পৃষ্ঠা:পদ্যাৱলী.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
পদ্যাৱলী।

সুধাকৰো সুধা-কৰ কৰি বিতৰণ,
তুষিলে যতনে প্ৰিয়া কুমুদিনী-মন।
বৰষুণ বতাহৰ ভয় আৰু নাই,
বাট ঘাট সুখকৰ বোকাহীন ঠাই।
আনন্দিত জীৱ, বিশ্ব নিতাল গহীন,
গালে পৰমেশ গুণ শৰতৰ বীণ!
ফলিল গছত নানা শাৰদীয় ফল,
থলৰো পদুম হল থলতে মুকল।
সৰ-সৰোজিনী, লভি নতুন জীৱন,
প্ৰিয় পতি সূৰুযক কৰে সম্ভাষণ।
ভোমোৰা মউৰ লোভে ফুলনিত গৈ,
গুণ্‌ গুণ্‌ ৰৱে উৰি ফুল-মৌ লৈ;
দেখুৱাই জগতক সুন্দৰ ভাৱেৰে,
অনিত্য প্ৰেমৰ লীলা সোণৰ আখৰে।
লাহে লাহে দেবী পূজা হল উপগত,
চোৱাছোঁ কি ঋতু দেখা দিলে জগতত।
বাজে নানা পূজা বাদ্য সুমধুৰ ৰৱে,
গায়ক গায়িকা গীত শুনে সকলোৱে।
কিন্তু হায়! বন পখী সুললিত গান,
শুনিলে যিমানে হওঁ হৰষিত প্ৰাণ!
মানুষিক নৃত্য-গীত, দেখি আৰু শুনি,
সুখ আশে দুখ ভুগি মৰোঁ শেষে গুণি।