পৃষ্ঠা:পদ্যাৱলী.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৮ )

শুভদিনে, শুভক্ষণে,  শুভ-লগ্ন নিৰূপণে,
 হল পুৰু-ৰাজ্য-সম্প্ৰদান,
দেখি যত প্ৰজাচয়, ৰজাক সম্বোধি কয়,
 “মহাৰাজ! কৰা অৱধান।

( ১৯ )

ৰাজনীতি-শাস্ত্ৰ-বিধি,  জানিও হে গুণনিধি!
 কিবা হেতু এনে অবিচাৰ?
জ্যেষ্ঠ সুত বিদ্যমানে,  পুৰু আজি কি বিধানে,
 হব প্ৰভো! ৰাজ্যৰ ঈশ্বৰ?

( ২০ )

প্ৰজাগণ বাক্য শুনি যযাতি ৰাজন্,
সাদৰি সম্ভাষা কৰি বুলিলে বচন;-
“পিতৃ-মাতৃ বাক্য যিটো তনয়ে নলয়,
তেনে দুৰ্জ্জনক পুত্ৰ কোন শাস্ত্ৰে কয়?
পুৰুক জানিলোঁ মোৰ আপোন নন্দন,
আৰু যত পুত্ৰ দেখোঁ সবে অকাৰণ।
পৰম পণ্ডিত পুৰু জানে ধৰ্ম্মাধৰ্ম্ম,
ৰাখি মোৰ বাক্য সমাধিলে পুত্ৰ কৰ্ম্ম।
এতেকতে পুৰু ৰাজপাট-অধিকাৰী,
কি হেতু নহব ধৰ্ম্ম তাৰ সহকাৰী?”