকলাই দিয়া মোক উৰি যাওঁ মই,
এনে বিধ সুখত কাচিতো মন নাই।
বন-পখী লগে গাই সুললিত গান,
ফুৰিম উলাহ মনে বন-উপবন।
বন-ফল-মূল খাই উদৰ পূৰাম,
জুৰি পানী খাই সুখে গাৱ শীতলাম।
ব্যাধি কিম্বা অইন কালৈকো নাই ভয়,
জনম মৰণ খণ্ডাবৰ হাত নাই।
শাক-ভাত খালেও স্বাধীন সদা সুখী,
দধি দুগ্ধভোজী পৰাধীনো মহা দুখী।
নিদিবা মিছাতে দুখ, দিয়া মোক এৰি,
বনৰ চৰাই বনলৈ যাওঁ উৰি।”
⸻
ভৰতৰ ৰাম বন-গমন সংবাদ।
[ অযোধ্যা ৰাজ্য ভাৰতৰ উত্তৰাংশত] ত্ৰেতাযুগত মহাৰাজ দশৰথ এই ৰাজ্যৰ এজন মহা পৰাক্ৰমী বিখ্যাত সাৰ্ব্বভৌম নৰপতি আছিল। সূৰ্য্যবংশত ইক্ষ্বাকু কুলত দশৰথৰ জন্ম হয়। এওঁৰ মুখ্য ৰাণীৰ নাম কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰা। কৌশল্যা গৰ্ভত শ্ৰীৰামচন্দ্ৰ, কৈকেয়ী গৰ্ভত ভৰত, আৰু সুমিত্ৰা গৰ্ভত লক্ষ্মণ আৰু শত্ৰুঘ্নৰ জন্ম হয়। ৰাজ-বিধানত চাৰিওজন কোঁৱৰৰে শিক্ষা-দীক্ষা সমাপন হলে, শ্ৰীৰামচন্দ্ৰক যৌবৰাজ্যত অভিষেক কৰাৰ অনুষ্ঠান হয়। দৈব দুৰ্ব্বিপাকত কৈকেয়ী-দাসী কুঁজীৰ কু-চক্ৰান্তত ঘটনা সোঁত বিপৰীত ফালে ঢাল খায়।
বহুদিন আগেয়ে মহাৰাজ দশৰথ প্ৰিয় মহিষী কৈকেয়ীক দুটি বৰ দিবলৈ প্ৰতিজ্ঞাবদ্ধ আছিল। ৰাম ৰাজ্যাভিষেকৰ কাল উপস্থিত হলে ৰাণীয়ে ঈৰ্ষাবশে স্বীয় তনয় ভৰতৰ ৰাজপদ লাভাৰ্থে ছেগ বুজি ৰজাৰ ওচৰত সেই পূৰ্ব্ব প্ৰতিশ্ৰুত বৰদ্বয় প্ৰাৰ্থনা কৰে। প্ৰথম বৰত শ্ৰীৰামচন্দ্ৰৰ পৰিবৰ্ত্তে ভৰতক যুৱৰাজ পদত অভিষেক আৰু দ্বিতীয় বৰত শ্ৰীৰামচন্দ্ৰক চৈধ্য বৰ্ষলৈ বনবাস প্ৰদান। বাঞ্ছানু, যায়ী কাৰ্য্য হয়। শ্ৰীৰামচন্দ্ৰ প্ৰিয়ানুজ লক্ষ্মণ আৰু প্ৰিয় পত্নী সাধ্বী সীতা সৈতে ৰাজ্য এৰি বনাভিমুখে যাত্ৰা কৰে। মহাৰাজ দশৰথ প্ৰিয় পুত্ৰৰ বিৰহ শোকত অভিভুত হৈ অলতে প্ৰাণ পৰিত্যাগ কৰে। ভৰত, অনুজ শত্ৰুঘ্ন সৈতে মতুল ৰাজ্য দেৱগিৰিত অবস্থান হেতু কুলগুৰু বশিষ্ঠাদেশত ৰজাৰ মৃত শৱ সৎকাৰাৰ্থে ঘৃত কুম্ভত নিমজ্জিত ৰাখি কোৱঁৰক আনিবলৈ উপযুক্ত দূত কেকয় ৰাজালৈ পঠাৱো হয়। যথাসময়ত দূত সৈতে ৰাজপুত্ৰ অযোধ্যা পালে যি যি ঘটনা ঘটে সকলো তলৰ কবিতাত বিবৃত কৰা হল :- ]
দিনশেষে দিবাকৰ পালে অস্তাচল,
দু'য়া ভায়ে অযোধ্যাত উপস্থিত হল।
কান্দিছে সকলো প্ৰজা ৰামৰ শোকতে,
ভাৰত ফুলনি আজি আন্ধাৰ দিনতে।
ভাবিছে ভৰত বৰ বিস্ময় মনেৰে,
কি কাৰণে প্ৰজাসৱে কান্দে এনে দৰে।
বহুদিন মূৰত আহিলোঁ দেশলৈ,
অথচ কোনোৱে দেখোঁ নাহে কাষলৈ?
ক’ত মই পাম লোক-মান সতকাৰ,
ওপৰঞ্চি হৈছোঁ দেখোঁ নিন্দাৰেহে ভাৰ?
ইদৰে বহুত কথা ভাবি চিন্তি বীৰ,
পোনে পোনে গল তেওঁ জনক মন্দিৰ।
দেখিলে সকলো শূন্য ৰাজা নাই তাত,
মৰণ কালত ৰাজা কৌশল্যা ঘৰত।
বৰ বিয়াকুল মনে উভটি দুভাই,
চঞ্চল গতিৰে গল জননীৰ ঠাই।
বহি আছে কৈকেয়ী সুৱৰ্ণ-আসনত,
আপদ-বিপদ একো নাই অন্তৰত।
পুত্ৰৰ ৰাজত্ব-লাভ এই পৰম পদ,
কৰিছে উৎসৱ ভাবি নিজৰ সম্পদ।
এনে সময়তে দুয়ো জননীৰ ঠাই,
বিষাদ মনেৰে উপস্থিত হল যাই।
পুত্ৰে দেখি ৰাজৰাণী এৰি সিংহাসন,
আথেবেথে দুয়োকো কৰিলে সম্ভাষণ।
দুয়ো ভায়ে গললগ্নী কৃতবাস হৈ,
কৰিলে প্ৰণতি প্ৰেমে মাতৃপদে গৈ।
চুমা খাই ৰাণী ভৰতক কোলে কৰি,
সুধিব ধৰিলে সুখে তাৱত বাতৰি;-
“কেকয় ভূপতি পিতা আছে কি কুশলে,
কল্যাণে কি আছে মোৰ সাদৰ সকলে?
সদ্ভাৱে কি আছে মোৰ বিমাতা সকল,
পিতৃ-ৰাজ্য দেৱগিৰি দেশৰ মঙ্গল।
কোৱা মোৰ পৰাণ পুতলা শ্ৰীভৰত,
নিৰ্ব্বিঘ্নেটো আছে, সবে পিতাৰ ৰাজ্যত?”
ভৰতে বুলিলে “আই! নহবা আকুল,
সকলো তোমাৰ শুভ জনকৰ কুল।
তোমাৰ বান্ধৱ কোনো অশান্তিত নাই,
নিছে জীৱনৰ দিন সুখতে সবাই।
তুমি যি কৰিলা প্ৰশ্ন কৰিলোঁ প্ৰকাশ,
মোৰ প্ৰশ্নোত্তৰ দানে গুছোৱা নৈৰাশ।
অযোধ্যা নগৰী কিয় দেখোঁ বিপৰীত,
বিমৰিষ কিয় সবে, শোকাকুল চিত?
চাৰিপিনে কি কাৰণে শুনিছো ক্ৰন্দন,
প্ৰজায়ে কিয়বা মোক কৰিছে নিন্দন?
পিতাক নেদেখোঁ কিয় নিজ ভৱনত,
হাহাকাৰে পূৰ্ণ কিয় আজি নগৰত?”
যি দাৰুণ কথা কাৰো মুখত নোলায়,
কলে ৰাণী সেই কথা হিয়া উদঙাই।
“সত্যবাদী মহাৰাজ, সদা সত্যপৰ,
সত্য পালি স্বৰগত গল নৰবৰ।
শূন্য ৰাজ্য আছে বাছা ৰজা অভাৱত,”
শুনি মোহ গৈ বীৰ পৰে ভূতলত।
সুস্থ হৈ লাহে লাহে ভৰতে সুধিছে,
“শ্ৰীৰাম লক্ষণে আই! কোৱা কি কৰিছে?
মহাৰাজ ৰামক অৰপি ৰাজ্যভাৰ,
ৰাজকাৰ্য্য পৰা তেওঁ লব অৱসৰ।
জানো মই এই যুক্তি আছিল পূৰ্ব্বত,
বৰ্ত্তমানে কিয় তাৰ দেখোঁ অন্যমত।
ৰজাৰ মৃত্যুত নাই তোমাৰ বেজাৰ,
জানো আই! তুমিয়ে কাৰণ কিবা তাৰ?”
বজাৰ কুঁৱৰী দেবী আছে ৰাজ সুখে,
নানা কথা কলে তেওঁ যি আহিল মুখে।
“ৰাম গল বনত, লক্ষণ তাৰ সঙ্গে,
কি ভাবি জনক কন্যা গল লগে লগে!”
ভৰতে সুধিছে “কিয় ৰাম গল বন?
পৰাণ বিদৰে শুনি তোমাৰ বচন।
কাঢ়ি ললে কাৰ ধন, কাৰ বা সুন্দৰী,
কি দোষত ভাই মোৰ হল দেশান্তৰী?”
প্ৰকাশিছে মহাৰাণী ভৰতৰ স্থানে,
ৰামৰ অশেষ গুণ প্ৰথমে বখানে।
“ভকত বৎসল ৰাম ধৰ্ম্মত তৎপৰ,
জনক-জননী-প্ৰাণ গুণৰ সাগৰ।
ৰাম ৰাজা হলে হয় সবাৰ কৌতুক,
ৰাম-ৰাজ্য শাসনত সবে পায় সুখ।
কালি ৰাম হব ৰজা আজি অধিবাস,
এনে সময়তে ৰাজা দিলে বনবাস।
তোমাক ৰাজত্ব দি ৰাম গলে বন,
‘হা ৰাম’ বুলি ৰাজা ত্যজিলে জীৱন।
মাতৃঋণ পুত্ৰে বাছা সুজিব নোৱাৰে,
ৰাজছত্ৰ কাঢ়ি দিলে তোমাৰ ওপৰে।
সুখে ৰাজ্য কৰা বহি ৰাজ আসনত,
ৰাজলক্ষ্মী আছে বাছা! তোমাৰ ভাগ্যত।
হোমত অহুতি দিলে যেনেকে জ্বলে,
সিদৰে খঙতে বীৰ কবলৈ ধৰিলে;
“নিজ গুণ বেকত কৰিছা নিজ মুখে,
আপুনি মজিলা তুমি দুৰ্ঘোৰ নৰকে।
ৰাজকুলে ওপজি শুনিলা কাৰ ঠাই,
জ্যেষ্ঠ স্বত্ত্বে কনিষ্ঠ জনেহে ৰাজ্য পায়।
ৰামৰ শোকত ৰাজা ত্যজিলে জীৱন,
তুমি কিয় শ্ৰীৰামক পঠিয়ালা বন?”
জ্বলিছে ভৰত দীপ্ত অগনিৰ প্ৰায়,
দেখি দেবী ভয়ে গুছি গল আন ঠাই।
যাওঁতে যাওঁতে ৰাণী কৰিছে বিষাদ,
“কালৈ কৰিলোঁ মই এতেক প্ৰমাদ?”
শত্ৰুঘন আহিল কৰিব সম্ভাষণ,
ভৰতক কন্দা দেখি কান্দে দুয়োজন।
“ভাই” বুলি সাৱটি ধৰিলে শ্ৰীভৰত,
তিতিল দুয়োৰে অঙ্গ নয়ন জলত।
“শুনা ভাই শত্ৰুঘন! দৈবে যিবা কৰে,
-মানুহে কাচিতো তাক খণ্ডাব নোৱাৰে।
ৰামক অৰ্পিলে ৰাজা, ৰাজসিংহাসন,
কোনে জানিছিল তাত হব অঘটন?
কিন্তু দুয়ো হলোঁ দোষী কৌশল্যা গুৰিত,
চন্দ্ৰ, সূৰ্য্য থাকে মানে এই পৃথিৱীত।
কি সাহেৰে আগুৱাম কৌশল্যাৰ ঠাই,
ধিক্ পাপ জীৱনত আৰু কাজ নাই!”
প্ৰবোধে শত্ৰুঘ্ন “দেব! এৰা অসন্তোষ,
আপুনি জানিছে তেওঁ যাৰ যিবা দোষ।”
অনন্তৰে গল দুয়ো কৌশল্যা ভুৱন,
দেখিলে শোকতে দেবী কৰিছে ক্ৰন্দন।
দুয়ো ভাই ধীৰে ধীৰে শোকাকুল মনে,
লুটি খাই প্ৰণমিলে কৌশল্যা চৰণে।
কোলে তুলি ভৰতক নিয়ে মহাৰাণী,
বুলিব ধৰিলে তেওঁ টুকি চকুপানী।
হে ভৰত! ভয় আৰু নাই পাছলৈ,
নিৰাপদে সুখে এবে ৰাজ্য কৰাগৈ।
কাঢ়ি ললে কাৰ ধন, কাৰ বা সুন্দৰী,
সি কাৰণে পুত্ৰ মোৰ হয় দেশান্তৰী!
পাপীনীকো আঁতৰাই গুছোৱা কাঁইট,
পঠোৱা তুৰন্তে মোকো ৰামৰ গুৰিত।
দুখভাগীহৈ মই নিবিচাৰো সুখ;
নিৰ্ভাৱেৰে ভৰত সম্ভোগা ৰাজ্যসুখ।”
কাতৰ ভৰত অতি কৌশল্যা বাক্যত।
‘ৰাম দাস’ আই! মোক জান স্বৰূপত।
মোৰ মতে যদি ভাই গৈছে অৰণ্যত,
কৰিলোঁ শপথ ধৰি তযু চৰণত।
“ৰাজা যদি প্ৰজা পীড়ে নকৰে পালন,
নিশ্চয় নিশ্চয়, হয় সি পাপ ভাজন।
প্ৰজা হৈ ৰাজ-দ্ৰোহ কৰে যদি লোকে,
সি পাপত পাপী হৈ ডুবিম নৰকে।
বিদ্যা পাই গুৰুক যি নকৰে পূজন,
কৰ্ম্ম কৰি দক্ষিণা নিদিয়ে যিটোজন।
নিজক বখানে আৰু পৰনিন্দা কৰে,
সিজিব সি মহাপাপ, মোৰ শিৰোপৰে।
স্থাপ্যধন হৰণত যি ঘটে পাতক,
সি পাপত পাপী হৈ ভূঞ্জিম নৰক।
শ্ৰীৰামক বঞ্চি যদি ৰাজ্য বাঞ্ছো মই,
ইহ পৰকাল নষ্ট শিৱৰ দোহাই!”
সন্তোষ।
( ১ )
ৰাজাৰ সুখৰ পুৰী, দুখী ভগা ঘৰ,
বন, উপৱন, মৰু, পৰ্ব্বত-টিঙত,
মৰিশালী শয়নত, বিয়োগী জনৰ;
প্ৰণয়ী জনৰ প্ৰীতি-সুখ মিলনত।
(২)
ঐশ্বৰ্য্য-বিভূতিশালী নৃপতি হৃদয়,
ছিন্ন-বস্ত্ৰ সমাবৃত ভিক্ষুকৰ ঠাই,
বিচাৰি ফুৰিলোঁ আজি সকলোতে মই,
প্ৰকৃত সন্তোষ নৰে ক’ত গলে পাই৷
(৩)
দেখিলোঁ বিচাৰি কতো, ত্ৰিতল বিহাৰী,
কলা ঘুমটিত থাকি, আধা নিশা হায়।
চাটি-ফুটি কৰি ভাব সাগৰত পৰি,
শান্তি-প্ৰদ সুখ-নিশা, দুখতে কটায়।
(8)
মনৰ বেজাৰে কতো, এৰি সুখঘব
ছিঙি প্ৰণয়ৰ জৰি, আপোনা হেৰাই।
ফুৰিছে জুৰাৰ দুখ-তাপ হৃদয়,
বন-উপবন, গিৰি-গুহা নানা ঠাই।
( ৫ )
“দেখিছোঁ দুখীৰ জীৰ্ণ কুটীৰত গৈ—
কাৰোৱা জাৰতে চেঁচা, পৰি হাত ভৰি,
মৃত অৱস্থাৰে আছে এফলীয়া হৈ,
সংসাৰৰ দুখ তাপ, সকলো পাহৰি।
( ৬ )
কতো বা দেখিছোঁ হায় : ৰজাৰ মুকুট।
ৰতন, মুকুতা সৈতে মাটিত লুটিছে।
কোনোৱে শৰীৰ কান্তি ৰাখিব গুপুত
আপোনাৰ হাতে তাক ৰঙেৰে বাজিছে।
(৭)
কতো বা দেখিছোঁ ভোগ-সুখত বিৰতি,
অজীৰ্ণ উগাৰ সদা মুখত উঠিছে;
কতো বা দেখিছোঁ নিজ অভাৱ অতৃপ্তি,
বাসনা অনলে তাক সদাই দেইছে।
( ৮)
এনে ভাবে নানা ঠাই দেখিলোঁ বিচাৰি,.
প্ৰাসাদ, সুৰম্যপুৰী আৰু পজাঁঘৰ;
কিন্তু কতো সুং সূত্ৰ ধৰিব নোৱাৰি,
ভাবিলোঁ ইবস্তু নাই তিনিৰো ভিতৰ।
( ৯ )
সাৱশেষে গুণি-গাঁথি, নিৰাশ মনেৰে,
ভেবা লাগি মুৰ তুলি স্বৰগ ধিয়াই,
চাই ৰলোঁ, একেথৰে, একেটা ভাবেৰে,
প্ৰকৃত সন্তোষ নৰে ক’ত গলে পায়?
( ১০ )
দৈৱবাণী ৰূপে মোক ঠিক ই সময়,
ক’লে “মূৰ্খ নৰ! কি ভাবিছ এনে দৰে?
শুন্ মোৰ কথা তই যা ঘৰলৈ,
নুফুৰিবি নাহকত, দ্বীপ দ্বীপান্তৰে।”
( ১১ )
“যি মণিৰ অৰ্থে তই, কৰিছ যতন,
ওপজে সি মণি, মুৰ্খ। হৃদয়-খনিত;
নিজ স্বভাৱত তুষ্ট থাকে যিটোজন,
সেইসে ই মণি লভে মৰত ভূমিত।”
⸺
গুৰু-শিষ্য।
শিষ্য।—
গুৰুদেৱ!
এদিন দুদিন কৈ আপুনি দেখোন্,
বুঢ়া বয়সত দিলে ভৰি?
তথাপিটো একে দৰে, আছে আজিলৈ,
ভিন্ ভাৱ নেদেখো এফেৰি!
মূৰৰ সুদীৰ্ঘ কেশ, কলিয়া বৰণ,
শৰীৰৰ তেজাল মঙহ,
মুকুতা পাঁতিৰ দৰে, দাঁত দুয়োশাৰী,
দেখোঁতেই লাগে হাবিয়াষ!
নিৰ্ঘুণী, সৱলকায়, অতি বিতোপন,
যাক দেখি, ডেকা কাজ পায়।
কোৱা গুৰু! কি কাৰণে, কিবা উপায়েৰে,
দেখিছোঁ সি, একেই অৱস্থায়?
গুৰু৷—
যেতিয়া আছিলোঁ মই, তোমাৰ নিচিনা,
ভাবিছিলোঁ সদায়ে মনত,
শীত-পক্ষ কলা সম, যৌৱন বুৰিব
আঁউসীৰ ঘোৰ আন্ধাৰত।
ইহেতু গুৰিৰে পৰা, ভবিষ্যৎ ভাবি,
কৰিছিলোঁ, কাজ সমাপন;
তুমিও যদ্যপি বৎস! জীৱনৰ কাজ,
কৰা এই দৰে জীৱনত;
নিবা সুখে শেষ কাল, তাপ শূন্য হৈ
গত দুখ নহব মনত।
শিশু, যুবা, বুঢ়া এই তিনিটা সময়
সাংসাৰিক নৰৰ ভিতৰ,
ধৰ্ম্ম, অৰ্থ, কাম, মোক্ষ, লাভৰ কাৰণে,
তিনিটিয়ে বাট সুখকৰ।
এলাহতে যদি নিয়া এটি অবাৱত
নিশ্চয় দেখিবা, শেষে মৰু জীৱনত!
শিষ্য৷—মানিলোঁ নিশ্চয়; গুৱো! সুধিব লগীয়া
আৰু কিছু আছে আপোনাত;
বেজাৰ নহৈ যেন, চেনেহ দেখাই
কোৱা ভাঙি মোক যথাৱত।
গুৰু।–সাজু আছোঁ, সোধা বৎস! যি আছে সংশয়
জানো মানে ভাঙিম তোমাত;
জীৱনতো অতি প্ৰিয়, তোমাকেই মই
ভাবোঁ সদা এই বসুধাত।
শিষ্য।—আজি কালি কৈ অপোনাৰ ই জীৱন,
শেষ হব লগা হল আহি;
তথাপিটো গুৰুদেৱ! আপোনাক মই,
সদায়ে দেখিছোঁ থকা হাঁহি।
দেখি এই ভাব-ভঙ্গী, আপোনাৰ প্ৰভো!
ইয়াকে ভাবিছোঁ মনে মনে;
যেন হাবিয়াষ কৈ, আপোন মৃত্যুক,
কাষলৈ মাতিছা যতনে৷
গুৰু৷— যেতিয়া যি অৱস্থাত পৰোঁ বৎস! মই
তাতেই সদায়ে তুষ্ট থাকোঁ,
ফুলৰ গৰাকী যিটো তাৰ ওচৰত,
শত্ৰু-মিত্ৰ নাই ভিন্ একো।
সৰুৰে পৰায়ে সদা, এই এটি ভাব,
ৰাখিছিলোঁ মনত সুমৰি,
আছে এক ‘বিশ্ব-গুৰু’ বিশ্ব-জগতৰ,
জীৱ-জন্তু সবাৰো উপৰি।
খাওঁতে, শোওঁতে আৰু বহোঁতে, ফুৰোঁতে,
যেনে এজনক ভাবিছিলোঁ;
তেনে সিজনেও মোক, এই বয়সত
যোগাইছেহি সম্পদ সকলো।
আহক, আহিছে মৃত্যু সাদৰি আনিম,
উলাহেৰে আগমনী গাই,
যিহেতু বিভুৰ পদ পাবলৈ বৎস!
ইটিয়ে মাথোন বাট ঘাই।
নশ্বৰ প্ৰাণকে যিটে চিৰ-প্ৰাণ ভাবি
ইহেন সুৰাট পৰিহৰে,
তাকেই মদান্ধ বুলি পণ্ডিত সকলে,
সৰ্ব্বদায়ে ইতিকিং কৰে।
মায়াৰ সংসাৰ ইটো, মায়াতে স্থাপিত,
প্ৰণয়-বন্ধন মায়া জৰি,
পঞ্চভূত আত্মা পালে পঞ্চভূতে লয়,
ইয়াতে সকলো ৰব পৰি।
ইকাৰণে বুধজনে, সংসাৰ ক্ষেত্ৰক
ৰিজাইছে মৰুৰ লগত;
প্ৰলোভন শতুৰক, “মৰীচিকা” ৰূপে,
দেখুৱাইছে চকুৰ আগত।
কাম, ক্ৰোধ, হিংসা আদি কুপ্ৰবৃত্তিচয়,
প্ৰাণঘাতী জ্বলন্ত গৱন;
নহলে বিবেক উট লগৰ সাৰথী,
ক্ষন্তেকতে জীৱন পতন।
ঈশ্বৰ সৰ্ব্বজ্ঞ, সৰ্ব্বদশী, সৰ্ব্বব্যাপী,
সকলোতে আছে বিদ্যমান,
যি ভাবিম, যি কৰিম গুপুতে প্ৰকাশ্যে
সকলোকে জানে সেই জন।
স্ৰজিছে অসীম বিশ্ব, কেনে সুকৌশলে,
ঘূৰিছে সি সদা একে বাটে,
স্থাৱৰ, জঙ্গম, কীট, পতঙ্গমো যত,
ঈশ-আজ্ঞা পালিছে সততে।
তুমিও মানৱ কুলে মনুজ সন্তান,
এতেকে মানৱৰূপে বৎস!
কৰা মানৱৰ কাম হিয়া উদঙাই
গোৱা সুখে ‘জয় জগদীশ’।
আত্ম-সংযমন ৰূপ ঢাল হাতে লৈ
প্ৰবৃত্তি ৰিপুক দূৰ কৰা,
একাগ্ৰতা কৱচেৰে শৰীৰ আৱৰি
জীৱন যুজত আগবঢ়া।
মিছা কোৱা, সুৰাপান, অপব্যয় কৰা,
ইসবৰ কাষকো নাযাবা,
পৱিত্ৰ ভাৱেৰে সজবাটে বাট ধৰি
অৱশ্যে শেহত জয় পাবা।
এনে ভাবে যদি বৎস! চলা সৰ্ব্বদায়
যমক তোমাৰো নাই ভয়,
পাপীহে কেৱল মাথোঁ পাপৰ ভয়ত
‘মৃত্যু’ নামে বিয়াকুল হয়!
⸺
সত্য।
( ১ )
সত্য গুণ, সম গুণ, নাই পৃথিৱীত,
সত্যই সবাৰো সাৰ, সবাৰো বাঞ্ছিত।
সত্য ধনে যা মানৱ হয় ধনৱান,
অনিত্য ধনত তাৰ কিবা প্ৰয়োজন?
( ২ )
যি মৰাল থাকে সদা মানস-জলত,
সি কি কদাপি সায় থাকিব খালত?
দধি, দুগ্ধ, ঘৃতে, যিটে কৰিছে ভোজন,
শাকান্নে কি তাৰ ৰুচি হয় কদাচন?
( ৩ )
সত্যগুণে যি মানৱ সদা বিভূষিত,
মানুহৰ কথা কি, সি দেৱৰো আদৃত।
নিকৃষ্টত উপজিও সমাজত শ্ৰেষ্ঠ,
যদিও মনুষ্য দেৱ সমান গৰিষ্ঠ!
( 8 )
আদৰ্শ পুৰুষ ‘ৰাম’ উপজি ত্ৰেতাত,
সাধিলে জীৱন-ব্ৰত কেনে অৱস্থাত!
পিতৃ-সত্য পালনাৰ্থে, ৰাজপদ এৰি,
ভ্ৰমিলে বনত নানা দুখ ভোগ কৰি।
( ৫ )
সত্যৰ কাৰণে ‘নল’ ‘শ্ৰীবৎস’ ৰাজন,
ভুগিলে যিমান দুখ নাযায় বৰ্ণন।
জগত প্ৰসিদ্ধ ‘হৰিশ্চন্দ্ৰ’ মতিমান,
‘বিশ্বামিত্ৰ’ হাতে পালে লাঞ্ছনা কিমান!
( ৬ )
সত্য ৰক্ষা হেতু ‘কৰ্ণ’ অঙ্গৰ ঈশ্বৰ,
পুত্ৰ মুণ্ড কাটি পূজে পদ ব্ৰাহ্মণৰ।
‘ভীষ্মদেৱ’ পিতৃ-মন সন্তুষ্ট কাৰণ,
পালিলে কুমাৰ ব্ৰত এৰি ৰাজাসন!
( ৭ )
সত্যবাদী, জিতেন্দ্ৰিয় ৰাজা ‘যুধিষ্ঠিৰ’,
‘কুৰুৰ’ হাতত পালে যাতনা সুধীৰ।
‘সৌৱলৰ’ পাশাত সৰ্ব্বস্ব এৰি দিলে,
তথাপিটো সত্য পথ কাচিতো নেৰিলে।
( ৮ )
সত্য বাট ধৰি যিটে জীৱন নিয়াই,
ইহ-পৰকাল তাৰ কতো কষ্ট নাই।
কোনো গুণ নোহে এই সত্যৰ ওপৰ,
সত্যতে মুকুতি পদ তিনিও লোকৰ।
( ৯ )
পুৰাণোক্তি;-স্বয়ং ব্ৰহ্মা তৰ্জ্জু হাতে লৈ,
গাইছিল এই গীত হৰষিত হৈ;
“সহস্ৰেক অশ্বমেধ, আৰু সত্যগুণ,
জুৰিলোঁ, মাপত কিন্তু প্ৰথমটি ঊন।”
( ১০ )
তপ, শৌচ, দয়া, সত্য চাৰি পদধাৰী,
ভগবান্ ধৰ্ম্ম, সত্য-অৱস্থানকাৰী।
সত্যতে অমৃতোদ্ভৱ শাস্ত্ৰৰ আখ্যান,
ত্ৰিভুৱনো সত্যতে কৰিছে অধিষ্ঠান।
( ১১ )
সত্য প্ৰভাৱতে সূৰ্য্য কৰে তাপ দান,
চন্দ্ৰও সত্যতে তোৰে জগত পৰাণ;
এই হেতু পৃথিৱীত সাধু মহাজনে,
সত্য ৰক্ষা কৰে সদা নিজ প্ৰাণপণে।
⸻
ঈশ্বৰ ভক্তৰ উক্তি।
( ১ )
যিটে বিজ্ঞ, যাঁৰ ৰূপ আত্মাৰ স্বৰূপ,
অনন্ত কালতো যাঁৰ নহয় বিৰূপ।
সজ আলোচনা যাঁৰ সত্য প্ৰতিৰূপ,
আকৃতি যিটোৰ সৰ্ব্বব্যাপী ব্যোমৰূপ।
( ২ )
সুগন্ধ, সুবাস, ইচ্ছা আৰু সজগুণ,
ই সকলো যাৰ ঠাই নোহে তিল উন;
যিটো বাক্য উচ্চাৰণ নকৰে কাচিত,
সুৰাসুৰে পূজে যাক হৈ এক চিত।
( ৩ )
তেৱেঁ মোৰ অন্তৰৰ আত্মা অনুৰূপ,
তেৱেঁই সাক্ষাৎ পৰম্ ব্ৰহ্মৰ স্বৰূপ।
ভৱধাম খেলা সাঙ্গ হব যি সময়,
তেৱেঁই তেতিয়া মোৰ অকল আশ্ৰয়
⸺
দ্ৰোণ-দ্ৰুপদ-সংবাদ।
ফুলে ফলে পৰিপূৰ্ণ নন্দন উপম,
অতি মনোৰম দিব্য ভৰদ্বাজাশ্ৰম
শোভি প্ৰকৃতিৰ বুকু নীৰৱে নিৰলে,
কৰিছে সুগন্ধি বন, শান্তি পৰিমলে
নিৰ্ম্মলা সলিলা এক নিজৰা সি ঠাই,
গৈছে বৈ কুলু সুৰে বিভুগুণ গাই।
দুকাষতে শোভে তাৰ কুঞ্জ উপৱন,
বান্ধি হৃদয়ত শিলা বেদীৰ আসন।
সময়ে সুযশা তপা মুনি ভৰদ্বাজ,
ইহেন ঠাইতে সাধে যোগ-যাগ কাজ।
নিসাৰ পৱিত্ৰাশ্ৰম কেননা নাই তাত,
বিনে মুনি, মুনি-পুত্ৰ দ্ৰোণ নামে খ্যাত।
পালি এই পুত্ৰধনে পৰম যতনে,
আচৰে মহান্ তপ মুনি শুদ্ধ মনে।
বাঢ়ি দিনে দিনে পুত্ৰ পূৰ্ণকলা সম,
পালে যথাকালে আহি বৰিষ পঞ্চম।
শুভদিন চাই মুনি আপোন নন্দনে,
হাতে খৰি দিলে তুলি হৰষিত মনে।
শিকাব ধৰিলে কালে নানা বিদ্যাচয়,
ইতিমধ্যে শুনা এক ঘটনা বিষয়।
‘প্ৰশস্ত’ নামেৰে ৰাজা পাঞ্চাল ঈশ্বৰ,
মহাপৰাক্ৰমী খ্যাত ভাৰত ভিতৰ।
আছিল দ্ৰুপদ নামে তাঁৰ এক সুত,
তেজে নৱ সূৰ্য্য জিনি ৰাজ-গুণ যুত।
হলে উপযুক্ত কাল ৰাজতনয়ৰ,
ভৰদ্বাজাশ্ৰমে তাক থলে নৰবৰ।
সঁপি দিলে মুনি হাতে, পাঞ্চাল ঈশ্বৰ,
বিদ্যাদি শিক্ষাৰ ভাব প্ৰিয় তনয়ৰ।
অতঃপৰ দ্ৰোণক সম্বোধি নৰৰায়,
মধুৰ বচনে কলে দুনাই দুনাই।
“শুনা প্ৰিয় বৎস! মই কওঁ এটি কথা,
অনুৰোধ যেন তাৰ নকৰ অন্যথা।
আজি হৈতে দ্ৰুপদ তোমাৰ হল ভাই,
থাকিবা দুজনে মিলি নকৰিবা হাই।
উদ্ধত স্বভাৱী পুত্ৰ অভিমানী বৰ,
শুধৰাব যেন তাক হোৱা যত্নপৰ।”
অনন্তৰে তনয়ক কৰি সম্বোধন,
বুলিবে লাগিলা ৰাজা মধুৰ বচন;
“শুনা বৎস! দিনে ৰাতি থাকি আশ্ৰমত,
প্ৰিয় গুৰু মূৰ্ত্তি থাপি হৃদি-আসনত,
শিৰে ধৰি আজ্ঞা তাৰ সাধিবা স্বকাজ,
নীহ কাৰ্য্য বুলি কোনো, নকৰিবা লাজ।
শাসনতো কদাচিত নহবা বিতুষ্ট,
থাকিবা প্ৰফুল্ল চিত্তে এৰি ভাব ৰুষ্ট।
কায় ভক্তিমনে ধৰি গুৰু উপদেশ,
বেদ, বিধি, ধনুৰ্বিদ্দ্যা শিকিবা বিশেষ।
শিক্ষাদাতা গুৰুজন সাক্ষাৎ ঈশ্বৰ,
নামানিলে আজ্ঞ তাৰ পাপ দুনিবাৰ।
আৰু এক কথা কওঁ শুনা নিষ্ঠা কবি,
সুখে দুখে ৰাখা যেন মনত সুমৰি।
সমান সঙ্গীয় দ্ৰোণ-গুৰুৰ কোৱঁৰ,
অদ্যাবধি হল তেৰ নিজ সহোদৰ।
পৰস্পৰ পৰস্পৰে মিলা প্ৰীতি হৈ,
শিকিবা বেদাদি বিদ্যা মনোযোগ কৈ।
মই মতলীয়া ভাব কৰি পৰিহাৰ,
আচৰিবা সঙ্গী প্ৰতি সজ ব্যৱহাৰ।
জ্যেষ্ঠ ভাই সম বোধে চলিবা সদায়,
একে এৰি অন্যে ফুৰিবা কোনো ঠাই।”
ইদৰে বুজাই পুত্ৰে প্ৰশস্ত ৰাজন্
নমি মুনি পদে গল পাঞ্চাল ভুৱন।
ইপিনে কুমাৰ, দ্ৰোণ সহ, হৰ্ষমনে,
শিকিব ধৰিলে পাঠ ভৰদ্বাজ স্থানে।
সহজতে দুয়োটাৰে ঘটিল প্ৰণয়,
একে এৰি অন্যে বতো নাযায়, নৰয়।
একত্ৰে শয়ন কৰে, একত্ৰে ভোজন,
একত্ৰে খেলায় দুয়ে হৈ হৃষ্টমন।
একত্ৰে আশ্ৰম এৰি ধনু-শৰ ধৰি,
মৃগয়াৰ্থ ফুৰে গিৰি কানন ভ্ৰমৰি।
ৰাজপুত্ৰে মূনি পুত্ৰে ভিন্ ভাৱ নাই,
ইমতে সমাপে দুয়ো বেদ-বিদ্যাচয়।
ইতিমধ্যে খ্যাতনামা প্ৰশস্ত ৰাজন,
আয়ুষ্কাল পূৰ্ণ হৈ ত্যজিলে জীৱন।
দূত আহি যথাকালে ভৰদ্বাজ ইাঠ,
জনালে বাতৰি “ৰাজা জগতত নাই।
দিব্যৰথে চৰি গল স্বৰগ ভৱন,
আহিলোঁ কোৱঁৰে নিব দেৱ তপোধন!”
শুনি মুনি দ্ৰুপদত ভাঙ্গিলে তাৱত,
দ্ৰুপদ বিদায় ললে গুৰু সকাশত।
ভক্তিভাবে মুনিক সম্ভাষি যথাবিধি,
বাল্য-বন্ধু দ্ৰোণে কলে সাদুৰি সম্বোধি।
“হে প্ৰিয় সুহৃদ! শুনা দুখৰ বাতৰি,
স্বৰ্গগামী হল পিতা সংসাৰ পাহৰি।
আহিছে মন্ত্ৰীৰ দূত আজি আশ্ৰমত,
নিবলৈ মোক বন্ধো! পাঞ্চাল ৰাজ্যত।
কটালোঁ ইমান দিন দুয়ো প্ৰণয়ত,
আজি ধৰি আহিলোঁ বিচ্ছেদ সাগৰত।
কালৰ কুটিল গতি বুজা বৰ টান,
মিলন বিৰহ দুটা বিধিৰ বিধান।
যদ্যপি পিতাৰ ৰাজ্যে মোৰ অধিকাৰ,
সমানে অৰ্দ্ধেক তাৰ জানিবা তোমাৰ।
এতিয়া বিদায় সখি! ললোঁ তযু ঠাই,
ৰাখা যেন দ্ৰুপদক মনত সদায়।”
ইদৰে সম্ভাষা কৰি ৰাজাৰ নন্দন,
দূতসহ পাঞ্চালত কৰিলে গমন।
যথাবিধি পিতাৰ অন্ত্যেষ্টিক্ৰিয়া কৰি,
ললে ৰাজদণ্ড নিজে শুভ অনুসৰি।
বিবাহাদি ক্ৰিয়াকাণ্ড হল সময়ত,
শাসিব ধৰিলে ৰাজ্য ৰাজ-বিধানত।
ইপিনে মুনিৰ পুত্ৰ দ্ৰোণ মতিমান্,
বেদ-বিধি অধ্যয়ন কৰি সমাধান।
কৰিলে বিবাহ কৃপী কৃপ-সহোদৰা,
লভিলে তনয় এক খ্য়াত বসুন্ধৰা।
অশ্বত্থামা নাম তাৰ পৰম সুন্দৰ,
দিনে দিনে বাঢ়ে শিশু যেন শশধৰ!
ক্ৰমে আন শিশু সহ হৈ একত্ৰিত,
কৰে নানা বাল্যক্ৰীড়া অতি হৰষিত।
এই শিশুদল মাজে মাজে ক্ৰীড়া এৰি,
যায় গৃহে আহে পুনু দুগ্ধপান কৰি।
দ্ৰোণৰ কোৱঁৰো গৈ জননীৰ ঠাই,
মাগে “পিপাসিত মই, দুগ্ধ দিয়া আই!”
জননী কৌশল কৰি পিঠাগুৰি পানী,
সন্তান সম্মুখে দেবী পীব দিয়ে আনি।
বিগত অনেক দিন হয় এই দৰে,
ভাবে শিশু, প্ৰতিদিনে দুগ্ধপান কৰে।
দৈবে একদিনা সঙ্গী শিশুগণ সনে,
বাদ কৰি দ্ৰোণপুত্ৰ পৰীক্ষা কাৰণে;
দেখুৱালে অপ্ৰকৃত দুগ্ধ সি সবক,
হাঁহিলে সকলে দেখি; দ্বিজ-তনয়ক।
লাজে অভিমানে শিশু উভতি ঘৰত,
বিনালে মাতৃৰ কাষে সকলো তাৱত।
কৃপ-সহোদৰা দেবী মহা বুদ্ধিমতী,
কোলে তুলি তনয়ক সান্ত্বিলে সম্প্ৰতি।
বিষাদিত মনে টুকি নয়নৰ নীৰ,
বহি ৰল মৌনভাৱে প্ৰকৃতি গম্ভীৰ।
দিৱাকৰো যেন এই দুখে দুখী হৈ,
কৃষ্ণ বস্ত্ৰে ঢাকি মুখ অস্ত গল গৈ।
আহিল ইহেন কালে দ্ৰোণ মহাজ্ঞানী,
শুনিলে প্ৰিয়াৰ মুখে সকলো কাহিনী।
সান্ত্বিলে ভাৰ্য্যাক “প্ৰিয়ে! নকৰা বেজাৰ,
প্ৰভাতে কৰিম মই এৰ প্ৰতিকাৰ।
দ্ৰুপদ নামেতে আছে পাঞ্চাল ঈশ্বৰ,
শৈশৱৰ বন্ধু মোৰ প্ৰিয় হিতকৰ।
গলে তাৰ সমীপত আমাসাৰ দুখ,
গুছিব সকলো তেনে, উপজিব সুখ।”
অনন্তৰ দ্ৰোণ-দ্ৰোণী যাপিলে ৰজনী,
উঠিল পূৰৱাচলে দ্বেৱ দিনমণি!
যথাবিধি প্ৰাতঃকৃত্য কৰি সমাপন,
কৰিলে প্ৰস্থান দ্বিজ পাঞ্চাল ভুৱন।
উপস্থিত হল গৈ দ্ৰুপদ-সভাত,
কৰিলে সাক্ষাতে দেখা, ৰজাৰ লগত।
ৰাজসিংহাসনে বহি দ্ৰুপদ-ৰাজন,
চৌদিকে বেষ্টিত থাকি পাত্ৰ মন্ত্ৰীগণ।
কৰিছে আলচ ৰাজনৈতিক বিষয়,
সম্ভাষিছে চাটুকাৰে মিথ্যা যশ গায়।
এনে সময়তে ‘প্ৰিয়সখা' সম্বোধনে,
সম্বোধিলে দ্বিজ-দ্ৰোণ দ্ৰুপদ ৰাজনে।
দৰিদ্ৰ ব্ৰাহ্মণ মুখে শুনি ই বচন,
জ্বলন্ত অগনিৰূপে প্ৰশস্ত-নন্দন;
কবলৈ ধৰিলে দ্ৰোণে ক্ৰোধিত বদন,
“ৰে বৰ্ব্বৰ! দুৰাচাৰ, পাষণ্ড, দুৰ্জ্জন!!
‘প্ৰিয় সখ’ বুলি মোক কি সাহেৰে তই,
সম্বোধিছ সভাম জে হীন দুৰাশয়!!
স্বৰগ-নৰকে হয় প্ৰভেদ যিমান,
তোৰে মোৰে বিভিন্নতা দেখোঁতে তিমান
বাটৰ ভিকহু তই সামান্য ব্ৰাহ্মণ,
ত্ৰিভুৱন পূজ্য মই জানে সৰ্ব্বজন!
বৰ ভাগ্যে উপজিলি, ব্ৰাহ্মণ কুলত,
সি হেতু ৰক্ষিলি প্ৰাণ মোৰ সমীপত।
আন দণ্ডে যদি তোৰ ভয় থাকে মনে,
গুছি যা আঁতৰি দ্বিজ আপন ভৱনে।”
শুনি দ্ৰোণ, সখা-মুখে এতেক বচন,
বিনয়ে পুনৰ কলে “পাঞ্চাল নন্দন!
ভৰদ্বাজ পুত্ৰ মই, নাম মোৰ দ্ৰোণ,
যাৰে সৈতে শিকিছিলা বেদ ধনুৰ্গুণ!
প্ৰিয় সখা বুলি যাক আশ্ৰম ভিতৰ,
সম্বোধন কৰিছিলা তুমি নৰবৰ!
ভাবি চোৱা এটিবাৰ পৰেনে মনত,
ধৰি যাৰ দুই হাত বিদায় কালত;
বুলিছিল “সখে! যেন বিপদে সম্পদে,
নোহোৱা বিস্মৃত কদা, তোমাৰ দ্ৰুপদে।
যাওঁ এবে পাঞ্চালত নহবা বেজাৰ,
অৰ্দ্ধেক পিতাৰ ৰাজ্য জানিবা তোমাৰ।
ইত্যাদি যতেক কথা, প্ৰীতি-সম্ভাষণ,
সকলো কি দুদিনতে হলা বিস্মৰণ?”
শুনি ৰাজা দ্ৰোণাচাৰ্য্যে উন্মাদ ঠাৱৰি,
আদেশি কোটালে দিলে সভাবাজ কৰি।
দুখে অপমানে দ্ৰোণ বিষাদ বদনে,
অৱস্থা প্ৰভেদ ভাবি গল নিজ স্থানে।
সুখ-দুখ।
(১)
অনাদি অনন্তৰূপ, বিশ্বনিয়ন্তাৰ,
মহান্ বিধিৰ বিধানত,
চলিছে সৃষ্টিৰ কাৰ্য্য, কেনে সুকৌশলে
পূৰ্ব্বাপৰ একেই ভাবত।
( ২ )
দেখিছোঁ প্ৰকৃতিৰূপ, বিশ্বৰ কোলাত,
কালে কালে নানাৰূপ সাজে,
উৰণ, বুৰণ, আৰু গজন, ভ্ৰমণ,
বন্ধা সদা নিৰূপিত কাজে৷
(৩)
উঠিছে ৰাঙলী বেলি, পূবৰ দিশত,
নিশাৰ আন্ধাৰ আঁতৰাই,
দিনচৰ জগজীৱ', দেখি ই জেউতি,
কৰ্ত্তব্যত দিহাদিহি যায়।
(8)
ফুলনিত ফুল-কলি, প্ৰফুল্লিত হৈ
ভ্ৰমৰা বন্ধুক আনি মাতি,
পীৱাৱে যতেক মধু, সম্ভাষণ কৰি,
নানাভাৱে প্ৰেমালাপ পাতি।
( ৫ )
দেখি ই সম্প্ৰীতি ভাব, বনচৰ পক্ষী,
উলাহেৰে নানা সুৰ ধৰি,
গায় আনন্দৰ গীত, আপোন পাহৰি,
বনভূমি প্ৰতিধ্বনি কৰি।
( ৬ )
যত নিশাচৰ জীৱ, দেখি এই দৃশ্য,
উগুল থুগুল অন্তৰেৰে,
খৰ লৰ কৰি সৱে, প্ৰাণৰ ভয়ত,
পশে গৈ গুপুত গহ্বৰে।
(৭)
কিন্তু নিয়তিৰ গতি, কেনে আচৰিত।
মুহূৰ্ত্তেকে দেখোঁ আৰু ভিন্,
দিৱাকৰ অস্তগিৰি, আশ্ৰয় লভিলে,
নাথাকে ই আনন্দৰ চিন্।
( ৮ )
আৱৰে প্ৰকৃতি-ৰূপ, বিষাদ আন্ধাৰে,
বিস্তাৰি প্ৰাধান্য আপোনাৰ,
দেখি ই দুৰ্দ্দশা যত- ক্ষণ হৰ্ষ ভোগী
দিনচৰ কৰে হাহাকাৰ!
( ৯)
বন, উপৱন, কুঞ্জ, পৰ্ব্বত কন্দৰ,
হাট-ঘাট আৰু লোকালয়,
ক্ষন্তেক পৰেতে সবে, শোক-গীত গাই,
অৰ্দ্ধ বিশ্ব কৰে স্তব্ধময়!
( ১০ )
মাজে মাজে সুনো এই, গভীৰতা ভেদি,
নিশাচৰ যেন দিনচৰে,
চীঁয়ৰি বিদ্ৰুপ ভাবে, সুধিছে সঘনে,
“কেনে সুখ দিলে দিৱাকৰে?”
( ১১ )
লগে লগে প্ৰতিধ্বনি, উত্তৰিছে তাৰ,
অৱশ্যে তোমাৰ কথা সত্য!
কিন্তু, ই তোমাৰো সুখ, হেৰা নিশাচৰ!
“মুহূৰ্ত্ততে দেখি অনিত্য।”
( ১২ )
“নাৰাখে ডাৱৰে সদা, আৱৰি গগন,
লগে লগে সূৰুযৰ ছাতি,
জোনাক-পোহৰ দুটা, এটা পিছে আন,
দেখিছোঁ সদায়ে পৰিপাটি।”
( ১৩ )
জহ গলে বাৰিষাৰ, মেঘৰ গাজনি,
ঢালে পানী মূষল ধাৰায়,
পিছ ক্ষণে শৰতৰ, হেঙ্গুলিয়া বেলি,
সুশোভিত কৰে সৰ্ব্ব ঠাই।
( ১৪ )
দুৰন্ত হেমন্তে দেখি, প্ৰকৃতি জেউতি,
লগে লগে হিম-বাৰি লৈ,
বিনাশি ই ৰূপ-ৰাশি, সৰলা দেবীৰ,
বেগেতে জাৰক মাতে গৈ।
( ১৫ )
কঁপাই উত্তৰ দিশ, শীতল বতাহ,
নিজৰ প্ৰভুত্ব কাল পাই,
জগ-জীৱে কৰে ব্যস্ত, আপোন প্ৰভাৱে
অঙ্গ প্ৰতি অঙ্গ কঁপুৱাই।
( ১৬ )
কিন্তু বিধাতাৰ চোৱা, কি অসীম দয়া!
দেখি এই গতি জগতৰ,
পাচে কুলি, ময়লাক, পঠায় বিশ্বক,
কৰি বসন্তৰ সহচৰ।
(১৭ )
ধ্বনিল কানন, কুঞ্জ, পৰ্ব্বত-কন্দৰ, •
‘কুউ’ ‘কুউ’ পঞ্চম সুৰত,
ৰিব্, ৰিব কৈ বলি, সুগন্ধ বতাহ,
দিলে শান্তি জীৱ পৰাণত।
( ১৮ )
জগ-জীৱ মোহ গল, পালে নৱ প্ৰাণ,
পাহৰি হিয়াৰ তাপ-দুখ,
তৰু, লতা, নৱ পাতে, উপচি পৰিল,
প্ৰকৃতি দেখিলে সুখ-মুখ।
( ১৯ )
উঠিল আনন্দ-ধ্বনি, বিশ্ব খলকাই,
পাই নৱ বসন্ত আশ্বাস,
গালে জীৱ বিভু-গান, কৃতজ্ঞ অন্তৰে
সাঁচি হৃদয়ত নৱ আশ।
( ২০ )
বিৰহ-মিলন দুটা, নিয়তিৰ ক্ৰম,
দুয়োটাৰে এৰা এৰি নাই,
নহলে এটাতে এনে, মধুৰতা ভাৱ,
কদাচিতে বিচাৰি নাপায়।
( ২১ )
মিষ্টভোগী মিষ্টতাৰ, নাজানে সোৱাদ,
যদি তাৰ তিক্ত বোধ নাই,
অভাৱ নহলে লোকে, নুবুজে কাচিতো,
কিহেৰে কি উপকাৰ পায়।
( ২২ )
ই কাৰণে ভাল বেয়া, দুখ সুখ দুটা,
বিধাতাৰ বিধিৰ বিধান,
ঘূৰিছে অনন্ত কাল, সৃষ্টিৰ পটত,
চক্ৰবৎ এটা পিছে আন।
তাজমহল।
[দিল্লীশ্বৰ আক্বৰ পৌত্ৰ চাজাহানৰ প্ৰিয়তমা মহিষীৰ নাম মমতাজমহল আছিল। চাজাহান জীৱিতাৱস্থাতে মহিষী স্বৰ্গী হলত, তেওঁ স্বীয় অকৃত্ৰিম প্ৰণয়ৰ চিন্স্বৰূপ ৰাজ্ঞীৰ কবৰৰ ঠাইত এটি অতি অপূৰ্ব্ব মন্দিৰ সজাই ৰাণীৰ নামানুসাৰে ইয়াৰ নাম তাজমহল দিয়ে। সৌধটি সজাবৰ কাৰণে আৰব, বাগ্দাদ, বচোৰা, মিচৰ, কমায়ুন আদি দেশৰ পৰা বহুমূল্য ৰত্নৰাজি গোটোৱা হৈছিল। বুৰঞ্জীত কয়, এই তাজমহল সজোৱাত ৪,১৪,১৮,৮২৬ চাৰি কোটি চৈধ্য লক্ষ ওঠৰ হাজাৰ আঠশ একুৰি ছয় টাকা ৰূপ খৰচ হৈছিল। প্ৰতিদিনে একুৰি দুই হাজাৰ কৰ্ম্মী এই মন্দিৰ সজোৱা কাম কৰিছিল৷ কুৰি বছৰে মন্দিৰ সজোৱা হয়। পৃথিবীত ইয়াৰ সমতুল্য উৎকৃষ্ট সৌধ আৰু নাই।]
অতীত গৌৰৱ কীৰ্ত্তি মোগল বাদ্ছাৰ,
ঘুষি দিগ্দিগান্তৰে, এই বসুধাৰ;
অপূৰ্ব্ব মন্দিৰ ‘তাজ’ দিব্য মনোময়,
দিছে কি পুৰণি-কাৰু-কাৰ্য্য-পৰিচয়!
উত্তৰ পশ্চিম ভাগে আগ্ৰা নগৰীত,
শোভি অপৰূপ ৰূপে, যমুনা দাঁতিত;
দিল্লীশ্ব দাম্পত্য-প্ৰেম-শোক-লেখালৈ,
আজিও অচল ভাবে আছে থিয় হৈ।
ভাৰত বুৰঞ্জী চোৱা মোগল-শাসন,
দেখিবা আক্বৰ-পৌত্ৰ খ্যাত চাজাহান;
প্ৰিয়া ৰাজ্ঞী ‘মমতাজমহলে’ হেৰুৱাই,
সজালে ই সৌধগৃহ সমাধিৰ ঠাই।
কৰিলে অলেখ ধন ই কাজত ব্যয়,
লগালে নিপুণ শিল্পী যাতে ভাল হয়।
মণি, মুক্তা, ৰত্নৰাজি, গঁথালে বিস্তৰ,
বিচাৰি বিদেশ-দেশ, পৰ্ব্বত কন্দৰ।
থলে নাম প্ৰিয়া ৰাজ্ঞী নাম অনুসাৰে,
পবিত্ৰ প্ৰণয়-স্মৃতি, চিৰস্মৃতি তৰে।
“তাজমহল”-শ্ৰেষ্ঠ সৌধ জানে জগজন,
“সপ্তকীৰ্ত্তি”-মাজে যাৰ আজিও গণন।
⸺:•:⸺
সৃষ্টি পাতনিকে ধৰি, কাৰ আজ্ঞা শিৰে কৰি,
বিয়াপন কৰি ভূমণ্ডল,
আজিও উৰ্দ্ধত থাকি, হে দেৱ! আকাশ তুমি,
হাঁহি আছা চাই পৃথ্বী-তল!
কোন্ সিটি কাৰিকৰ, যিটে তোৰ গা’ৰ গঢ়,
এনেকুৱা ধুনীয়া কৰিলে?
কোন্ চিত্ৰ-লেখা হাতে, নানা ৰং-বৰণেৰে,
তোক বহুৰূপী সাজি দিলে?
কাৰ বা চেনেহ গুণে, ই মহা বিশাল দেহে,
বিচিত্ৰ ইন্দ্ৰৰ ধনু ধৰি,
দেখুৱাই জগজীৱে, কৰা হৰষিত সবে,
বাৰিদে বা কত ফুৰে ঘূৰি?
চন্দ্ৰ, সূৰ্য্য তৰাৰাজি, কাৰে বা বুকুত থাকি
দিন ৰাতি কৰে সমাপন,
কাৰে বা বুকুত আমি, শুনো বজ্ৰপাত ধ্বনি,
তুমিয়েটো-অনন্ত গগন!
দাঁতে তৃণ তুলি ধৰি, তোমাৰ চৰণে পৰি,
হাত যুৰি হে দেৱ আকাশ!
খাটিছোঁ তোমাক মই, কোৱা মোক কৃপা কৈ,
কাৰ শক্তি কৰিছা প্ৰকাশ?
ধন্য সেই মহাজন, ধন্য তাৰ বুদ্ধিবল,
ধন্য তাৰ চিত্ৰত কৌশল!
আমি মূঢ় মায়া হেতু, নিন্দি তাৰ সৃষ্ট বস্তু,
হেৰুৱাইছোঁ মুকুতি সম্বল।
⸻
স্তোত্ৰ।
বিশ্বাৰাধ্য, বিশ্বেশ্বৰ, বিশ্বৰ নিদান,
তুমিয়ে সবাৰো হোৱা সাৰ!
তুমি সৃষ্টি, তুমি স্থিতি, তোমাতেই লয়,
বিশ্ব-বশ ইচ্ছায় তোমাৰ।
দেৱৰো দেৱতা তুমি, ভৱ সাৰ-ধন,
তুমি নাথ! দয়াৰ সাগৰ;
সৰ্ব্ব জীৱে সমভাবে, কৰিছা পালন,
মনত নাভাবি আত্নপৰ।
সনাথক যেনেকৈ, ৰাখিছা যতনে,
অনাথকো ৰাখা সেইৰূপ;
তোমাৰ চেনেহ ধনে, নোহে কোনো দুখী,
পশু, পক্ষী, দুখী, সুখী, ভূপ।
তোমাৰ সৃষ্টিৰ প্ৰভো! ৰচনা কৌশল,
কি আশ্চৰ্য্য, মন বিমোহন!
যেতিয়া যিপিনে চাওঁ, সিপিনেই দেখোঁ,
সুন্দৰতাময় সৰ্ব্বস্থান।
তোমাৰ কৃপায় গ্ৰহ- উপগ্ৰহ যত,
ইটে সিটে কৰি আকৰ্ষণ,
শূন্য মাজে শূন্য স্থানে, ঘূৰিছে সদায়ে,
জীৱ হিত সাধন কাৰণ।
তোমাৰে দয়ায়ে দেৱ! বাৰিদ নিয়মে,
চলে বাৰি যথাসময়ত;
তোমাৰে কৃপায় নাথ! জগত সজীৱ,
বায়ু লাভ কৰি উশাহত।
তোমাৰে কৃপায় বিভো! দেৱ দিৱাকৰ,
দিন ৰাতি কৰে সমাধান,
তোমাৰে কৃপায় সদা, দেৱ সুধাকৰ,
কৰে শান্তি পৰাণী পৰাণ।
তোমাৰে কৃপায় যত, তৰু-লতা তৃণ,
ফুল, ফল, কৰি বিতৰণ।
বিশ্ব-ব্ৰহ্মাণ্ডৰ জীৱে, ৰাখিছে জীয়াই,
মৰমত জননী উপম।
তুমি চৰাচৰ গতি, অচ্যুত, অব্যয়,
পৰমাণুৰূপে ব্যাপকত;
তুমি আদি ভগবান, ব্ৰহ্মসনাতন,
বিশ্ব তযু লোমৰ কূপত।
অচিন্ত্য মহিমা তযু, অচিন্ত্য শকতি,
সাধ্য কাৰ দিব পাৰে সীমা?
নিৰাকাৰ সাকাৰ, ই দুয়োৰূপে তুমি,
অজ্ঞ আমি তোমাৰ মহিমা।
নাজানো ভকতি, স্তুতি, নীচ দুৰাচাৰ,
হীন বুদ্ধি অধম পামৰ,
অনুদাস হৈ যেন, থাকোঁ চৰণত,
ইয়াকেহে খাটোঁ নিৰন্তৰ।
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )