পৃষ্ঠা:পদ্যাৱলী.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পদ্যাৱলী।

সময়।
( ১ )

হীৰা মণি, মৰকত, হেৰালে এবাৰ,
পৰিশ্ৰম কৰিলেই পায় পুনুবাৰ।
অমূল্য সময় কিন্তু নিলে অবাৱত,
নাপায় ঘূৰাই তাক এই জীৱনত।

( ২ )

নদী আৰু কাল-গতি তুলনা সমান।
একে দৰে কৰে ঠিক দুটায়ে পয়াণ।
লাহে লাহে মৌন ভাবে সৰ্ব্বদাই বয়,
ধনত বা প্ৰাৰ্থনাত অলপো নৰয়।
গলে ঘূৰি পিছফালে, নাচায় দুনাই,
অগাধ সাগৰ-বুকু দুয়োটাৰে ঠাই।

( ৩ )

যদিও দুয়োকে আমি দেখোঁ সমৰূপ,
চিন্তাশীল জনে তাক দেখে ভিন্নৰূপ।
সুজলা প্ৰদেশ মানে সুফলা সদায়,
সুখেতে মানুহে তাত জীৱন নিয়ায়।