পৃষ্ঠা:পদ্যাৱলী.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
পদ্যাৱলী।

ইকাৰণে মোৰ, এই জৰা ঘোৰ
 লৈ তুমি বাছাধন,
তোমাৰ যৌৱন ,কৰি অৰপণ,
 তোষা জনকৰ মন।
বৰিষ হাজাৰ, হৈ গলে পাৰ,
 ই যৌৱন পুনৰায়,
শুক্ৰৰ বাক্যত, ঠিক সময়ত,
 পাবা তুমি ওভতাই।”

(২)


পিতৃ বাক্য শুনি ‘যদু’ অতুষ্টি ভাবেৰে,
 যোৰ হাত কৰি নিবেদিলে;—
“জৰাসম দুখ পিতা! নাই সংসাৰত,
 জৰাত কেৱল দুখ মিলে।”

(৩)


“কি কম জৰাৰ কথা!  জানে সকলোৱে,
 খাব, লব, শকতি নাথাকে,
হাৰ, ছাল, তেজ, মাংস,  তেনেয়ে শুকায়,
 ইতিকিং কৰে সব লোকে।”

(8)


“এনে দুখময় জৰা, এই জীৱনত,
 নোৱাৰিম কৰিব গ্ৰহণ,
আন চাৰি সুতে তযু, দিওক আদেশ,
 ইয়াকে খাটিছোঁ হে ৰাজন্।