পৃষ্ঠা:পদ্যাৱলী.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

যুধিষ্ঠিৰৰ প্ৰতি ধৰ্ম্মৰ ছল।

 [ জগদ্বিখ্যাত পাত্ৰে চন্দ্ৰবংশত ধৃতৰাষ্ট্ৰ আৰু পাণ্ডু এই দুই ৰাজকোঁৱৰৰ জন্ম হয়। ধৃতৰাষ্ট্ৰ জেষ্ঠ আছিল কিন্তু জন্মান্ধ হেতু ৰাজ্য চলাইছিল।

 পাণ্ডুৰাজ বিশেষ মৃগয়াপ্ৰিয় হেতু তেওঁ প্ৰায় বনে বনে ভ্ৰমণ কৰি ফুৰিছিল, আৰু এই বন ভ্ৰমণতে তেওঁৰ মৃত্যু ঘটে।

 ধৃতৰাষ্ট্ৰ মহিষীৰ নাম আছিল গান্ধাৰী। এওঁৰ গৰ্ভত দুৰ্য্যোধন, দুঃশাসন আদি শত পুত্ৰ আৰু দুঃশীলা ন ম্লী এজনী কুৱঁৰীৰ জন্ম হয়। সিন্ধু অধিপতি জয়দ্ৰথৰ লগত দুঃশীলাৰ বিবাহ হয়।

 পাণ্ডুবাজব মহিষী দুজনী-কুন্তী আৰু মাদ্ৰী। যুধিষ্ঠিৰ, ভীম আৰু অৰ্জ্জুন এই তিনজন ৰাজকোৱঁৰ জন্মে কুন্তীৰ গৰ্ভত আৰু মাদ্ৰীৰ গৰ্ভত জন্মে নকুল আৰু সহদেব।

 ধৃতৰাষ্ট্ৰৰ শত পুত্ৰৰ নাম কৌৰৱ অৰু পাণ্ডুৰ পঞ্চ পুত্ৰৰ নাম পাণ্ডৱ।

 কৌৰৱ অৰু পাণ্ডৱৰ ভিতৰত সৌহাৰ্দ্দ ভাব নথকাত হস্তীনা ৰাজ্য দুভাগত বিভক্ত হয়। পাণ্ডৱ ৰাজ্যৰ ৰাজধানী হয় ইন্দ্ৰপ্ৰস্থত আৰু কৌৰৱৰ ৰাজধানী হস্তীনাতে থাকে।

 পাণ্ডৱ শ্ৰেষ্ঠ মহাৰাজ যুধিষ্ঠিৰে এই ইন্দ্ৰপ্ৰস্থ মহানগৰীতে ৰাজসূয় মহাযজ্ঞৰ অনুষ্ঠান কৰে। ভীম, অৰ্জ্জুন, নকুল আৰু সহদেৱ এই চাৰি ভ্ৰাতায়ে পৃথিবীৰ চতুৰ্দ্দিকন্থ ৰাজন্যবৰ্গক জয় কৰি বিজিত ৰজাসমূহক ৰাজকৰে সৈতে মহাৰাজ যুধিষ্ঠিৰ সমীপত উপস্থিত কৰে। যথাসময়ত যজ্ঞ কাৰ্য্য সমাধা হয়, কিন্তু এই যজ্ঞৰ পৰায়ে খলমতি দুৰ্যোধনৰ চিত্তবিকাৰ ঘটে। উৎসাহদাতা হয় পাপমতি শকুনি আৰু দুঃশাসন। পুত্ৰবাৎসল্যতা হেতু অন্ধৰাজ ধৃতৰাষ্ট্ৰ দুৰ্যোধন অনুষ্ঠিত পাপকাৰ্যৰ পৃষ্ঠপোষক হয়। পাশা খেলাৰ্থে পাণ্ডৱক হস্তীনালৈ আহবান কৰে। এই খেলা দুবাৰ হয়। দুবাৰতে শকুনি কৌশলত পাণ্ডব হাৰে। দ্বিতীয়বাৰত পণ আছিল যেয়ে হাবিৰ সেয়ে ৰাজা এৰি তেৰ বৰ্ষলৈ বনবাস খাটিব আৰু ইয়াৰ ভিতৰত শেষৰ বছৰটি অজ্ঞাত থাকিব। পণানুযায়ী পঞ্চ পাণ্ডৱ বনযাত্ৰা কৰে। এই বনবাস কালত এদিনা পাণ্ডৱ তৃষ্ণাতুৰ হৈ জলান্বেষী হয়। এওঁ বিলাকৰ ধৰ্ম্মভাৱ পৰীক্ষাৰ্থে স্বয়ং ধৰ্ম্মৰাজ সেই বনত এটি দিব্য স্ফটিকজল পৰিপূৰ্ণ মায়া সৰোবৰ নিৰ্ম্মাণ কৰি নিজে