পৃষ্ঠা:পদ্যাৱলী.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

শাক্যসিংহ।
⸺:•:⸺

 [অযোধ্যাৰ উত্তৰ, নেপাল ৰাজ্যৰ ওচৰত কপিলাবাস্তু নামে কোনো এক ৰাজ্যত খ্ৰীষ্ট জন্ম হোৱাৰ প্ৰায় ৫৫০ বছৰ আদিতে বসন্ত শুক্লাৰ পূৰ্ণিমা তিথিত ইক্ষাকুবংশত শাক্যসিংহৰ জন্ম হয়। জনকৰ নাম শুদ্ধোধন আৰু জননীৰ নাম মায়াদেৱী আছিল। শুদ্ধোধন কপিলাবাস্তুৰ ৰজা আছিল। শাক্য জন্মিবৰ সাত দিন পিছতে মায়েক মায়াদেবী স্বৰ্গী হয়, মাহীয়েকে কোৱঁৰক তুলি-তালি ডাঙৰ দীঘল কৰে। শাক্যকুলত জন্ম এই কাৰণে এওঁৰ নাম শাক্যসিংহ। গৌতম অইন এটি ভিন্ন নাম। দণ্ডপাণি-শাক্য-দুহিতা কুমাৰী গোপাৰ লগত কোৱঁৰৰ বিয়া হয়। মনুষ্য জীৱনত জৰা-ব্যাধি অৰু মৃত্যু এই তিন অৱস্থাৰ ঘাত-প্ৰতিঘাত দেখি শাক্যসিংহৰ মন তেনেয়ে উদাস হয়। আৰু অৱশেষত ঊনৈশ বছৰ বয়সত এদিনা মাজনিশা তেওঁ পিতৃৰাজৰ ৰাজসিংহাসন, জন্মদাতা পিতৃ-মাতৃ, প্ৰিয়তমা পত্নী, প্ৰাণতো অধিক শিশুপুত্ৰ ৰাহুলক গভীৰ নিদ্ৰাত এৰি থৈ বনোদ্দেশে যাত্ৰা কৰে আৰু শিষ্য স্বৰূপে পাটনা নগৰৰ উত্তৰত থকা বৈশালী নগৰত কোনো এক ব্ৰাক্ষণৰ ওচত শাস্ত্ৰ অধ্যয়ন কৰে৷ কিন্তু অনুকূল শিক্ষা নাপাই শেহত গৈ ‘বুধি’ নামেৰে এজোপা গছৰ গুৰিত ধ্যান- নিমগ্ন হয়। ইয়াত বৌদ্ধ জ্ঞান লাভ কৰে। এই বাবে এওঁ বুদ্ধ নামে পূজ্য— প্ৰচাৰিত ধৰ্ম্মৰ আৰু বৌদ্ধধৰ্ম। গৌতম বা সিদ্ধাৰ্থ ভিন্ন ভিন্ন নাম। আশী বছৰ বয়সত কুশী নগৰলৈ যোৱা বাটৰ এজোপা শাল গছৰ তলত বুদ্ধে মহানিৰ্ব্বাণ লাভ কৰে।

 বৌদ্ধমত—বুদ্ধমতে যাগ যজ্ঞ, ক্ৰিয়া-কাণ্ড, সকলো মিছা। কাম, ক্ৰোধ আদি ৰিপুবিলাকেই সংসাৰী জীৱৰ দুখৰ হেতু। জ্ঞান আৰু সমাধি বলত ইহঁতক জয় কৰিব পাৰিলেই নিৰ্ব্বাণ পদ প্ৰাপ্ত হয়। জতিনিৰ্ব্বিশেষে সকলো জীৱৰ প্ৰতি দয়া, সত্যনিষ্ঠা, জিতেন্দ্ৰিয়তা আৰু অহিংসায়ে এই ধৰ্ম্মৰ মূল।]

কি কাৰণে ৰাজপুত্ৰ! এনে দীন বেশে,
এৰি ৰত্ন সিংহাসন, কপিলাবাস্তুৰ;
আছা বহি তুমি দেৱ, মুদি দুয়ো চকু
গছৰ তলত, ধ্যান-মগ্ন যোগীৰূপে