পৃষ্ঠা:পদ্যাৱলী.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আবেলি।

নাই ঢোকা তেজ আৰু ৰাঙলী বেলিৰ,
জুৰণি লভিছে ধৰা প্রকৃতিও ধীৰ।
ঘূৰে ফুৰে জীৱ জন্তু, আহাৰ বিচাৰি,
উঠিছে সংসাৰ-ধ্বনি আকাশ বিদাৰি।
বন-পাখী গায় গান সুললিত সুৰে,
মৌ-লােভে, মৌমাখি ফুলনিত উৰে।
কৃষক ক্ষেত্ৰত গৈ সাধে কৃষি-কাম,
গােৰখীয়া গায় নানা ধেমেলীয়া নাম।
গৃহী, গৃহ-কাম কৰে উল্লাসিত হৈ,
কৰমী জগত ব্যস্ত আবেলিক লৈ।
কোনােৱে বা তুলি ফুল ফুলনিত গৈ,
গাঁথে মালা, বান্ধে চাকি হাবিয়াষ কৈ।
কোনােৱে বা সুহৃদৰ সঙ্গে পিন্ধি উৰি,
বিশুদ্ধ বতাহ সেবি ফুৰে ঠাই ঘূৰি।
কোনােৱে বা ফুলনিৰ ফুলৰ থুপীত,
ভ্ৰমৰ গুঞ্জন শুনে আতি সুললিত।
কোনােৱে বা উঠি গৈ পৰ্ব্বত টিঙত,
ভৈয়াম সৌন্দর্য দেখে প্রকৃতি বুকত।
বিষয় জঞ্জাল এৰি ভাবুক সুজন,
অকলে অকলে ফুৰি বন-উপবন;