পৃষ্ঠা:পদ্যাৱলী.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
পদ্যাৱলী।

কিন্তু হে পালক! এই কৰিছে মিনতি,
নোবোলা কৃতঘ্ন যদি মইনা পখিটি।
এটি ভিক্ষা মাগোঁ আজি তযু চৰণত,
এৰি দিয়া বন-পখী আকউ বনত।
চিৰকাললৈ মোৰ থাকিব স্মৰণ,
প্ৰাৰ্থীত-প্ৰাৰ্থনা তুমি কৰিলে পূৰণ।
মোকলাই দিয়া মোক উৰি যাওঁ মই,
এনে বিধ সুখত কাচিতো মন নাই।
বন-পখী লগে গাই সুললিত গান,
ফুৰিম উলাহ মনে বন-উপবন।
বন-ফল-মূল খাই উদৰ পূৰাম,
জুৰি পানী খাই সুখে গাৱ শীতলাম।
ব্যাধি কিম্বা অইন কালৈকো নাই ভয়,
জনম মৰণ খণ্ডাবৰ হাত নাই।
শাক-ভাত খালেও স্বাধীন সদা সুখী,
দধি দুগ্ধভোজী পৰাধীনো মহা দুখী।
নিদিবা মিছাতে দুখ, দিয়া মোক এৰি,
বনৰ চৰাই বনলৈ যাওঁ উৰি।”