পৃষ্ঠা:পদ্যাৱলী.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
পদ্যাৱলী।


বকৰূপে সৰোবৰ মাজত অৱস্থান কৰে। হল হেতু পাণ্ডব-ভ্ৰাতৃচতুষ্টয় আৰু সাধ্বী দ্ৰৌপদী এজনৰ পাছত আনজনকৈ সৰোবলৈ যায়, কিন্তু মায়াবী বকবক্য় অহেলা কৰি পানী স্পৰ্শ মত্ৰে প্ৰাণ এৰি সৰোবৰ পানীত ওপওি থাকে। কাৰণ প্ৰত্য়াগমন নেদেখি অবশেষত স্বয়ং মহাৰাজ যুধিষ্ঠৰ সিবিলাকৰ উদ্দেশে বাট লয় আৰু সৰোবৰ তীত গৈ ঘটনা দেখি শোকাৰ্ত্ত হৃদৰে বিলাপ কৰি নিজেও সেই পানীত আত্মহত্যা কৰিব যোৱাত যেনে ঘটিছিল, তলৰ কবিতাত তাক বিবৃত কৰা হৈছে :-]

( ১ )
“নাই প্ৰয়োজন আৰু জীৱনত মোৰ,
গুছাওঁ পৰাণ ত্যজি ই-শোক দুৰ্ঘোৰ।”
এই বুলি নৰৰায়, সৰোবৰ কাষ পাই,
নামিব পানীত, ঠিক এনে সময়তে,
বকৰূপী ধৰ্ম্মে মাত লগালে পাছতে।
( ২ )
“ধৈৰ্য্য ধৰা নব-পতি,  কিয় বিয়াকূল মতি,
অসাৰ সংসাৰ মাজে সাৰ মাথোঁ ধৰ্ম্ম,
তাক এৰি কিয় তুমি কৰিবা অধৰ্ম্ম?”
( ৩ )
“আই, বোপা, ককা’, ভাই, বাই, ভনী, বন্ধুচয়,
সংসাৰত কোনো কাৰো নোহে অপোনাৰ,
প্ৰকৃত শাস্ত্ৰৰ কথা জানা এয়ে সাৰ।”
( 8 )
“তুমি ছয় ৰিপুজিত,  শাস্ত্ৰাদিত সুপণ্ডিত,
নেদেখোঁ তোমাৰ তুল্য জ্ঞানী পৃথিৱীত,
কিন্তু এবে দেখোঁ কিয় তাৰ বিপৰীত?”