পৃষ্ঠা:পদ্যাৱলী.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭
পদ্যাৱলী।

( ৫ )


দেখি ই সম্প্ৰীতি ভাব,  বনচৰ পক্ষী,
  উলাহেৰে নানা সুৰ ধৰি,
গায় আনন্দৰ গীত,  আপোন পাহৰি,
  বনভূমি প্ৰতিধ্বনি কৰি।

( ৬ )


যত নিশাচৰ জীৱ,  দেখি এই দৃশ্য,
  উগুল থুগুল অন্তৰেৰে,
খৰ লৰ কৰি সৱে,  প্ৰাণৰ ভয়ত,
  পশে গৈ গুপুত গহ্বৰে।

(৭)


কিন্তু নিয়তিৰ গতি,   কেনে আচৰিত।
  মুহূৰ্ত্তেকে দেখোঁ আৰু ভিন্‌,
দিৱাকৰ অস্তগিৰি,  আশ্ৰয় লভিলে,
  নাথাকে ই আনন্দৰ চিন্‌।

( ৮ )


আৱৰে প্ৰকৃতি-ৰূপ,  বিষাদ আন্ধাৰে,
  বিস্তাৰি প্ৰাধান্য আপোনাৰ,
দেখি ই দুৰ্দ্দশা যত-  ক্ষণ হৰ্ষ ভোগী
  দিনচৰ কৰে হাহাকাৰ!