পৃষ্ঠা:পদ্যাৱলী.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১
পদ্যাৱলী ৷

ৰাজপুত্ৰে মূনি পুত্ৰে ভিন্ ভাৱ নাই,
ইমতে সমাপে দুয়ো বেদ-বিদ্যাচয়।
ইতিমধ্যে খ্যাতনামা প্ৰশস্ত ৰাজন,
আয়ুষ্কাল পূৰ্ণ হৈ ত্যজিলে জীৱন।
দূত আহি যথাকালে ভৰদ্বাজ ইাঠ,
জনালে বাতৰি “ৰাজা জগতত নাই।
দিব্যৰথে চৰি গল স্বৰগ ভৱন,
আহিলোঁ কোৱঁৰে নিব দেৱ তপোধন!”
শুনি মুনি দ্ৰুপদত ভাঙ্গিলে তাৱত,
দ্ৰুপদ বিদায় ললে গুৰু সকাশত।
ভক্তিভাবে মুনিক সম্ভাষি যথাবিধি,
বাল্য-বন্ধু দ্ৰোণে কলে সাদুৰি সম্বোধি।
“হে প্ৰিয় সুহৃদ! শুনা দুখৰ বাতৰি,
স্বৰ্গগামী হল পিতা সংসাৰ পাহৰি।
আহিছে মন্ত্ৰীৰ দূত আজি আশ্ৰমত,
নিবলৈ মোক বন্ধো! পাঞ্চাল ৰাজ্যত।
কটালোঁ ইমান দিন দুয়ো প্ৰণয়ত,
আজি ধৰি আহিলোঁ বিচ্ছেদ সাগৰত।
কালৰ কুটিল গতি বুজা বৰ টান,
মিলন বিৰহ দুটা বিধিৰ বিধান।
যদ্যপি পিতাৰ ৰাজ্যে মোৰ অধিকাৰ,
সমানে অৰ্দ্ধেক তাৰ জানিবা তোমাৰ।