পৃষ্ঠা:পদ্যাৱলী.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
পদ্যাৱলী।

( ২ )


আন যত পখী,  নিজ বাঁহ এৰি,
 গছৰ ডালত পৰি,
যেয়ে যেনি পালে,  সেয়ে তেনি গল,
 বিভুগুণ গান কৰি।

(৩)


শীতল বতাহে, জগত জুৰালে,
 বলি ৰিৱ ৰিৱ কৈ,
নাই দুখ-শোক, জীৱ হৰ্ষ মুখ,
 নতুন পৰাণ লৈ।

(8)


লাহে লাহে শুধ্‌, ৰূপালী ৰঙত,
 পৰি সোণোৱালী ৰেখা,
দেখুৱালে বিশ্বে, চকু পচাৰতে,
 অদভুত চিত্ৰ-লেখা।

(৫)


ঘূৰিছে চকৰি, অতি সুনিয়মে,
 নাই জিৰণিৰ কাল,
অহা বা আহিছে,  যোৱা গৈয়ে আছে,
 যেন দিয়ে সৱে পাল।