পৃষ্ঠা:পদ্যাৱলী.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভৰতৰ ৰাম বন-গমন সংবাদ।

 [ অযোধ্যা ৰাজ্য ভাৰতৰ উত্তৰাংশত] ত্ৰেতাযুগত মহাৰাজ দশৰথ এই ৰাজ্যৰ এজন মহা পৰাক্ৰমী বিখ্যাত সাৰ্ব্বভৌম নৰপতি আছিল। সূৰ্য্যবংশত ইক্ষ্বাকু কুলত দশৰথৰ জন্ম হয়। এওঁৰ মুখ্য ৰাণীৰ নাম কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰা। কৌশল্যা গৰ্ভত শ্ৰীৰামচন্দ্ৰ, কৈকেয়ী গৰ্ভত ভৰত, আৰু সুমিত্ৰা গৰ্ভত লক্ষ্মণ আৰু শত্ৰুঘ্নৰ জন্ম হয়। ৰাজ-বিধানত চাৰিওজন কোঁৱৰৰে শিক্ষা-দীক্ষা সমাপন হলে, শ্ৰীৰামচন্দ্ৰক যৌবৰাজ্যত অভিষেক কৰাৰ অনুষ্ঠান হয়। দৈব দুৰ্ব্বিপাকত কৈকেয়ী-দাসী কুঁজীৰ কু-চক্ৰান্তত ঘটনা সোঁত বিপৰীত ফালে ঢাল খায়।

 বহুদিন আগেয়ে মহাৰাজ দশৰথ প্ৰিয় মহিষী কৈকেয়ীক দুটি বৰ দিবলৈ প্ৰতিজ্ঞাবদ্ধ আছিল। ৰাম ৰাজ্যাভিষেকৰ কাল উপস্থিত হলে ৰাণীয়ে ঈৰ্ষাবশে স্বীয় তনয় ভৰতৰ ৰাজপদ লাভাৰ্থে ছেগ বুজি ৰজাৰ ওচৰত সেই পূৰ্ব্ব প্ৰতিশ্ৰুত বৰদ্বয় প্ৰাৰ্থনা কৰে। প্ৰথম বৰত শ্ৰীৰামচন্দ্ৰৰ পৰিবৰ্ত্তে ভৰতক যুৱৰাজ পদত অভিষেক আৰু দ্বিতীয় বৰত শ্ৰীৰামচন্দ্ৰক চৈধ্য বৰ্ষলৈ বনবাস প্ৰদান। বাঞ্ছানু, যায়ী কাৰ্য্য হয়। শ্ৰীৰামচন্দ্ৰ প্ৰিয়ানুজ লক্ষ্মণ আৰু প্ৰিয় পত্নী সাধ্বী সীতা সৈতে ৰাজ্য এৰি বনাভিমুখে যাত্ৰা কৰে। মহাৰাজ দশৰথ প্ৰিয় পুত্ৰৰ বিৰহ শোকত অভিভুত হৈ অলতে প্ৰাণ পৰিত্যাগ কৰে। ভৰত, অনুজ শত্ৰুঘ্ন সৈতে মতুল ৰাজ্য দেৱগিৰিত অবস্থান হেতু কুলগুৰু বশিষ্ঠাদেশত ৰজাৰ মৃত শৱ সৎকাৰাৰ্থে ঘৃত কুম্ভত নিমজ্জিত ৰাখি কোৱঁৰক আনিবলৈ উপযুক্ত দূত কেকয় ৰাজালৈ পঠাৱো হয়। যথাসময়ত দূত সৈতে ৰাজপুত্ৰ অযোধ্যা পালে যি যি ঘটনা ঘটে সকলো তলৰ কবিতাত বিবৃত কৰা হল :- ]

দিনশেষে দিবাকৰ পালে অস্তাচল,
দু'য়া ভায়ে অযোধ্যাত উপস্থিত হল।
কান্দিছে সকলো প্ৰজা ৰামৰ শোকতে,
ভাৰত ফুলনি আজি আন্ধাৰ দিনতে।