জৰাগ্ৰস্ত হবলৈ মহাৰাজ যযাতিক শাপ দিয়ে। শাপগ্ৰস্ত ভূপতি সানুনয়
বিনয়ে ভাৰ্গৱ সমীপত নীতিবৰ্ম্ম ব্যাখ্যাৰে নিজ নিৰ্দ্দোষীতাৰ প্ৰমাণ কৰিলে আচাৰ্য্যে শান্ত হৈ উপায় দিয়ে যে যেয়ে জবা লব ইচ্ছা কৰিব, ৰাজায়ে তাকে দিব পাৰিব, আৰু এই জবা গৃহীত জনেই দীৰ্ঘায়ু লাভকৈ ৰাজ্যৰ উপযুক্ত ৰজাৰূপে নীতিধৰ্ম্ম ৰাখি প্ৰজা পালি অন্তত স্বৰ্ণ পদৰো অধিকাৰী হব। অনন্তৰ জৰাগ্ৰন্থ যযাতি প্ৰথম নন্দনক কাষলৈ মাতি অনি নিজ অবস্থা বৰ্ণনাক্ৰমে স্বীয়
মনোগত ভাব এই দবে বক্ত কৰে: –
(১)
বিৰস বুদন, নহুষ নন্দন,
মুখেৰে কথা নোলায়,
কৃশ ক্ষীণকায়, জৰাৰ পীড়ায়,
পূৰ্ব্ব শক্তি আৰু নাই।
গত, বৰ্ত্তমান, ভাবি মহাপ্ৰাণ,
বহি নিজ শয্যা-পাশে,
সাদৰি যতনে, প্ৰথম নন্দনে,
সম্বোধে বিনয় ভাষে;-
“তুমি জ্যেষ্ঠ সুত, সৰ্ব্বগুণ যুত,
শাস্ত্ৰাদিত আছে বোধ,
পিতৃৰ বচন, নকৰা লঙ্ঘন,
এই মোৰ উপৰোধ!
শুক্ৰৰ শাপত, অকাল জৰাত,
বল-বীৰ্য্য হল ক্ষয়,
কিন্তু স্বৰূপত, যৌৱন-সুখত,
আজিও বঞ্চিত মই।