পৃষ্ঠা:পদ্যাৱলী.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
পদ্যাৱলী।
(২)

শুভাশুভ চিন্, অনুসৰি মোৰ,
 আতি বিয়াকুল চিত;
নকৰা চৰণ- দাসীক অনাথ,
 ভাবি আত্মপৰ হিত।

(৩)

গত শেষ নিশা, দেখিলোঁ সপোন,
 যেন তুমি প্ৰাণপতি!
কোনো এক ৰাজ- তনয়ৰ বাণে,
 লভিছা অনন্ত গতি।

(8)

কিষ্কিন্ধ্যাৰ ৰাজ, সিংহাসনোপৰি,
 অতি হৰষিত হৈ,
বহিছে সুগ্ৰীৱ, মহাৰাজাৰূপে,
 ৰাজ-দণ্ড হাতে লৈ।

(৫)

চকুৰ আগতে, দেখো অলক্ষণ,
 বিনা মেঘে বজ্ৰপাত,
ঘনে ভূমিকম্প, ৰথ-ধ্বজ ভঙ্গ,
 ঘনে ঘনে উল্কাপাত।