পৃষ্ঠা:পদ্যাৱলী.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
পদ্যাৱলী

প্ৰতি ধৰ্ম্ম মন্দিৰতে উচ্চাৰিত হয়,
ৰাখা নিৰাপদে জীৱে “হে মঙ্গলময়!
তোমাৰে বিধানে সৃষ্টি এই গধূলিৰ
জগতৰ জীৱে দিব শান্তিসুখ নীৰ।
যদিও সুখৰ এই নিৰূপিত কাল,
লগে লগে তাৰ হলে আছে আহুকাল।
মিলন-বিৰহ দুটা নিয়তি-নিয়ম
সম্পদ আপদ দুয়ো জগতৰ ক্ৰম।
সুকাজত বিঘ্ন বেছি ঘটে দিনে ৰাতি,
শান্তিৰ মাজত পৰে অশান্তিৰ চাটি।
নিৰাপদ জগজীৱ তযু শাসনত
তুমিয়ে জুৰণি দিয়া তাপিত প্ৰাণত।
বিপদে সম্পদে তুমি জীৱৰ সহায়
তুমি অবিহনে জীৱ জড়ভাৱ পায়।
দয়াৰ্ণৱ! ৰাখি এই দয়া বাৰে বাৰ
শান্তিতে গধূলি যেন নিয়া সবাকাৰ।”