পৃষ্ঠা:পদ্যাৱলী.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লভি ই-বাঞ্ছিত ফল নহুষ নন্দন,
অনুক্ষণ কৰে ধৰ্ম্ম নাযায় বৰ্ণন!
সন্তুষ্ট কৰিলে যজ্ঞহোমে দেৱগণে,
শ্ৰাদ্ধাদি তৰ্পণে তৃপ্তি দিলে পিতৃগণে।
সুশাসনে প্ৰজা সবে দিলে সুখ নানা,
দানত পূৰালে দ্বিজ-দৰিদ্ৰ-কামনা।
ভুগিলে ইদৰে সুখে হাজাৰ বছৰ,
প্ৰতাপত দুষ্ট শূন্য ৰাজ্যৰ ভিতৰ।

( ১৫ )

কাল শেষে নৰপতি,  অতি হৰষিত মতি,
 বুলিলেক তনয়ৰ প্ৰতি;⸺
“শুনা প্ৰাণ-প্ৰিয়-সুত!  সুজনৰ মনঃপূত,
 লভিলো যথেষ্ট তিৰিপিতি!

( ১৬ )

“সমাধি পুত্ৰৰ কৰ্ম্ম,  সাঁচিলা অক্ষয় ধৰ্ম্ম,
 সু-খ্যাতি থাকিল বসুধাত,
জৰা মোক কৰা দান,  লোৱা বাছা! সুযৌৱন,
 অৰ্পিম তোমাক ৰাজ-পাট।”

( ১৭ )

এই বুলি নৰৰায়, অতি উল্লাসিত হৈ,
 আপোনাৰ ৰাজ্যৰ ভিতৰ,
পুৰু-অভিষেক বাণী,  ঘুষিলেক নৰমণি,
 পাত্ৰ-মিত্ৰ সবাৰো গোচৰ।