পৃষ্ঠা:পদ্যাৱলী.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
পদ্যাৱলী।

( ৬ )


 “সাগৰ উত্তৰি চোৱা ডিউক উইল্যাম্
সঙ্গে কৰি অগণন,  সুনিপুণ বীৰগণ,
 আহিছে পৰাজি মোক কৰি ঘোৰ ৰণ,
 লভিব উৎসাহে ইংলণ্ডৰ সিংহাসন।”

( ৭ )


 “আহক আহিছে তাত নাই কোনো ভয়;
আক্ৰমোক আমাসবে,  যুজোক বিজয় ৰবে,
 নহবা চঞ্চলমতি ভাবি পৰাজয়,
 এয়ে অনুৰোধ মোৰ, শুনা বীৰচয়।”

( ৮ )


 “নৰ্ম্মাণৰ অশ্বাৰোহী সাহীয়ালবৰ,
যাতে এই সৈন্যদল,  নাপায় সুবিধা বল,
 ইহেতু প্ৰাণান্তে নেৰি পাৰ্ব্বতীয় থল,
 থাকিবা নিশ্চলভাবে, দেখিবা সুফল।”

( ৯ )


 ইংৰাজ সেনানী সবে ৰাজোৎসাহ পাই,
খাকি শান্ত ভাব ধৰি,  সুযোগ অপেক্ষা কৰি,
 হাতত পৰশু লৈ ভাগ্যক ধিয়াই,
 গালে যুদ্ধ জয় গীত টেল্‌হাম্‌ কঁপাই।