পৃষ্ঠা:পদ্যাৱলী.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
পদ্যাৱলী।

“ভকত বৎসল ৰাম ধৰ্ম্মত তৎপৰ,
জনক-জননী-প্ৰাণ গুণৰ সাগৰ।
ৰাম ৰাজা হলে হয় সবাৰ কৌতুক,
ৰাম-ৰাজ্য শাসনত সবে পায় সুখ।
কালি ৰাম হব ৰজা আজি অধিবাস,
এনে সময়তে ৰাজা দিলে বনবাস।
তোমাক ৰাজত্ব দি ৰাম গলে বন,
‘হা ৰাম’ বুলি ৰাজা ত্যজিলে জীৱন।
মাতৃঋণ পুত্ৰে বাছা সুজিব নোৱাৰে,
ৰাজছত্ৰ কাঢ়ি দিলে তোমাৰ ওপৰে।
সুখে ৰাজ্য কৰা বহি ৰাজ আসনত,
ৰাজলক্ষ্মী আছে বাছা! তোমাৰ ভাগ্যত।
হোমত অহুতি দিলে যেনেকে জ্বলে,
সিদৰে খঙতে বীৰ কবলৈ ধৰিলে;
“নিজ গুণ বেকত কৰিছা নিজ মুখে,
আপুনি মজিলা তুমি দুৰ্ঘোৰ নৰকে।
ৰাজকুলে ওপজি শুনিলা কাৰ ঠাই,
জ্যেষ্ঠ স্বত্ত্বে কনিষ্ঠ জনেহে ৰাজ্য পায়।
ৰামৰ শোকত ৰাজা ত্যজিলে জীৱন,
তুমি কিয় শ্ৰীৰামক পঠিয়ালা বন?”
জ্বলিছে ভৰত দীপ্ত অগনিৰ প্ৰায়,
দেখি দেবী ভয়ে গুছি গল আন ঠাই।