পৃষ্ঠা:পদ্যাৱলী.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
পদ্যাৱলী।

হে ভৰত! ভয় আৰু নাই পাছলৈ,
নিৰাপদে সুখে এবে ৰাজ্য কৰাগৈ।
কাঢ়ি ললে কাৰ ধন, কাৰ বা সুন্দৰী,
সি কাৰণে পুত্ৰ মোৰ হয় দেশান্তৰী!
পাপীনীকো আঁতৰাই গুছোৱা কাঁইট,
পঠোৱা তুৰন্তে মোকো ৰামৰ গুৰিত।
দুখভাগীহৈ মই নিবিচাৰো সুখ;
নিৰ্ভাৱেৰে ভৰত সম্ভোগা ৰাজ্যসুখ।”
কাতৰ ভৰত অতি কৌশল্যা বাক্যত।
‘ৰাম দাস’ আই! মোক জান স্বৰূপত।
মোৰ মতে যদি ভাই গৈছে অৰণ্যত,
কৰিলোঁ শপথ ধৰি তযু চৰণত।
“ৰাজা যদি প্ৰজা পীড়ে নকৰে পালন,
নিশ্চয় নিশ্চয়, হয় সি পাপ ভাজন।
প্ৰজা হৈ ৰাজ-দ্ৰোহ কৰে যদি লোকে,
সি পাপত পাপী হৈ ডুবিম নৰকে।
বিদ্যা পাই গুৰুক যি নকৰে পূজন,
কৰ্ম্ম কৰি দক্ষিণা নিদিয়ে যিটোজন।
নিজক বখানে আৰু পৰনিন্দা কৰে,
সিজিব সি মহাপাপ, মোৰ শিৰোপৰে।
স্থাপ্যধন হৰণত যি ঘটে পাতক,
সি পাপত পাপী হৈ ভূঞ্জিম নৰক।