পৃষ্ঠা:পদ্যাৱলী.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
পদ্যাৱলী।


 তাৰ প্ৰাণ অৰ্থে যদি কৰা অভিলাষ,
 সাধা মোত শীঘ্ৰ পূৰ হক মন-আশ।
 ( ২৬ )
 “পৰ ভাই নোহে মোৰ, বিমাতৃ-তনয়,
ভীম, পাৰ্থ মহামতি,  যদিও বিখ্যাত অতি,
 সি সবাৰো শ্ৰেষ্ঠ-ভাবোঁ, মাদ্ৰী-সুতদ্বয়।
 বৰ চেনেহৰ ধন, জীৱনতো সাৰ,
 দুয়ো অবিহনে আজি জগত আন্ধাৰ।”
 ( ২৭ )
 “কৃপা কৰা দয়ানাথ! দয়া পাৰাবাৰ,
দিয়া সহদেৱ-প্ৰাণ,  ৰাখা ধৰ্ম্ম সনাতন,
 নহলে মৰণে সাৰ এই অভাগাৰ;
 নকৰিবা পিণ্ডলোপ কৰিছোঁ বিনয়,
 নহলে পৰম ধৰ্ম্ম সমূলে বিলয়।”
 ( ২৮ )
 বকৰূপী ধৰ্ম্মে যুধিষ্ঠিৰ কথা জানি,
অতি হষিত হৈ,  পুত্ৰক কোলাত লৈ,
 কবলৈ ধৰিলে এই সুমধুৰ বাণী;
 তোমাৰ ধৰ্ম্মৰ তত্ত্ব লবৰ কাৰণে,
 পাতিছিলোঁ মায়াজাল এই মহাবনে।”